পৈতৃক সম্পত্তি ৰূপে লাভ কৰা সোণৰ বিপৰীতে কৰ আৰোপৰ আশংকা সম্পূৰ্ণ ভিত্তিহীন: চৰকাৰ

পৈতৃক সম্পত্তি ৰূপে লাভ কৰা সোণৰ বিপৰীতে কৰ আৰোপৰ আশংকা সম্পূৰ্ণ ভিত্তিহীন: চৰকাৰ

Saturday December 03, 2016,

2 min Read

লোকসভা আৰু ৰাজ্যসভাত কৰ আইন(দ্বিতীয় সংশোধনী) বিধেয়ক, ২০১৬ৰ গৃহীত আৰু ইয়াৰ অধীনত কোনো লোকে পৈতৃক সুত্ৰে লাভ কৰা সোণৰ আ-অলংকাৰত ৭৫% আৰু ইয়াৰ বাবদ জৰিমনা হিচাপে ১০% কৰ প্ৰদান কৰিব লাগিব বুলি প্ৰচাৰ হোৱা কথাটো সম্পূৰ্ণ ভিত্তিহীন বুলি স্পষ্ট কৰিছে চৰকাৰে ।

চৰকাৰে স্পষ্ট কৰি দিছে যে এনে আ-অলংকাৰৰ বিপৰীতে কোনোধৰণৰ কৰ আৰোপ কৰা সম্বন্ধীয় কোনো বিধেয়ক বৰ্তমানলৈকে উত্থাপন হোৱা নাই। বিধেয়কখনৰ অধীনত অসমৰ্থিত উৎসৰ জৰিয়তে আহৰণ কৰা আ-অলংকাৰ বা সম্পত্তিৰ বিপৰীতেহে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্পৰ্কে উল্লেখ আছে। আয়কৰ আইন, ১৯৬১ৰ ১১৫বিবিইৰ অধীনত পূৰ্বৰ ৩০% আৰু ৬০% কৰৰ হাৰকে বাহাল ৰাখিছে। ইতিমধ্যে উত্থাপিত বিধেয়কখনিত এই দফাৰ কোনো সংশোধন কৰাৰ সন্দৰ্ভত উল্লেখ নাই। কৰ ফাঁকি দিয়া সকলে তেওঁলোকৰৰ প্ৰকৃত আয়ৰ তথ্য গোপন কৰি ৰখা অসমৰ্থিত আয়ৰ ক্ষেত্ৰতহে আয়কৰ আইন, ১৯৬১ৰ ১১৫বিবিইৰ অধীনত কৰৰ হাৰ বৃদ্ধিৰ ব্যৱস্থা ৰখা গৈছে।

Image : Representational Image; Source – India Today

Image : Representational Image; Source – India Today


এই লগতে স্পষ্ট কৰি দিয়া হৈছে যে এই প্ৰস্তাৱিত ব্যৱস্থাৰ অধীনত কৃষিজনিত আয় অথবা ঘৰুৱা মজুত আৰু আইনগতভাৱে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা আ-অলংকাৰ/সোণ ক্ৰয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কোনো আৰোপ কৰা হোৱা নাই। এই ক্ষেত্ৰত কোনো অভিযান হ’লে প্ৰকৃত আয়ৰ জৰিয়তে আহৰিত আ-অলংকাৰ জব্দ কৰিব নোৱাৰিব, প্ৰতিগৰাকী বিবাহিতা মহিলাৰ ক্ষেত্ৰত ৫০০ গ্ৰামলৈকে সোণৰ অলংকাৰ ৰেহাই দিয়া হৈছে, অবিবাহিতা মহিলাৰ ক্ষেত্ৰত ২৫০ গ্ৰামলৈকে সোণৰ অলংকাৰ ৰেহাই দিয়া হৈছে আৰু প্ৰতি পৰিয়ালৰ পুৰুষৰ ক্ষেত্ৰত ১০০ গ্ৰাম পৰ্যন্ত সোণৰ অলংকাৰ ৰাখিব পাৰিব। তদুপৰি, বৈধ উপায়েৰে আহৰণ কৰা সকলো পৰিমাণৰ সোণৰ অলংকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব।

ওপৰোক্ত দিশৰ পৰা এইটো স্পষ্ট যে প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে কোনো পৰিয়ালে বৈধভাৱে আহৰণ কৰা সোণৰ আ-অলংকাৰৰ ক্ষেত্ৰত কৰা আৰোপৰ হাৰ বৃদ্ধি কৰা বুলি ওলোৱা এনে গুজৱৰ বিপৰীতে আশংকা কৰাৰ দৰকাৰ নাই আৰু এনে প্ৰচাৰ ভিত্তিহীন।

(সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ব্ৰহ্মপুত্ৰ বৰাক উত্তৰ-পূব নদী উন্নয়ন নিগম গঠনৰ প্ৰস্তুতি

২ ডিচেম্বৰ মাজনিশাৰ পৰা ৫০০ টকীয়া পুৰণি নোটক লৈ নতুন নিয়ম

কেৱল সৌৰশক্তিত চলা এখন গাওঁ

গুগল এলাৰ্টছৰ আঁৰৰ ব্যক্তি নাগা কাটাৰুৰ নতুন পেছা খেতি