ৰনি স্ক্ৰুৱালাৰ পৰা ন-উদ্যোগীয়ে শিকিবলগীয়া কথা

ৰনি স্ক্ৰুৱালাৰ পৰা ন-উদ্যোগীয়ে শিকিবলগীয়া কথা

Sunday January 03, 2016,

6 min Read

ধৰক আপুনি ২৪টা বছৰে এটা কোম্পানীত কাম কৰাৰ পিছত সেই কোম্পানীটো এৰিলে। তাৰ পাছত আপুনি কি কৰিব ? নিশ্চয় কিছুদিন জিৰণী ল'ব। বেছিভাগ মানুহে তাকেই কৰিব । কিন্তু ৰনি স্ক্ৰুৱালা সেই বেছিভাগ মানুহৰ ভিতৰত নপৰে।

image



UTVৰ প্ৰতিষ্ঠাতা ৰনিয়ে ২০১৪চনত তাৰ পৰা অব্যাহতি লৈ এতিয়া আৰু বেছিহে ব্যস্ত হৈ পৰিছে। এটা ষ্টাৰ্ট আপ আৰম্ভ কৰাৰ উপৰিও এতিয়া তেওঁ এজন বিনিয়োগকাৰী। পত্নীৰ জেৰিণাৰ সৈতে মিলি প্ৰ'-কাবাড্ডি লীগৰ এটা দল ক্ৰয় কৰিছে তেওঁ। তদুপৰি তেওঁ এটা লোকহিতৈষী ফাউণ্ডেশ্বনৰ প্ৰতিস্থাও কৰিছে। লগতে তেওঁ এইবছৰৰ আৰম্ভণীতে লিখক হিচাপে নিজৰ পৰিচয় দিছে Dream with Your Eyes Open: An Entrepreneurial Journey শীৰ্ষক গ্ৰন্থখনেৰে। UTV, Vijay TV, আৰু Hungama প্ৰতিষ্ঠা আৰু তিনিটা দশক তাৰ পৰিচালনা কৰাৰ পাছত অব্যাহতি লৈ তেওঁ এইসমুহ কামত নিজকে নিয়োজিত কৰিছে।

“জিৰণী বা বিৰতি ল'বৰ বাবে মই মিডিয়া আৰু মনোৰঞ্জন জগতখনৰ বাহিৰলৈ ওলাই যোৱা নাছিলো। মই ওলাই গৈছো সেই সময়ৰ এক সঠিক পৰিকল্পনা আগত ৰাখিহে। ,”ৰণিয়ে কয়। তেওঁ লগতে কয় যে তেওঁ যিয়েই কৰিব সেই কৰ্মই এক গভীৰ সাঁচ পেলাবলৈ সক্ষম যে হব সেই কথা তেওঁ নিশ্চিতভাবেই জানিছিল। “তাৰ অৰ্থ নিশ্চয় এয়ে হ'ব যে মই যিয়েই কৰো সেয়া যথেষ্ট পৰিশ্ৰমেৰে কৰিব লাগিব কাৰণ মই শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। ”

হাৰ নামানিব

১৯৮০চনৰ আগছোৱাৰ কথা। উদ্যোগশীলতা সেই সময়ত আজিৰ দৰে সহজ বা আদৰণীয় কাৰ্য নাছিল । কোনেও ষ্টাৰ্ট আপ শব্দটো ব্যৱহাৰেই কৰা নাছিল। ৰনিয়ে তেতিয়াই নিজাকৈ কিবা কৰিবলৈ ওলাইছিল। সেই সময়ত কেৱল দুৰদৰ্শন হে আছিল আৰু সেই ৰাষ্ট্ৰীয় চেনেলটোৰো অনুস্থানৰ বাবে মাত্ৰ কেইটামান ঘন্টাহে আছিল। তেওঁ মুম্বাইৰ কেইঘৰমান মানুহৰ ঘৰত সেৱা আগবঢ়াব পৰাকৈ এটা কেবল টিভি নেটৱৰ্ক আৰম্ভ কৰিছিল। “এই কামটো এটা অতি সুন্দৰ কাম আছিল। কিন্তু প্ৰায় এবছৰলৈ এই সেৱা লোৱা কোনো মানুহ ওলোৱা নাছিল। মই প্ৰথমটো বৰ্ষত এজন উদ্যোগী হিচাপে কেইবাহাজাৰো দুৱাৰ টুকুৰিয়াব লগীয়া হৈছিল। তেওঁলোকক সেই সেৱাৰ প্ৰদৰ্শন কৰিব লগীয়া হৈছিল, ” ৰনিয়ে কয়।

