১০ অনুৰ্দ্ধ CEO 'হেক কিং' ৰুবেন

১০ অনুৰ্দ্ধ  CEO 'হেক কিং' ৰুবেন

Wednesday December 16, 2015,

2 min Read

চশমা পিন্ধি যিজনে ভাষণ দি আছে তেওঁৰ বয়স মাত্ৰ ন বছৰ। উচ্চতা চাৰে চাৰি ফুট । আৰু বিপৰীত দিশে বহি যিসকলে ভাষণ শুনি আছে তেঁওলোকৰ মাজত আছে বিজনেছ লীডাৰ, চাইবাৰ চিকিউৰিটি, হেকিং আৰু এপ ডেভেলপমেন্ট বিশেষজ্ঞ । বক্তাগৰাকীৰ নাম ৰুবেন পল। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ অষ্টিনৰ বাসিন্দা। বৰ্তমান তৃতীয় মানৰ ছাত্ৰ । এই বয়সতে তেঁও Prudent Games (এটা গেম ডেভেলপমেন্ট কোম্পানী)ৰ চীফ একজিকিউটিভ অফিচাৰ (চি ই অ)। কিন্ত এই শিশুটিৰ এনে কি আছে, যাৰ বাবে তেঁওৰ ইমান কদৰ ?

image


চাইল্ড প্ৰডিজি বুলিলে যি বুজা যায় ৰুবেন প্ৰায় তেনেকুৱাই । স্মাৰ্ট ফোন বা কম্পিউটাৰৰ চিকিউৰিটি ভেদ কৰি অনায়াসে প্ৰৱেশ কৰিব পৰা কণমানি হেকাৰ। অবশ্যে সেয়া কোনো অসৎ অভিপ্ৰায়েৰে নহয়। চাইবাৰ চিকিউৰিটি কিমান জৰুৰী সেয়া জনসাধাৰণক বুজাব খোজে ৰুবেনে। iDigitalTimes ক প্ৰদান কৰা এক সাক্ষাৎকাৰত ৰুবেনে কৈছে, ‘ইন্টাৰনেটত চাইবাৰ বুলিং, ডাটা চুৰি আদি বিভিন্ন ধৰণৰ চাইবাৰ আক্ৰমণ ঘটি থাকে। ইয়াৰ পৰা অলপ বয়সীয়াসকলক ৰক্ষা কৰিবলৈ তেওঁলোকক শিক্ষিত কৰি তুলিব লাগিব। যাতে তেওঁ নিজেই চাইবাৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে।’

GROUND ZERO SUMMIT, 2015ত যোগ দিবৰ বাবে অলপতে ভাৰতলৈ আহিছিল ৰুবেন । তাতেই অনুষ্ঠিত হৈছিল বিশ্বৰ অন্যতম বৃহৎ হেকাৰ কনফাৰেঞ্চ। সেই হেকাৰ কনফাৰেঞ্চৰ অন্যতম বক্তা আছিল ৰুবেন । স্পাইডাৰমেনৰ ভক্ত এই কণমানি হেকাৰে তাতেই কৈছিল, হেকিঙত তীখৰ হৈ উঠিলে আপুনি ক্ষমতাৰ অধিকাৰী হ'ব ঠিকেই। কিন্ত তাতকৈ ডাঙৰ কথাটো হ’ল এই ক্ষমতাৰ সৈতে থাকিব দায়বদ্ধতা।’ হেকিং আৰু চাইবাৰ চিকিউৰিটি বিযয়ত বক্তব্য প্ৰদানৰ বাবে দেশে-দেশে ঘুৰি ফুৰাটো ৰুবেনৰ বাবে ৰুটিন হৈ পৰিছে। ৰুবেনে পঢ়া-শুনাৰ সৈতে নিয়মিতভাবে জিমনাষ্টিক আৰু সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । পৰিয়ালৰ লোক আৰু বন্ধু-বান্ধবৰ সৈতে সময় কটাই ৰুবেনে বৰ ভাল পায়। পূৰ্বে আমেৰিকাৰ Most Beautiful Babyৰ খিতাপো জিলিকিছিল ৰুবেনৰ শিৰত । ৰুবেনৰ প্ৰতিভা ইয়াতেই শেষ নহয় । সৰ্বকনিষ্ঠ আমেৰিকান হিচাপে তেঁও চাওলিন ডো কুংফুত ব্লেক ব্লেট পাইছে । কিন্ত ডাঙৰ হৈ তেঁও কি হব খোজে? ৰুবেনে উত্তৰটো বৰ ধেমেলিয়াকৈ দিলে। দিনৰ ভাগত এজন বিজনেছমেন হ’ব খোজে আৰু ৰাতি চাইবাৰ স্পাই। 


(think change india)