স্মাৰ্ট চিটিৰ বাবে আমি প্ৰস্তুত নে?

স্মাৰ্ট চিটিৰ বাবে আমি প্ৰস্তুত নে?

Wednesday August 03, 2016,

4 min Read

স্মাৰ্ট চিটি মোডী চৰকাৰৰ এক অন্যতম প্ৰকল্প । প্ৰধান মন্ত্ৰীৰ ভাষাত ই এক গণ আন্দোলন আৰু নগৰ উন্নয়ন মন্ত্ৰী ভেঙ্কাইয়া নাইডুৱে ইয়াক নগৰীয়া ৰেনেছাঁ আখ্যা দিছে । ইতিমধ্যে চৰকাৰে এই প্ৰকল্পৰ বাবে বৃহৎ পৰিমাণৰ ধন ধাৰ্য কৰাৰ লগতে ই ভাৰতৰ নগৰীকৰণৰ ছবিখন বৈপ্লবিকভাৱে সলনি কৰি দিব বুলি কোৱা হৈছে ।

বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন, স্মাৰ্ট ষ্ট্ৰীট, বিশেষ পদপথ ইত্যাদিয়ে এই প্ৰকল্পক এক বিশেষ আকৰ্ষণীয় ৰূপ দিছে । বিশেষকৈ যিবোৰ চহৰ বা মহানগৰৰ আন্তঃগাঁঠনি উন্নীতকৰণৰ কথা চলি আছে সেইবোৰ ঠাইত ই যথেষ্ট আগ্ৰহৰ সুচনা কৰিছে । 

image


এই পৰিপ্ৰেক্ষিতত এই পৰ্কল্প ৰূপায়ণৰ বাটত থকা বাধা, সুযোগ আৰু প্ৰয়োজন সমূহৰ ওপৰত এবাৰ চকু ফুৰোৱাটো সমীচিন হব ।

স্মাৰ্ট চিটি মানে কেৱল অত্যাধুনিক প্ৰযুক্তি নহয় । তথ্য প্ৰযুক্তি অথবা ইটো সিটো যন্ত্ৰ-পাতিৰে মানুহৰ জীৱন সহজ কৰাটোও নহয় । এটা কথা ঠিক যে এই যন্ত্ৰবোৰে মানুহক স্মাৰ্ট হোৱাত সহায় কৰে কিন্তু অপৰিকল্পিত নগৰীকৰণ ৰোধ কৰাৰ আহিলা এইবোৰ নহয় । 

মোৰ দৃষ্টিত এনে কিছুমান সমস্যা আছে যিবোৰৰ সমাধান অবিহনে স্মাৰ্ট চিটি প্ৰকল্প সফল হ'ব নোৱাৰে । 

১.স্মাৰ্ট চিটিজেন- স্মাৰ্ট চিটি সফল হ'বলৈ আমাক স্মাৰ্ট চিটিজেন অৰ্থাৎ স্মাৰ্ট নাগৰিকৰ প্ৰয়োজন হ'ব । আজিৰ তাৰিখত আমাৰ অধিকাংশ লোক নাগৰিক হিচাপে উপযুক্ত নহয় । আমি সভ্য সমাজৰ সাধাৰণ নীতি নিয়ম সমূহ মানি চলিবলৈও অপাৰগ । আনকি এই নীতি-নিয়মবোৰ আমি যথেষ্ট ঔদ্ধত্যৰে ভঙ্গ কৰি চলো । স্মাৰ্ট চিটি সফল হ'বলৈ হলে সবাতোকৈ আগতে নাগৰিক সকলক শিক্ষিত কৰিব লাগিব অন্যথা এই প্ৰকল্প সফল নহয় । 

২.স্মাৰ্ট স্থানীয় প্ৰশাসন- আমাৰ নগৰ চহৰবোৰৰ জৰাজীৰ্ণ অৱস্থা, ধ্বংসপ্ৰায় আন্তঃগাঁঠনিৰপৰা এটা কথা স্পষ্ট যে কৰবাত কিবা এটা গণ্ডগোল আছে । স্থানীয় নিকায়সমূহক অধিক প্ৰশাসনীয় অধিকাৰৰ প্ৰয়োজন আছে বিশেষকৈ যিহেতু আমাৰ কিছুমান মহানগৰৰ জনসংখ্যা পৃথিৱীৰ কিছুমান দেশতকৈও বেছি । গতিকে একোখন মহানগৰক যন্তৰৃপাতিৰে ভৰাই তোলাৰ আগতে তাৰ প্ৰশাসন ব্যৱস্থা উন্নত কৰিব লাগিব । 

৩.স্মাৰ্ট পুঁজি- নগৰ সমূহৰ কথা কওঁতে সাধাৰণতে এই বিষয়ে কথা কোৱা নহয় । ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ৰাজহৰ বুজন অংশ নগৰ সমূহৰপৰা আহে । তাথাপি নগৰ সমূহে সেই ৰাজহৰ সমানিপাতিক অংশ লাভ নকৰে । পৌৰ নিগম আৰু সমিতি সমূহৰ হাতত এক কাৰ্যকৰী কৰ ব্যৱস্থা, পুঁজি গঠন কৰাৰ সুবিধা থকা দৰকাৰ আৰু তাৰ লগতে দৰকাৰ দায়বদ্ধতা। 