তেতিয়াই তেওঁ এটা শিক্ষা লাভ কৰিছিল যে “নিজৰ পৰিকল্পনাত বিশ্বাস ৰাখা”। আজিৰ উদ্যোগীৰ বাবে এইটো এটা অতি প্ৰাসংগিক কথা। “যেতিয়া আপোনাৰ ব্যৱসায়ৰ সেৱা কোনো এজন মানুহেই গ্ৰহণ কৰিবলৈ আগ্ৰহী নহব, তেতিয়া সেই কথা অতিকৈ হতাশাজনক হয়। ,”সেই সময়ৰ ২০বছৰীয়া যুৱক ৰনিয়ে কয়। কিন্তু ৰনিয়ে নতুন নতুন চিন্তা ফলপ্ৰসু কৰি কৰি সেই ব্যৱসায়তেই নিজকে জড়িত কৰি ৰাখিছিল। কামটো বন্ধ কৰি দিয়াৰ পৰিৱৰ্তে তেওঁ তেওঁৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰিবলৈ কেবল সেৱা হোটেলসমুহলৈ আগবঢ়ালে।

“মই ভাবোঁ সেইধৰণৰ পদক্ষেপে যথেষ্ট পাৰ্থক্য আনি দিয়ে ব্যৱসায়টোত। আজি বহুজনে ব্যৱসায় আৰম্ভ কৰাৰ প্ৰথম তিনিমাহতে কোনো ফল নাপালে বা কোনো বিনিয়োগকাৰী নাপালে নিজৰ পৰিকল্পনা আৰু পদক্ষেপটোৰ ওপৰতে সন্দেহ কৰিবলৈ আৰম্ভ কৰে। হয়তো নিজৰ পৰিকল্পনাত বিশ্বাস ৰাখক নহলে বাদ দিয়ক,” ৰনিৰ ভাষ্য।

নিজৰ কেবল টিভি নেটৱৰ্ক আৰম্ভ কৰা অভিজ্ঞতাই ৰণিক UTV প্ৰতিস্থাৰ বাবে এটা ভাল ভেটি গঢ়ি দিছিল। এই মিডিয়া হাউচটোৱে টিভিৰ অনুস্থান, ক্ৰিড়া অনুস্থান, চেনেলৰ সম্পচাৰ আদি কৰাৰ লগতে বহুবছৰ ধৰি এটা ফিল্ম ষ্টুডিঅৰো ব্যৱস্থা কৰিছিল।


image


এৰি পেলোৱাৰ চিন্তা মনত ৰাখি ষ্টাৰ্ট আপ নকৰিব।

UTVএ অতিক্ৰম কৰিছে এক সাফল্যমণ্ডিত যাত্ৰা। আন আন মিডিয়া সংস্থাৰ বাবে অনুস্থান নিৰ্মাণ কৰাৰ পৰা বিভিন্ন চেনেলৰ সম্প্ৰচাৰ স্বত্ব লাভ কৰাৰ লগতে যোধা-আকবৰ, এ ৱেডনেছদে, দেলহি বেলি আৰু ন' ৱান কিলড জেছিকাৰ দৰে কেইবাখনো ব্লকবাষ্টাৰ চিনেমা নিৰ্মাণেই এই সফলতা । ২০১২চনত Disneyয়ে ক্ৰয় কৰাৰ দুবছৰ পিছলৈকে ৰনি আছিল সংস্থাটোৰ পৰিচালন সঞ্চালক। তেওঁ কিন্তু কেতিয়াও তাৰ পৰা ওলাই অহাৰ পৰিকল্পনা কৰা নাছিল। “মই ভাবোঁ, বহুতেই ভাবে যে এদিন হঠাত তেওঁ ৰাতিপুৱা সাৰ পাব আৰু অনুভৱ কৰিব যে তেওঁৰ কাম কৰা হৈ গল আৰু এতিয়া তেওঁ সেই কাম ত্যাগ কৰা উচিত। কিন্তু প্ৰকৃততে সেয়া নহয়গৈ,” ৰণিয়ে কয়। “যিমানেই মই সেই কথাটো ভাবিছিলো (ডিজনীৰ পৰা ইউটিভিক পুনৰ ক্ৰয় কৰা কথা) , সিমানেই সেই কথাটো কোম্পানীৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। কোম্পানীটোৰ প্ৰতিজন সদস্যৰ বাবে ই গুৰুত্বপূৰ্ণ আছিল, কাৰণ ইয়ে তেওঁলোকক এঢাপ ওপৰলৈ লৈ যাব। ”

