জীৱনৰ প্ৰতিটো খোজত বিফলতাই গঢ় দিয়া এজন সফল উদ্যমী

জীৱনৰ প্ৰতিটো খোজত বিফলতাই গঢ় দিয়া এজন সফল উদ্যমী

Saturday May 14, 2016,

16 min Read

তেওঁৰ জীৱনত ইমানেই উত্থান-পতন আছে, যাক কল্পনাও কৰিব নোৱাৰি। ব্যৰ্থতাও আছে, কিছুমান সৰু, কিছুমান ডাঙৰ। ডাঙৰবোৰ এনেকুৱা যে বহু সোণালী সপোন এটা মুহূৰ্ততে ধ্বংস হৈ গৈছিল। কিন্তু, ব্যৰ্থতাৰ পৰা তেওঁ শিক্ষাও লৈছিল। ব্যৰ্থতাৰ এটা পাঠ তেওঁৰ বাবে এনে ধৰণৰ, যে ব্যৰ্থতাৰ অৰ্থ সেয়া নহয় যে চেষ্টা ব্যৰ্থ হৈছে, তাৰ এটা অৰ্থ এনেকুৱাও হ’ব পাৰে যে চেষ্টা এতিয়ালৈ সফল হোৱা নাই। ব্যৰ্থতাই তেওঁৰ দুৱাৰত যিমানেই টুকুৰিয়াইছে আৰু বহুবাৰ জীৱনত প্ৰৱেশো কৰিছে। কিন্তু যুঁজ আৰু কেতিয়া হাৰি নোযোৱাৰ অটুত বিশ্বাসে মন-মগজুক এনেদৰে পূৰাই ৰাখিছিল যে চেষ্টা স্তব্ধ হোৱা নাছিল। নিৰন্তৰে চলি থকা এনে চেষ্টাৰ বলতেই ব্যৰ্থতাই হাৰ মানি উভতি গৈছিল। উত্থান-পতন, সফলতা-বিফলতা, দুখ-সুখেৰে ভৰি পৰি তেওঁৰ জীৱনটো হৈ পৰিছে এটা সুন্দৰ কাহিনী।

image


এই কাহিনী যিজন ব্যক্তিৰ, তেওঁৰ নাম হৈছে ভূপতি ৰাজু, যিয়ে কোনো এক ক্ষণত ডাক্তৰ হোৱাৰ সপোন দেখিছিল, হয়তো হ’লহেঁতেন, কিন্তু তেওঁ যদিহে ডাক্তৰ হ’লহেঁতেন তেন্তে খাদ্য উদ্যোগে নতুন আৰু উদ্যমেৰে পৰিপূৰ্ণ উদ্যমী এজন নাপালেহেঁতেন। ভূপতি ৰাজুৰ জীৱনত যিমানেই ডাঙৰ সফলতা আছে, সিমানেই আচৰিত কৰি দিব পৰা মুহূৰ্তও আছে। সমস্যাৰে পৰিপূৰ্ণ সময়ে তেওঁক টুকুৰিয়াই চায়, আৰু প্ৰশ্ন কৰে তুমি এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিবানে? তেনে সময়ত তেওঁ এনে সিদ্ধান্ত গ্ৰহণ কৰে যে সফলতাই তেওঁৰ পদস্পৰ্শ কৰে।

এপলেবৰ দৰে বিশাল কৰ্প’ৰেট কোম্পানীত এচিষ্টেণ্ট ভাইচ-প্ৰেচিডেণ্ট আৰু চিএছচিৰ আইটিএছ ডেলিভাৰী ছাৰ্ভিছেছৰ চীফৰ দায়িত্ব বহন কৰি অহা ভূপতি ৰাজুৰ জীৱনৰ প্ৰকৃত যাত্ৰা আৰম্ভ হৈছিল ১০০০ টকাৰ চাকৰিৰে। সেই সময়ত তেওঁ ধাৰণাও কৰিব পৰা নাছিল যে তেওঁৰ বাৰ্ষিক বেতন তিনি কোটি টকা হ’বগৈ। লেব এচিষ্টেণ্টৰপৰা আৰম্ভ হোৱা যাত্ৰা কোম্পানীৰ শীৰ্যস্থানলৈ আৰোহণ ঘটিল। ভূমিৰ পৰা আকাশ স্পৰ্শ কৰা এই কাহিনীত এক অতি আমোদজনক কথা হৈছে এনেধৰণৰ, যে ইমান ডাঙৰ চাকৰিও তেওঁ পৰিত্যাগ কৰিলে, কাৰণ তেওঁ উদ্যমী হোৱাৰ পুৰণি সপোন পূৰণ কৰিব বিচাৰিছিল। ১৫ বছৰৰ পিছত তেওঁৰ চাকৰিৰ প্ৰতি মোহভংগ ঘটিত আৰু নিজৰ উদ্যম স্থাপন কৰিলে। বৰ্তমান তেওঁ ‘হেল্ল’কাৰী’ৰ প্ৰতিষ্ঠাপকৰূপেহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভ্ৰমণ কৰে।

image


ভূপতি ৰাজুত জীৱন যাত্ৰা ইমান সৰল নহয়। সংঘাত আৰু পংকিলতাৰ সুদীৰ্ঘ পথ অতিক্ৰম কৰিবলগীয়া হৈছিল তেওঁ। তেওঁৰ কাহিনী আৰম্ভ হৈছিল অন্ধ্ৰপ্ৰদেশ অমলাপুৰমৰ পৰা। তেওঁৰ দেউতাক নৰসিংহ ৰাজু আছিল এজন হোমিঅ’পেথী চিকিৎসক। তাতোকৈ তেওঁ পৰিচিত আছিল এজন সমাজকৰ্মীৰ ৰূপত। সমান্তৰালভাৱে তেওঁ আছিল আধ্যাত্মিকতাত বিশ্বাসী। জনতাক তেওঁ বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰিছিল। সেই পৰিৱেশত ডাঙৰ-দীঘল হোৱা ভূপতি ৰাজুয়েও দেউতাকৰ দৰে চিকিৎসক হ’বলৈ ইচ্ছা কৰিছিল।