৪.স্মাৰ্ট পৰিকল্পনা- ভাৰতত নগৰ সমূহ সম্পূৰ্ণ অপৰিকল্পিতভাৱে প্ৰসাৰিত হৈছে । একমাত্ৰ পৰিকল্পিত মহানগৰী আছিল চণ্ডিগড় (৬০ বছৰৰ আগতে) । নগৰ পৰিকল্পনাকৰীসকল দূৰদৃষ্টিসম্পন্ন হোৱা দৰকাৰ । অন্ততঃ ৩০-৫০ বছৰৰ পৰিকল্পনা কৰিব পৰাকৈ দূৰদৃষ্টিৰ প্ৰয়োজন । ভৱিষ্যতে আৱিষ্কাৰ হ'বলগীয়া প্ৰযুক্তিৰ বাবে নগৰ এখনৰ ব্লুপ্ৰিন্টত কিছু সাল-সলনি ঘটোৱাৰ থল ৰখাও প্ৰয়োজন । অৰ্থাৎ আমাক এনেকুৱা স্মাৰ্ট চিটি পৰিকল্পনাকাৰীৰ প্ৰয়োজন যি প্ৰযুক্তি, সৌন্দৰ্য এই আটাইবোৰ দিশ চকুত ৰাখি আগবাঢ়িব । 

৫.স্মাৰ্ট আমোলাতন্ত্ৰ- আমোলাতন্ত্ৰৰ বৰ্তমানৰ মনোভাৱ সলনি হোৱাটো দৰকাৰী । আমাক এনেকুৱা স্মাৰ্ট আমোলাৰ প্ৰয়োজন যি এই কথা বুজিব যে স্মাৰ্ট চিটিখন চলোৱাৰ দায়িত্ব তেওঁলোকৰ কান্ধত । এখন স্মাৰ্ট চিটি নিৰ্মাণৰ পাছত তাত জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু তথ্য বিশ্লেষণ কৰিবলৈ তেওঁলোকক প্ৰশিক্ষম দিয়াৰ প্ৰয়োজন । 

এই তালিকাখন দিঘলীয়া কৰি নি থাকিব পাৰি । শুন্যৰপৰা এখন স্মাৰ্ট চিটি নিৰ্মাণ কৰাটো এখন মহানগৰক স্মাৰ্ট চিটিলৈ উল্লীত কৰাতকৈ সহজ । কিয়নো ইয়াৰ বাবে আমি মহানগৰীখনৰ বাসিন্দা,কলৰ অভ্যাস সলনি কৰিব লাগিব যিটো সহজ কথা নহয় । তদুপৰি, বাট-পথ, আবৰ্জনা নিষ্কাশন, নলা-নৰ্দমাৰ ব্যৱস্থা আদি উন্নীত কৰাটোও প্ৰয়োজনীয় । 

মহানগৰবাসী হিচাপে আমি কিছুমান সেৱা বিনামূল্যে অথবা ৰাজসাহাৰ্য ভিত্তিত পাওঁ । যেনে বিদ্যুৎ, পাৰ্কিং, পানী, জাবৰ নিষ্কাশন ইত্যাদি । আমি এইবিলাকৰ কাৰণে কৰ দিওঁ কিন্তু এই কৰ সেইবোৰ কামতে ব্যৱহাৰ হৈছে নে নাই সেই কথা আমি গম নাপাও । শিক্ষাৰ নামত সংগ্ৰহ হোৱা কৰৰ ১২,০০০ কোটি অব্যৱহৃত হৈ পৰি আছে । স্বচ্ছ ভাৰত কৰেও ইতিমদ্যে ১০০০ কোটি অতিক্ৰম কৰিছে । 

যেতিয়া এজন নাগৰিকে গম পাব যে তেওঁ দিয়া ৰাজহ প্ৰকৃততে সেই উদ্দেশ্যতে ব্যৱহাৰ হৈছে যি উদ্দেশ্যত তাক সংগ্ৰহ কৰা হৈছে, তেতিয়াহে , স্মাৰ্ট চিটি প্ৰকল্প সফল হ'ব । স্মাৰ্ট চিটিৰ বহুবোৰ খৰচ নাগৰিক সকলে বহন কৰিব লাগিব । তাৰ কাৰণে তেওঁলোকে তাৰ যথাৰ্থতা সম্পৰ্কে পতিয়ন যাব লাগিব । 

গতিকে, স্মাৰ্ট চিটি স্থাপন কৰাটো সহজ নহয় । ই কেৱল প্ৰযুক্তি অথবা যন্ত্ৰ-পাতিৰ ব্যৱহাৰ নহয় । ইয়াৰ অৰ্থ হ'ল প্ৰকৃত ছবিখন বুজা আৰু এনে একোখন স্মাৰ্ট চিটিৰ বুনিয়াদ স্থাপন কৰা যি বুনিয়াদ কেইবাটাও প্ৰজন্মৰ নাগৰিকে দেখিবলৈ পাব । 

মূল- টি চিট্টি বাবু

(প্ৰকাশিত মতামত লেখকৰ নিজৰ । )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

চকুৰ পচাৰতে ঋণ দিয়ে কীৰ্তি জৈনে

বিশ্বৰ আটাইতকৈ বেছি বয়সীয় মহিলা শৰীৰচৰ্চাবিদগৰাকী

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

'এই কামটো আগৰ পৰাই কোনোবাই কৰিছে'-এজন উদ্যমী ব্যক্তিয়ে এই কথাষাৰৰ কেনে প্ৰতিক্ৰিয়া কৰিব