ৰনিয়ে নিজকে এজন ধাৰাবাহিক উদ্যোগী বুলি পৰিচয় দিব নোখোজাৰ এইটোও এটা কাৰণ। মোৰ মতে ধাৰাবাহিক মানে পূৰ্ব নিৰ্ধাৰিত, আৰু সেয়া মোৰ বাবে এটা ভুল। ৰনিয়ে কয়। তেওঁৰ মতে কৰ্মত্যাগৰ মানসিকতাৰে কোনো উদ্যোগীয়ে উদ্যোগ আৰম্ভ কৰিব নালাগে। “ কোনো পৰিকল্পনাৰ বাবে এই কৰ্মত্যাগ কাৰ্য সম্পন্ন নহয়, বৰং এইকাম সেইবাবেই সম্ভৱ হয় কাৰণ আপুনি বিচৰা কিবা এটা সম্পন্ন হৈ উঠিল; আপোনাৰ এটা খোলা মন আছে ।”

দ্বিতীয় ইনিংছ

যিহেতু তেওঁ ষ্টাৰ্ট আপৰ সৈতে জড়িত হৈয়েই থাকিব বিচাৰে, সেইবাবেই ডিজনীয়ে UTVৰ স্বত্ব ক্ৰয় কৰাৰ পিছত Unilazer আৰম্ভ কৰিলে। কিন্তু কেৱল এজন বিনিয়োগকাৰী হোৱাটোৱেই তেওঁৰ উদ্দেশ্য নাছিল। পুনৰ ষ্টাৰ্ট আপ কৰাতো বিকল্প হে আছিল। এইবাৰ তেওঁ বিভিন্ন দিশত মনোনিবেশ কৰিব পৰাকৈ নিজকে এজন সহ প্ৰতিস্থাপক হিচাপে গঢ়ি তুলিলে। তেওঁৰ অনলাইন শিক্ষা সেৱা হৈছে UpGrad, যিয়ে কৰ্মৰত ব্যক্তিসকলক উচ্চশিক্ষা লাভত সহায় কৰে আৰু উদ্যোগশীলতাৰ ওপৰত ১৫সপ্তাহৰ এক প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰে। তেওঁৰ Arre, নামৰ ডিজিটেল মিডিয়া সংস্থাটোৱে কল্প আৰু বাস্তৱ কাহিনী নিৰ্মাণ কৰিব। তেওঁ এই দুয়োটা ক্ষেত্ৰতে বজাৰ দখল কৰিবলৈ আশাবাদী। তেওঁৰ আন এক ষ্টাৰ্ট আপ হৈছে কাবাদী,ফুটবল আৰু মটৰ স্প'ৰ্টছৰ মাৰ্কেটিঙৰ বাবে গঢ় দিয়া Unilazer Sports, ইয়াৰ মাধ্যমেৰেই ৰনিয়ে প্ৰ'-কাবাড্ডি দল U Mumba ক্ৰয় কৰাৰ উপৰিও ফুটবলৰ প্ৰশিক্ষণৰ বাবে U Dream Football গঢ় দিছে। তদুপৰি ২০১৬চনত মটৰস্প'ৰ্টছৰ বাবে U Moto 250 আৰম্ভ কৰাৰ কথা ভাবিছে।