সেই দিনবোৰৰ স্মৃতি সুঁৱৰি ভূপতি ৰাজুৱে কয়, ‘দেউতা এগকাৰী জনপ্ৰিয় চিকিৎসক আছিল। আধ্যাত্মিক ব্যক্তি আছিল। জনতাৰ পৰা তেওঁ পইচা লোৱা নাছিল। হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা তেওঁ কৰিছে। আমাৰ ঘৰত সদায়েই অগণন মানুহে ভিৰ কৰিছিল। সদায়েই ইমান মানুহে দেউতাক আৱৰি থাকে যে মই দেউতাৰ ওচৰ পোৱাটো প্ৰায় অসম্ভৱেই আছিল। তেওঁ নিৰন্তৰে বিভিন্ন কাৰ্যত সক্ৰিয় হৈ আছিল। ময়ো তেওঁৰ দৰে হ’বলৈ ইচ্ছা কৰিছিলো। তেওঁৰ সাম্ৰাজ্য আঁকোৱালি ল’ব লাগে। যদিও তেওঁৰ দৰে আধ্যাত্মিকতা মই নিজৰ মাজলৈ লৈ অনাত অসমৰ্থ হৈছিলো তথাপি সকলোবোৰ মগজুত সাঁচি ৰাখিছিলো। ময়ো ডাক্তৰ হ’ব বিচাৰিলো আৰু ইণ্টাৰত বায়’পিচিৰ (জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান) শিক্ষা গ্ৰহণ কৰিবলৈ মহাবিদ্যালয়ত নামভৰ্তি কৰিলো। তেতিয়ালৈ মোৰ কাহিনী ঠিকেই চলি আছিল, কিন্তু বিজ্ঞানৰ পাঠ কঠিন আছিল আৰু মই না পঢ়িব পাৰিছিলো, না মন দিব পাৰিছিলো। মই নিজেই জনা নাছিলো প্ৰকৃততে মই কি কৰি আছো।’

প্ৰকৃততে দেউতাকেও ভূপতি ৰাজুক চিকিৎসকৰূপে গঢ়ি তুলিব বিচাৰিছিল। ভূপতিয়ে মেডিকেল কলেজত নামভৰ্তিৰ বাবে জৰুৰী প্ৰৱেশ পৰীক্ষা ‘এমছেট’তো বহিল কিন্তু এমবিবিএছত প্ৰৱেশ কৰিব পৰাকৈ স্থান লাভ নকৰিলে। ইয়াকেই জীৱনৰ প্ৰথমটো সৰ্ববৃহৎ পৰাজয় বুলি উল্লেখ কৰি ভূপতি ৰাজুৱে কয়, ‘যেতিয়াই মই বিপিচি পাঠ্যক্ৰমত নামভৰ্তি কৰিছিলো তেতিয়াই বুজিব পাৰিছিলো যে এই পাঠ্যক্ৰম মোৰ বাবে ইমান সহজ নহ’ব। মই লিখা-পঢ়া ভালদৰে কৰিব পৰা নাছিলো, ক’তো মোৰ চিন্তা কেন্দ্ৰীভূত কৰিব পৰা নাছিলো। কিন্তু সপ্তম শ্ৰেণীলৈতো মই লিখা-পঢ়াত ভাল আছিলো। ভাল নম্বৰ লাভ কৰিছিলো। কিন্তু পৰৱৰ্তী সময়ত মই কেনেকৈ সলনি হৈ পৰিছিলো ক’ব নোৱাৰো। মনটো বৰ অস্থিৰ হৈ পৰিছিল। অগা-পিছা কৰি মই কোনোমতে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’লো। মোৰ স্থান আছিল পাঁচ অংকৰ, কিন্তু মেডিকেল কলেজত আসন লাভ কৰিবলৈ স্থান দুটা অংকৰ ভিতৰত থাকিব লাগে।’ মেডিকেল প্ৰৱেশ পৰীক্ষাত ভূপতিৰ ব্যৰ্থতাৰ পিছত সকলো চিন্তান্বিত হৈ পৰিছিল। এমবিবিএছত স্থান লাভ কৰাটো অসম্ভৱ আছিল কিন্তু ডেণ্টেল আৰু হোমিঅ’পেথিৰ বিকল্প তেওঁৰ সন্মুখত আছিল। যিহেতু তেওঁৰ দেউতাক এজন হোমিঅ’পেথিক চিকিৎসক আছিল সেইবাবে তেওঁৰ পৰিয়ালৰ লোকৰ সমান্তৰালভাৱে শুভচিন্তকসকলে ভূপতি ৰাজুক হোমিঅ’পেথিক ডাক্তৰ হোৱাত গুৰুত্ব দিলে। ৰাজুৰ বাবে ভাল মহাবিদ্যালৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ’ল। দীৰ্ঘসময়ৰ সন্ধানকাৰ্যৰ পিছত পৰিয়ালৰ লোকে ভাবিলে ভূপতিৰ বাবে কৰ্ণাটকৰ হুবলীত থকা হোমিঅ’পেথি কলেজ সবাতোকৈ উৎকৃষ্ট হ’ব। হুবলীক কলেজত ভূপতি ৰাজুৰ নামভৰ্তিও নিশ্চিত হৈ পৰিল। মাছুল আদায় দি নামভৰ্তি কৰাৰ সময় আহি পৰিল। ভূপতি ৰাজু কলেজত উপস্থিত হৈ মাছুল জমা দিবলৈ লোৱাৰ সময়তে সংঘটিত হ’ল এক অকল্পনীয় ঘটনা। সেই ঘটনাৰ বিষযে উল্লেখ কৰি ভূপতি ৰাজুয়ে কয়, ‘হুবলীত সকলো ঠিকেই আছিল। কলেজৰ পৰিৱেশ দেখি পুৰণি দিনবোৰ পাহৰিবলৈ আৰম্ভ কৰিছিলো। মোৰ এনে লাগিছিল যে এক নতুন পৃথিৱীত যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছো। এটা সুন্দৰ সপোন দেখিবলৈ ল’লো- কিদৰে ছোৱালীবোৰৰ সৈতে ঘূৰা-ফিৰা কৰিম, কেনেদৰে আনন্দ উপভোগ কৰিম। কেনেকৈ নতুন নতুন বন্ধুত্ব গঢ়িম। মোৰ নিজৰ কোঠা থাকিব। নিজৰ পৰিয়াল-পৰিজনৰ পৰা আঁতৰত থাকি সম্পূৰ্ণ স্বাধীনতা লাভ কৰিম।’ তেওঁ পুনৰ ক’লে, ‘মোৰ খুৰাৰ সৈতে হুবলীলৈ মাছুল দিবলৈ গৈছিলো। মাছুল দি গোৱালৈ যোৱাৰ পৰিকল্পনা কৰিছিলো, কিন্তু এনে নহ’ল। মোৰ খুৰাই কি ভাবিছিল ক’ব নোৱাৰো। কলেজৰ মূল দূৱাৰৰ কাষতেই এটা এছটিডি পিচিঅ’ আছিল। খুৰাই ক’লে, তুমি শাৰীত থিয় দিয়া, মই এটা ফোন কৰি আহো। মই কোনো বেলেগ জগতত আছিলো। সপোনত হেৰাই গৈছিলো। কিছুসময় পিছত তেওঁ উভতি আহিলে আৰু ক’লে, আমি উভতি যাব লাগিব। তোমাৰ দেউতাৰাই আন বিকল্পৰ বিষয়ে চিন্তা কৰি আছে। তেওঁ ক’লে যে স্থানীয় মহাবিদ্যালয়তেই মই নামভৰ্তি কৰিব পাৰিম। মই খুৰাক ক’লো যে মই ইয়াৰ পৰা নাযাওঁ। যেতিয়া তেওঁ ক’লে উভতি যাবই লাগিব, মোৰ সপোনবোৰ মুহূৰ্ততে ভাঙি গ’ল। এটা মুহূৰ্ততে সুন্দৰ পৃথিৱীখন নোহোৱা হৈ পৰিল। মই ছবছৰৰ বাবে যি চিত্ৰনাট্য লিখিছিলো, সেয়াও বতাহত মিলি গ’ল। মই বহুত দুখ পালো।’ হুবলীৰ এই ঘটনাই ভূপতি ৰাজুক বহুত গভীৰভাৱে আঘাত দিলে। তেওঁৰ নিজৰ ভাযাতেই, ‘কেইমিনিটমান শাৰীত থিয় হৈ কাউণ্টাৰৰ একেবাৰে ওচৰ পাইছিলো। কেইমুহূৰ্তমানৰ পিছতে মাছুলো জমা দিলোহেঁতেন। যেতিয়া মোৰ খুৰা আহি মোক মাছুল জমা নিদিবলৈ আৰু ঘৰলৈ উভতি যোৱাৰ কথা ক’লে মোৰ মূৰ ঘূৰাই গৈছিল। মই ডাঙৰ আঘাত পাইছিলো। এনে লাগিছিল যেন মই এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰিবলৈ লোৱাৰ মুহূৰ্ততে মোক কোনোবাই গুৰিয়াই তলত পেলাই দিলে।’

image


এনে বহুত আচহুৱা ঘটনাই নতুন নতুন মোৰ ল’বলৈ ভূপতি ৰাজুক অপেক্ষা কৰি আছিল। দুখ আৰু বিষম পৰিস্থিতিৰ পৰা তেওঁ সহজতে নিস্তাৰ পোৱা নাছিল। হুবলীৰ পৰা হতাশ আৰু নিৰাশ হৈ উভতি অহাৰ পিছত তেওঁ গম পালে যে গুডীৱাডাৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁ স্থান লাভ কৰিব পাৰে। ভূপতি ৰাজু এনচিচিৰ কেডেট আছিল। তেওঁক কোৱা হৈছিল যে মেডিচিন বিভাগত তেওঁ এনচিচি কোটাত স্থান লাভ কৰিব পাৰে। তেওঁ ৱেটিং লিষ্টৰ প্ৰথম স্থানত আছিল। ভূপতি ৰাজুৰ মনত নতুন উৎসাহ দেখা গ’ল। নতুন নতুন সপোন দেখিবলৈ আৰম্ভ কৰিলে। কিন্তু যিদিনা তেওঁৰ সাক্ষাৎকাৰৰ দিন আছিল, সেইদিনাই চৰকাৰে এক নিৰ্দেশ জাৰী কৰি এনচিচিৰ কোটা হ্ৰাস কৰিলে। পুনৰ ইয়াতো দুৱাৰ বন্ধ হৈ পৰিল। পুনৰ সকলো ধ্বংস হৈ গ’ল- সপোন, আশা, সম্ভাৱনা।

ভূপতি ৰাজুৰ পুনৰ পুৰণি মহাবিদ্যালয়লৈ উভতি গৈ বন্ধুবৰ্গক মুখ দেখুৱাবলৈ ইচ্ছা নাছিল। সেইবাবে স্থানীয় মহাবিদ্যালয়ত কোনো পাঠ্যক্ৰমৰ বাবে তেওঁ নামভৰ্তি নকৰিলে। তেওঁ পুনৰ এমছেট পৰীক্ষাত অৱতীৰ্ণ হ’ল, তাৰ বাবে তেওঁ অন্য চহৰলৈ গৈ প্ৰশিক্ষণো গ্ৰহণ কৰিলে, কিন্তু এইবাৰ তেওঁৰ ৰেংক পাঁচ অংকত স্থানত ৬টা অংকৰ হ’ল। পুনৰ এবাৰ হতাশা। প্ৰৱেশ পৰীক্ষাৰ ৰেংকৰ দৰেই হতাশাও বাঢ়ি আহিল, পাঁচ অংকৰ পৰা ছয় অংকলৈ।

প্ৰৱেশ পৰীক্ষাত ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ ব্যৰ্থতাৰ পিছত তেওঁ ভাবিলে যে পুনৰ নিজৰ চহৰখনলৈ উভতি নাযায়। চিকিৎসক হোৱাৰ সপোনটো তেওঁৰ ইতিমধ্যেই ধ্বংস হৈ গৈছে। ইণ্টাৰত ভূপতি ৰাজুৱে বিপিচি বিষয় লোৱাৰ বাবে চিকিৎসক হোৱাৰ সপোনটো শেষ হৈ যোৱাৰ পিছত বিশেষ বিকল্প নাছিল। বিএছচি কৰাটোৱেই তেওঁৰ বাবে উপলব্ধ সবাতোকৈ ভাল বিকল্প আছিল। তেওঁ অন্ধ্ৰপ্ৰদেশৰ কাকিনাডাৰ এখন ডিগ্ৰী কলেজত নামভৰ্তি কৰিলে। সেই সময়লৈ মনত পেলাই ৰাজুৱে কয়, ‘আজি ক’ব নোৱাৰোঁ মই ডাক্তৰ হ’লে কেনেকুৱা হ’লোহেঁতেন, কিন্তু মোৰ বিশ্বাস মই মন-মগজুৰ পৰাই ডাক্তৰ নহয়। ডাক্তৰ হ’লেও হয়তে বেয়া ডাক্তৰ হ’লোহেঁতেন। মোৰ এনে লাগে যে মই হয়তো অন্য কিবা বিষয়ৰ বাবেহে উপযুক্ত। শৈশৱৰপৰাই মই অস্থিৰ। মোৰ প্ৰকৃতি আৰু প্ৰবৃত্তি সুকীয়া। বোধকৰো এক উদ্যমী মন লুকাই আছিল, কিন্তু মই নিজেই গম পোৱা নাছিলো।’

কোৱা হয় জীৱনক কেতিয়াবা নিজৰ পথত এৰি দিব লাগে। ভূপতি ৰাজুৱেও তাকেই কৰিলে। তেওঁ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অৰ্গেনিক কেমেষ্ট্ৰীত স্নাতকোত্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অৱশ্যে তেওঁ এইটোও জানে যে স্নাতক পৰ্যায়ত তিনিওটা বছৰেই তেওঁ ৰসায়ন বিজ্ঞানত মাত্ৰ ৩৫ নম্বৰকৈ পাইছিল। পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ৩৫ নম্বৰ প্ৰয়োজনীয়। ৩৫তকৈ এক নম্বৰ কম পোৱা মানেই হৈছে পৰীক্ষাত অনুত্তীৰ্ণ।

উত্তীৰ্ণ হোৱাৰ বাবে জৰুৰী ন্যুনতম নন্বৰ লাভ কৰি ভূপতি ৰাজুয়ে স্নাতকোত্তৰৰ বাবে অৰ্গেনিক কেমেষ্ট্ৰীকে মুখ্য বিষয় হিচাপে নিৰ্বাচন কৰিলে। ভূপালৰ এখন কলেজৰ পৰা ভূপতি ৰাজুয়ে এমএছচি ডিগ্ৰী অৰ্জন কৰিলে।

ইয়াৰ পিছত জীৱনে নতুন পথত আগুৱালে। ৰাজুৱে কয়, ‘কেতিয়াবা পৰিস্থিতিয়ে যিফালে টানে সেইফালেই যাব লাগে। মোৰ ডাঙৰ ককাইদেউ আইটি ক্ষেত্ৰত আছিল। তেওঁৰ পৰামৰ্শতে মই এমাহৰ বাবে আইটিৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলো। যদিও এই বিষয়টো মোৰ আয়ত্ত্বৰ নাছিল, তথাপি মই প্ৰগ্ৰেমিং শিকি ল’লো। সেই সময়তেই আমেৰিকাৰ পৰা অহা মোৰ এগৰাকী প্ৰতিবেশীয়ে এটা কোম্পানী আৰম্ভ কৰিছিল। প্ৰতিবেশীগৰাকীয়ে এদিন প্ৰশ্ন কৰিছিল যে তুমি মোৰ কোম্পানীত কাম কৰিবা নেকি? সেয়া আছিল চাকৰিৰ বাবে মোৰ প্ৰথমটো প্ৰস্তাৱ। মই ভাবিবও পৰা নাছিলো যে কোনোবাই মোক এনেদৰে চাকৰিৰ প্ৰস্তাৱ দিব পাৰে।’

ৰাজুৱে ক’লে যে ককায়েকৰ পৰামৰ্শ অনুসৰি তেওঁ চাকৰিৰ প্ৰস্তাৱ মানি ল’লে। তেওঁ ভাবিলে চাকৰিৰ মাধ্যমেৰেই প্ৰকৃত সুখ উভতি আহিব। উপাৰ্জনো হ’ব। উপাৰ্জনৰ বাবে পৰিয়ালৰ লোকসকলো সন্তুষ্ট হ’ব।

কিন্তু তেওঁৰ বাবে পুনৰ জোকাৰণি। এইবাৰো তেওঁ এনে জোকাৰণিৰ বাবে সাজু হৈ থকা নাছিল। ভূপতি ৰাজুৱে ক’লে, ‘প্ৰতিবেশীজনে তেওঁৰ কোম্পানীত মোক লেব এচিষ্টেণ্ট হিচাপে নিযুক্তি দিলে। কোম্পানীৰ স্বত্বাধিকাৰীয়ে জনালে যে মোৰ বেতন হ’ব ১০০০ টকা। মই পুনৰ আঘাত পালো। সেই সময়ত মই বাইকত পেট্ৰ’ল ভৰাবলৈ ৫০০০ টকা খৰচ কৰি আছিলো। মই জানো এজন মজদুৰেও ইয়াতকৈ বেছি উপাৰ্জন কৰে। মই ভাবিলো মই ইমানেই অযোগ্যনে? কিন্তু মোৰ ওচৰত কোনো বিকল্প নাছিল আৰু নীৰৱে সেই চাকৰিটোৱেই গ্ৰহণ কৰিলো। লাজতে মই মা-দেউতাকেই এই বাতৰি নিদিলো। কিন্তু প্ৰথম মাহৰ দৰমহা পোৱাৰ সময়ত মই আচৰিত হৈছিলো, মালিকে মোক ১৫০০ টকা দি ক’লে আশা কৰাতকৈ তুমি বহুত ভাল কাম কৰিছা, সেই বাবেই তোমাক নিৰ্ধাৰিত বেতনতকৈ বেছি ধন দিছো।

আৱেগিকভাৱে ভূপতি ৰাজুয়ে ক’লে, ‘মোৰ বাবে তেৱেঁই প্ৰথম ব্যক্তি আছিল যিয়ে মোৰ কামক প্ৰশংসা কৰিছিল। মোৰ নিজৰ ওপৰতে বিশ্বাস হ’ল যে ময়ো কিবা এটা কৰিব পাৰোঁ। সেই দিনটো মোৰ বাবে অতি স্মৰণীয়।’

প্ৰথম মাহতেই লাভ কৰা প্ৰশংসাৰে ৰাজুৰ মন আত্মবিশ্বাসেৰে ভৰি পৰিছিল। তেওঁ অতি মনোযোগেৰে ছমাহলৈ কাম কৰিলে। এই সময়ছোৱাত বহুতো নতুন মানুহ কোম্পানীলৈ আহিল, সেই নতুন কৰ্মচাৰীসকলক ৯-১০ হাজাৰ টকাকৈ বেতন হিচাপে দিয়া হ’ল। ৰাজুৱে তেতিয়াও মাথো ১৫০০ টকাকৈয়ে লাভ কৰি আহিছিল। তেওঁ আচৰিত হৈ পৰিল, যে স্নাতকোত্তৰ হৈয়ো তেওঁ মাথোঁ ১৫০০ টকাকৈ পোৱাৰ বিপৰীতে বাকী কৰ্মচাৰীসকলৰ কিয় ১০ হাজাৰ টকাকৈ দি অহা হৈছে? তেওঁ স্নাতকোত্তৰ হোৱাৰ বিপৰীতে আনবোৰ নতুন কৰ্মচাৰী আছিল সাধাৰণভাৱে স্নাতক।

ৰাজুৱে ভাবিলে সেইসকল যুৱকৰ সৈতে কি আছে? কেৱল ইমানেই যে তেওঁলোকৰ আছে বি-টেক ডিগ্ৰী। এই ডিগ্ৰী ইমানেই গুৰুত্বপূৰ্ণ নেকি? ভাৰত এনেকুৱা দেশ নেকি য’ত ডাক্তৰ-ইঞ্জিনিয়াৰসকলেই ভাল চাকৰি লাভ কৰিব। যিসকল মাজতে আছে তেওঁলোকৰ কি হ’ব? তেওঁলোকে বেংক আৰু চৰকাৰী কাৰ্যালয়ত ক্লাৰ্কৰ চাকৰিয়েই কৰিব লাগিব নেকি?

ভূপতি ৰাজুয়ে এয়া স্বীকাৰ কৰি ল’ব পৰা নাছিল। তেওঁ সিদ্ধান্ত ল’লে যে এবছৰৰ ভিতৰতে তেওঁ তেওঁলোকৰ সমান হ’ব। তেওঁ ইয়াৰ প্ৰত্যাহ্বানৰ দৰে গ্ৰহণ কৰিলে। এবছৰৰ ভিতৰতে তেওঁ মিছনত সফল হ’ল আৰু নতুন কৰ্মচাৰীসকলতকৈ বহুদূৰ আগুৱাই গ’ল। সেয়া আছিল উদ্যমিতাৰ প্ৰথম চিন্তা, যি তেওঁৰ মনত জাগ্ৰত হৈ উঠিল। কষ্টই সাৰ্থকতা লাভ কৰিলে। উৎসাহ পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিলে।

ভূপতি ৰাজুয়ে কয় যে নন টেকনিকেল বেকগ্ৰাউণ্ডৰ লোকে কমকৈ বেতন লাভ কৰে। ধাৰণা কৰা হয় যে আইআইএম আৰু আইআইটিৰ পৰা অহা লোকসকলেহে ভাল কাম কৰে। তেওঁ কি কাম কৰিব নভবাকৈয়ে ভাল পদত নিযুক্তি দিয়া হয়। কিন্তু ভাল যোগ্যতাসম্পন্ন অন্য বেকগ্ৰাউণ্ডৰপৰা অহা লোকসকলক সেই দৃষ্টিৰে চোৱা নহয়।

image


ভূপতি ৰাজুৱে ২০০১ চনত এপলেবৰ দৰে কোম্পানীত নিযুক্তি লাভ কৰিলে। নিজৰ যোগ্যতা আৰু সাধনাৰে তেওঁ সফলতাৰ চিৰি বগাই গ’ল। দহ বছৰৰ ভিতৰত তেওঁ মেনেজাৰৰ পৰা প্ৰিন্সিপাল কন্সাল্টেণ্ট আৰু এচিষ্টেণ্ট ভাইচ প্ৰেচিডেণ্টৰ যাত্ৰা সম্পূৰ্ণ কৰিলে। পৰৱৰ্তী সময়ত এপলেবৰ চিএছচি কোম্পানীত ভাইচ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব পালে। এই যাত্ৰাত তেওঁৰ বাবে প্ৰতিটো মুহূৰ্তই আছিল প্ৰত্যাহ্বানপূৰ্ণ। বিশেষকৈ দুটা এনে ঘটনা সংঘটিত হৈছিল যি তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। এবাৰ তেওঁ আমেৰিকাত থাকিব বিচৰা নাছিল, সেইবাবে ভাৰতলৈ উভতি আহিল কিন্তু দ্বিতীয়বাৰ যেতিয়া তেওঁ আমেৰিকাৰ বসবাস কৰিবলৈ ইচ্ছা কৰিছিল সেইবাৰ পৰিস্থিতিয়ে ভাৰতলৈ উভতি আহিবলৈ বাধ্য কৰালে। ৰাজুৱে কয়, ‘ছয়-সাত বছৰ কাম কৰাৰ পিছত কোম্পানীৰ পৰা মই আমেৰিকালৈ গৈছিলো। তালৈ যোৱাৰ পিছত এনে লাগিল যে এই ঠাই মোৰ বাবে নহয়। মই উভতি যাবলৈ বিচাৰিলো, কিন্তু মোক লৈ কোম্পানীৰ বহুত আশা আছিল। মুখ্য কাৰ্যবাহী বিষয়াজনে ক’লে যে আপুনি যদি উভতি যায় তেন্তে কোম্পানীত আপোনাৰ বাবে কোনো স্থান নাথাকিব। মই আমেৰিকাত আছিলো। পত্নী গৰ্ভৱতী আছিল। মোৰ লগত বেছি টকা-পইচাও নাছিল। মই সিদ্ধান্ত ল’লো যে মই ভাৰতলৈ উভতি যাম। যিকোনো পৰিস্থিতিতেই মই উভতি যাব লাগিব। আৱেগিকভাৱে মই সিদ্ধান্ত লৈ পেলাইছিলো। দ্বিতীয়দিনা মই কোম্পানী চাকৰি এৰিবলৈ গ’লো, তেতিয়া চিইঅ’জনে মোক বুজাই ক’লে যে তোমাৰ পত্নী গৰ্ভৱতী, তোমাৰ হাতত ইমান ধনো নাই যে তুমি সকলোবোৰ চম্ভালিব পাৰিবা। দুমাহ আৰু কাম কৰা, তাৰ পিছত উভতি যাবা। সেয়া মোৰ বাবে সাহস আৰু উৎসাহৰ কথা আছিল। মোৰ বাবে ডাঙৰ সহায় আছিল। কোম্পানীয়ে মোক অত্যন্ত সহায় কৰিছিল আৰু মোৰো দায়িত্ব আছিল কোম্পানীৰ প্ৰতি কিবা এটা কৰাৰ। মই কোম্পানী পৰিত্যাগ নকৰিলো। ইয়ালৈ পুনৰ উভতি আহি কাম কৰিলো। পাঁচ-ছয় বছৰ পিছত মই পুনৰ আমেৰিকালৈ গ’লো। এইবাৰ পৰিস্থিতি এনে আছিল যে মই আমেৰিকাতেই থাকিব লাগিব। মাৰ মৃত্যুৰ পিছত হায়দৰাবাদলৈ আহি দেখিলো যে মোৰ সকলো আত্মীয়ই আমেৰিকাত বসবাস কৰিবলৈ আৰম্ভ কৰিছে। তেন্তে মই কিয় ইয়াত থাকিম, ময়ো আমেৰিকাতেই থকাটো উচিত। ইউকেলৈ গ’লো, কানাডালৈ গ’লো, কিন্তু তাত থকাৰ চিন্তা নকৰিলো। আমেৰিকাৰ ৫০০জনক মেনেজ কৰিছিলো। মই আমেৰিকাৰ এটা নিজৰাৰ পাৰত সুন্দৰ বাংলোও লৈছিলো। নতুন বাংলোত থকাৰ প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈছিল। ছোফা আৰু সামগ্ৰী ঠিক কৰি ঘৰত লগোৱা টিভিটো চেক কৰিবলৈ ৰিমোটত হাত দিয়াৰ সময়তে আহিল চিইঅ’ৰ ফোন। তেওঁ মোক পুনৰ ভাৰতলৈ উভতি আহিবলৈ ক’লে। মই আমেৰিকাত থকাৰ কথা ক’লো, কিন্তু তেওঁ মোক যিটো অ’ফাৰ দিলে তাক প্ৰত্যাখ্যান কৰিব নোৱাৰি। সেয়া গ্লোবেল পজিচন আছিল। যি সময়ত মই ৫০০ লোকক মেনেজ কৰি আছিলো এতিয়া ৫০০০ লোকক মই নেতৃত্ব দিব লাগিব। ১৫ দিনৰ ভিতৰতে পেক-আপ কৰি পুনৰ ভাৰতলৈ উভতি আহিলো।’

ভূপতি ৰাজুৱে সেই ১২ বছৰত ১৪ বাৰ ঘৰ সলনি কৰিছিল। কিন্তু এইবাৰ ডাঙৰ উপলব্ধিৰ বাবে ডাঙৰ কাম আছিল। ঈৰ্ষণীয় চাকৰি। কোনো এসময়ত পিছৰ বেঞ্চত বহা ল’ৰাজনৰ সৈতে কথা পাতিবলৈ এতিয়া অসংখ্য মানুহ। এটা ডাঙৰ পজিচন আছিল, যাক লৈ সকলোৱে গৌৰৱ কৰে, কিন্তু তেওঁৰ লক্ষ্য এয়া নাছিল। তেওঁৰ মনত এক নতুন চিন্তাই উকমুকাই আছিল- এইবোৰ মোৰ বাবেইনে? ইয়াৰ পিছত কি হ’ব? ইয়াৰ পিছতো কিবা আছেনে? আইটি ক্ষেত্ৰৰ যি স্থানত মই আছো, তাতকৈ আগত আৰু একো নাই। মই ভাবিলো এই ক্ষেত্ৰখনত মই যি কৰিব পাৰো ইতিমধ্যেই কৰি পেলালো। বহুত হৈ গ’ল। এতিয়া আৰু মই আইটিত নাথাকো। মই চাকৰি এৰি সংগীতৰ চখ পূৰণ কৰাত লাগি গ’লো। নিজৰ এটা এলবামো ওলাল। কিন্তু, চিনেমাৰ কাহিনীৰ দৰে কাহিনী মোৰো আছিল। কোটি টকাৰ চাকৰি এৰি পুনৰ মই পদপথলৈ আহি গ’লো।

সেই সময়ৰ মনৰ স্থিতি সম্পৰ্কে ভূপতি ৰাজুৱে ক’লে, ‘১৫ বছৰলৈ মই বহুত ভাল কাম কৰিলো, কিন্তু মই কোন হয় মই নিজেই জনা নাছিলো। ইমান ডাঙৰ চাকৰি এৰাটো সহজ কথা নহয়, কিন্তু মোক ৰখাওতাও কোনো নাছিল। পত্নীয়ে মোক সকলো দিশৰপৰা বুজাইছিল। চাকৰি এৰাৰ বাবে মোৰ কোনো অনুশোচনা নাই। কি কৰিম, মই জনা নাছিলো। মই দেউতা নৰসিংহ ৰাজুক লৈ কিতাপ লিখিবলৈ আৰম্ভ কৰিলো। দুমাহতে কাম সম্পূৰ্ণ হ’ল। মই তেওঁক বহুত কম সময়ৰ বাবে লগ পাইছিলো, কিন্তু জীয়াই থকাৰ সময়ত তেওঁক যিমান জানিছিলো, মৃত্যুৰ পিছত তেওঁৰ নতুন ৰূপত আৱিষ্কাৰ কৰিব পাৰিলো। তেওঁ লাখ লাখ জনতাৰ কাষলৈ গৈছিল। তেওঁ লিখা কিতাপ পঢ়িও নতুন ধৰণে বুজি উঠিছিলো তেওঁক। নিতান্তই তেওঁৰ ব্যক্তিত্ব আছিল যাদুকৰী। তেওঁ আধ্যাত্মিক নেতা আছিল। মহান ব্যক্তি।’

ইয়াৰ পিছত ভূপতি ৰাজুৱে আৰু কোনো কোম্পানীত চাকৰি কৰিবলৈ বিচৰা নাছিল। কিন্তু এজন শুভচিন্তকৰ পৰামৰ্শ গ্ৰহণ কৰিলে। ইয়াৰ পিছতে তেওঁৰ নিকট সতীৰ্থ সন্দীপৰ সৈতে মিলি আৰম্ভ কৰিলে খাদ্যৰ ব্যৱসায়। তেওঁৰ মতে আৰম্ভণিতে এই ব্যৱসায় সহজ যেন লাগিছিল। ইডলী পাঁচ টকাত প্ৰস্তুত হয় আৰু বিক্ৰী কৰা হয় ৫০ টকাত। অৰ্থাৎ পোনপটীয়াকৈ ৪৫ টকাই লাভ। ফুড-বিজিনেছতো কিবা এটা নতুন কৰাৰ উদ্দেশ্যৰে টেক-এৱে চেইন আৰম্ভ কৰিলে। পিছত হোম ডেলিভাৰীৰ ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰিলে। তেওঁ দাবী কৰে যে বিশ্বৰ ভিতৰত এয়াই হৈছে প্ৰথম ভাৰতীয় ফাষ্টফুডৰ হোম ডেলিভাৰী চেইন। এই ষ্টাৰ্টআপৰ আৰম্ভণিৰ কেইমাহমানৰ ভিতৰতে ফাণ্ডিং আৰম্ভ হৈ গ’ল আৰু ব্যৱসায় আগুৱাবলৈ ধৰিলে। এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰি ইয়াক আন্তৰ্জাতিক মাত্ৰা দিয়াৰ মন তেওঁৰ।

তেওঁ নিজেই খাদ্য প্ৰস্তুত কৰিব জানেনে? ইয়াৰ উত্তৰত ৰাজুৱে ক’লে, ‘মই অমলেট বনাবলৈও নাজানিছিলো। কিন্তু মই এটা ডাঙৰ সিদ্ধান্ত ল’লো। ঈৰ্ষণীয় চাকৰি এৰি আহিছিলো, এতিয়া এটা সৰু গেৰেজৰ আৰম্ভ কৰিছো ব্যৱসায়। শূন্যৰ পৰা আৰম্ভ হোৱা কোম্পানী কিছুদিনৰ ভিতৰতে প্ৰথমে হায়দৰাবাদ আৰু পিছলৈ দক্ষিণ ভাৰতত নাম্বাৱ-ৱান হৈ পৰিল। এতিয়া আমি গ্ল'বেল কোম্পানী হোৱাৰ পথত অগ্ৰসৰ হৈছো। ভাৰতীয় ব্ৰেণ্ডক গ্লোবেল কৰাৰ উদ্দেশ্য আৰম্ভ হৈছে। যাত্ৰা নিতান্তই দীঘল। এয়া চিনেমা নহয়, ব্যৱসায়। বহুত সময় লাগিব। এদিন-দুদিনতে কোটি টকা উপাৰ্জন কৰিব নোৱাৰি।’ এই ব্যৱসায়ৰ প্ৰত্যাহ্বানৰ বিষয়ে তেওঁ কয় যে প্ৰতিটো মুহূৰ্তই প্ৰত্যাহ্বানপূৰ্ণ। ৮০০০ৰপৰা ৯০০০ টকা বেতন লাভ কৰা ডেলিভাৰী বয়জৰ কাম কেনে হ’ব পাৰে মাত্ৰ ভাবিবহে পাৰি। তেওঁলোকে যিকোনো মুহূৰ্ততে আপোনাৰ সংগ ত্যাগ কৰিব পাৰে। যদিহে গ্ৰাহকৰ কথা কয়, তেন্তে কোনে কেনে খাদ্যৰ বাবে প্ৰশংসা কৰে নাইবা কোনে কেনেধৰণৰ খাদ্যৰ বাবে গালি দিলে সেয়া অনুমান কৰিব নোৱাৰি। পাহাৰো আছে, খাৱৈও।

ভূপতি ৰাজুৰ মতে চাকৰি কৰাটো আটাইতকৈ সহজ কাম। কোম্পানীৰ কাৰণে আন কোনোবাই চিন্তা কৰিব। কৰ্মচাৰীৰ বাবে বহু কথাই পূৰ্বনিৰ্ধাৰিত। কামৰ সময়, ছুটীৰ দিন, বেতন আদি সকলো নিৰ্ধাৰিত। কৰ্মচাৰীসকলেও এই নিৰ্ধাৰিত সুবিধাৰ মাজত নিজৰ জীৱনৰ পৰিকল্পনাবোৰ কৰে। যি হ’ব তেওঁলোকে আগতীয়াকৈ জানে। কিন্তু ডাঙৰ কথাটো হ’ল, মানুহভেদে চিন্তাও সুকীয়া। কিছুমানে চাকৰি কৰি সুখী, আন কিছুমানে উদ্যমী হৈ সুখী। কোনোবাই আনৰ কোম্পানীত কাম কৰি ভাল পায়, কোনোবাই নিজৰ কোম্পানীত কাম কৰিবলৈ বিচাৰে। কিছুমান এনেকুৱা মানুহো আছে যিসকলে বিশ্বক নতুনত্ব দিব বিচাৰে।

নিজৰ চিন্তা, লক্ষ্য আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰত ভূপতি ৰাজুৱে কয়, ‘‘হেল্ল’কাৰী’ক সীমাৰ সিপাৰে লৈ যোৱাটো মোৰ সপোন। অৱশ্যে কেইবছৰমানৰ ভিতৰত বহুতো বিফলতাও আহিছে। বাংগালুৰুত ডাঙৰ আশাৰে ৬টাকৈ আউটলেট স্থাপন কৰিছিলো। চাৰিটাই বিফল হ’ল। লাজ নকৰাকৈ আমি ষ্ট'ৰ বন্ধ কৰি দিলো। কিয় বিফল হ’লো তাৰ কাৰণৰ সন্ধান চলালো। মই বুজিছো নিজৰ সম্পূৰ্ণ যোগ্যতা ব্যৱহাৰ কৰিব লাগে আৰু যোগ্যতা চিনাক্তকৰণো হ’ব লাগে। যোৱা বছৰৰ ডিচেম্বৰ মাহত আমি পুনৰ শূন্যলৈ অৱনমিত হৈছিলো। একাধিক কোম্পানীৰ পতন ঘটিছিল। অৰ্ডাৰ আহি আছিল যদিও ব্যৱসায় হোৱা নাছিল। পৰিস্থিতি অনুসৰি বিশ্লেষণ আৰম্ভ কৰিলো আৰু আমি পুনৰ ভাল স্থিতিলৈ উভতি আহিলো।’

ভূপতি ৰাজুৱে নিজৰ সফলতাৰ ৰহস্যক এটা বিশেষ শব্দেৰে বৰ্ণনা কৰে... ফ’কাছ... তেওঁ কয় যে লক্ষ্যত উপনীত হ’বলৈ যিকোনো কামেই গভীৰ অন্তঃকৰণেৰে কৰিব লাগিব। এক-দুমাহৰ ব্যৰ্থতাক মানি ল’ব নালাগিব। সম্পূৰ্ণ বিশ্বাসেৰে সৈতে আগুৱাব লাগিব। ৰাজুৱে এটা ঘটনা উল্লেখ কৰি ক’লে, ‘মই তেলুগু মাধ্যমৰ আছিলো। চাকৰিৰ আৰম্ভণিৰ দিনবোৰত মানুহৰ সৈতে ইংৰাজীত বাৰ্তালাপ কৰিব পৰা নাছিলো। সেই সময়তে দুজনকৈ আমেৰিকান আহিছিল। তেওঁলোকক কোম্পানীৰ বিষয়ে ক’বলগীয়া হৈছিল, কিন্তু বহুত চেষ্টাৰ অন্ততো মই কোম্পানীৰ বিষয়ে তেওঁলোকক বুজাব নোৱাৰিলো। মই অত্যন্ত লজ্জিত হৈছিলো। তেওঁলোকে মোৰ কথা বুজি নাপালে। মই নিজৰ দু্ৰ্বলতা উপলব্ধি কৰিব পাৰিলো। সেই সময়ত ইংৰাজীত কথোপথনৰ বাবে নিজকে প্ৰস্তুত কৰিব পৰা নাছিলো। ছমাহৰ ভিতৰতে নিজকে প্ৰস্তুত কৰি তুলিলো আৰু কোম্পানীত নিজৰ গুৰুত্ব প্ৰতিষ্ঠা কৰিলো। আগলৈ তিনি হাজাৰৰো অধিক লোকৰ সন্মুখত ইংৰাজীতে ভাষণ দি সকলোৰে বাঃবাঃ আদায় কৰিবলৈ সক্ষম হ’লো।’

ভূপতি ৰাজুৱে নিজৰ জীৱনত লাভ কৰা পাঠ আনৰ আগত বৰ্ণনা কৰিবলৈ ইতঃস্ততবোধ নকৰে। তেওঁ বিনাদ্বিধাই কয় যে জীৱনৰ বাটত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটোৱেই আটাইতকৈ শুদ্ধ। সেয়া লাগিলে শুদ্ধই হওক বা ভুলেই হওক। সিদ্ধান্ত গ্ৰহণ কৰি কাম কৰাৰ পিছত ফলাফলত বাবে সাজু হৈ থাকিব লাগে। ভূপতি ৰাজুৱে কয় যে তেওঁ মাথোঁ ভয় শব্দটোকহে ভয় কৰে। তেওঁ কয়, যি কৰা হয় সেয়া ভয় নোখোৱাকৈ কৰিব লাগে। হাৰিলেও জীৱন পুনৰাই আৰম্ভ কৰিব পাৰি। যুৱকসকলৰ বাবে তেওঁৰ পৰামৰ্শ হৈছে সময় অবাবত ব্যয় কৰিব নালাগে। ৩৫ৰ পূৰ্বে সিদ্ধান্ত লোৱা, যি কৰিবলগীয়া আছে কৰা। ইয়াৰ পিছতহে আৱেগ। কেৱল ধন উপাৰ্জনেই শেষ কথা হ’ব নালাগে, কিবা এটা কৰাৰ হেঁপাহো থাকিব লাগে।

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পাৰম্পৰিক মূখা শিল্পত নতুনত্বৰ সংযোগ ঘটোৱা এক পিতা-পুত্ৰ যুটি

এজন উদ্যোগী হোৱাটো কিয় ইমান জটিল?

পৰিবৰ্তনৰ জোৱাৰ আনিছে 'পৰিবৰ্তনে'

অভিনয়ৰে জীৱন ৰঙীন কৰা শিল্পীগৰাকী