তেওঁ বিনিয়োগ কৰা আৰম্ভ কৰাৰ লগে লগেই বহুতো যুৱ উদ্যোগীৰ সৈতে হোৱা কথা বতৰাৰ পৰা সঞ্চিত অভিজ্ঞতাৰে এখন গ্ৰন্থ লিখাৰ প্ৰেৰণাও পালে। তেওঁ অনুভৱ কৰিলে যে উদ্যোগশীলতাৰ ক্ষেত্ৰত থকা ভুল ধাৰণাসমুহ সেই ১৯৮০ চনৰ পৰা এতি.য়ালৈ মানুহৰ মনত একেই আছে। “মানুহে কৈছিল,ৰনিয়ে কেতিয়াও চাকৰি নাপায়, সেয়ে তেওঁ উদ্যোগী হৈ পৰিল। কিন্তু সেই কথা সত্য নহয়। সেই ধাৰণা কিন্তু এতিয়াও বৰ্তি আছে,” ৰণিয়ে কয়। তেওঁ আশা কৰে তেওঁৰ কিতাপখনে আৰু যুৱ উদ্যোগীসকলৰ সৈতে তেওঁৰ বাৰ্তালাপৰ কিয়দংশই নতুন উদ্যোগীসকলক উদ্যোগশীলতাৰ প্ৰতি আগ্ৰহী হোৱাত সহায় কৰিব। “কিহৰ বাবে ১.৩ বিলিয়ন লোকৰ মাজত ১০,০০০জন হে উদ্যোগী ? আমি অনাগত ৫বছৰত ১০ মিলিয়ন উদ্যোগী উলিয়াব পাৰিলেহে কিবা প্ৰভাৱ পৰিব। ” ৰনিয়ে কয়।

UpGradৰ সহ প্ৰতিস্থাপত ময়ংক কুমাৰৰ মতে তেওঁৰ দৰে নতুন উদ্যোগীয়ে ৰনিৰ পৰা শিকিবলগীয়া বহুত আছে। তেওঁ কয় যে তেওঁ ৰনিৰ পৰা তাৎক্ষণিক সিদ্ধান্তৰে সমস্যা সমাধান কৰি দুৰদৰ্শী চিন্তা কিদৰে কৰিব পাৰি তাকে শিকিছে। “ আন এক শিক্ষা হৈছে ব্ৰেণ্ড নিৰ্মাণৰ গুৰুত্ব। তদুপৰি খেলিমেলি পৰিহাৰ কৰি ক্ষিপ্ৰ সিদ্ধান্ত কিদৰে লব লাগে। ,” Bertelsmann India Investmentsৰ পূৰ্বৰ ভিপি ময়ংকে কয়।

বৰ্তমান নিজৰ দ্বিতীয় ইনিংছত সুখী ৰণিয়ে কৰ পৰা এই প্ৰেৰণা পালে বা কিহে তেওঁক উৎসাহী কৰি তুলিলে ? তেওঁৰ মতে কিবা এটা প্ৰভাৱশালী কাম কৰাৰ মানসিকতাটোৱেই তেওঁক অহৰহ অনুপ্ৰেৰণা যোগাই থাকে। “মই এনেকুৱা এটা নিচাৰ অধিকাৰী যিটো পৰৱৰ্তী সময়ত মোৰ পেছা হৈ পৰিল। আজি মই এনেকুৱা এটা স্থিতিত উপনীত হৈছো যিটোৱে মোক মোৰ ইচ্ছা মতে কাম কৰিবলৈ আৰু নকৰিবলৈ সুবিধা কৰি দিছে ,” ৰণিয়ে কয়।

প্ৰতিস্থাতাসকললৈ ৰণিৰ পৰামৰ্শ

• বিনিয়োগ লাভ কৰাটোৱেই কেতিয়াও শেষ লক্ষ্য হব নোৱাৰে। আপোনাৰ সামৰ্থ্যৰ বিপৰীতে গৈ বিনিয়োগ লাভৰ বাবে কোনো কাম নকৰিব।

• নিজৰ চিন্তা বা পৰিকল্পনাত অটল থাকক। সময় লওঁক আৰু উদ্ভাৱনী চিন্তাৰে আগবাঢ়ক।

• আৰম্ভণীৰে পৰা ডাঙৰ চিন্তা কৰক আৰু সঠিক দিশত আগবাঢ়ক।

• সামান্যৰেই অধিক কৰিবলৈ শিকক।

• গ্ৰাহকৰ মনটো বুজিবলৈ যত্ন কৰক।

• ষ্টাৰ্ট আপ কৰোতে কেতিয়াও পৰিত্যাগৰ কথা নাভাবিব। নিজকে গঢ়ি তোলক।

মূল- ৰাধিকা পি. নায়াৰ

অনুবাদ-- প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান