যাওঁ ব'ল বুলি বিনা দ্বিধাই ক'বলৈ jaobol.com

যাওঁ ব'ল বুলি বিনা দ্বিধাই ক'বলৈ jaobol.com

Thursday July 14, 2016,

3 min Read

বাইক চলাই কৰবালৈ যাবৰ মন আছে অথচ বাইক এখন নাই । হঠাতে বিচাৰিলেও আনৰ বাইক এখনো পোৱা নাযায় । অথবা আপুনি গুৱাহাটী মহানগৰীলৈ এদিন দুদিনৰ বাবে আহিছে আৰু আপোনাক এখন বাইকৰ প্ৰয়োজন । তেনেহলে আপুনি কি কৰিব ? এই সমস্যাৰ সমাধান লৈ আহিছে jaobol.com নামৰ ষ্টাৰ্টআপটোৱে । 

ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি 

২০১৫ চনত গুৱাহাটীত উবেৰৰ সেৱা আৰম্ভ হৈছিল আৰু ই আন বহুতৰ দৰেই আকৰ্ষিত কৰিছিল ভাৰ্গৱ খনিকৰক । উবেৰৰ বিনামূলীয়া যাত্ৰাৰ সুযোগ গ্ৰহণ কৰি কেইবাদিনো উবেৰত যাত্ৰা কৰাৰ পিচত এই আৰামদায়ক যাত্ৰাৰ প্ৰতি প্ৰচণ্ড টান অনুভৱ কৰিছিল তেওঁলোকে। কিন্তু নিজা উপাৰ্জন নথকা মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰসকলৰ যি সীমিত পকেট মানিৰ সমস্যা থাকে সেয়া ভাৰ্গৱৰো আছিল । গতিকে নিয়মিতভাৱে উবেৰৰ সেৱা উপভোগ কৰা সম্ভৱ নাছিল । লগে লগে মনলৈ আহিল ইয়াৰ কোনো সস্তীয়া বিকল্প সৃষ্টি কৰিব পাৰি নেকি য'ত উবেৰৰ দৰেই উবেৰৰ দৰেই এক উৎকৃষ্ট সেৱা কম খৰচত প্ৰদান কৰিব পাৰি নেকি? ভাৰ্গৱে কথা পাতিলে বন্ধু সতীশ গুপ্তাৰ সৈতে । তেওঁলোকে সিদ্ধান্ত ল'লে টেক্সিৰ বিকল্প হিচাপে অট' ৰিক্সাক লৈ এনে এক সেৱা আৰম্ভ কৰি যোগোযোগ ব্যৱস্থালৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব তেওঁলোকে । কিন্তু অট' চালকক এই সেৱাৰ সৈতে জড়িত হবলৈ মান্তি কৰোৱাটো আছিল কঠিন কাম । লগতে অট' সেৱা প্ৰদানকাৰী জুগনু ইতিমধ্যে গুৱাহাটীৰ বজাৰত প্ৰৱেশ কৰিবলৈ যো-জা চলোৱাৰ কথা তেওঁলোকে গম পালে । লগতে বুজিলে যে তেওঁলোকে ভবা ব্যৱসায় কেইটাৰ ভিতৰত এটাও আৰম্ভ কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহ'ব । অৰ্থাৎ আৰম্ভ হোৱাৰ আগতেই বন্ধ হ'ল তেওঁলোকৰ দুটাকৈ ব্যৱসায় ।

অভাৱেই আবিষ্কাৰৰ মূল

ব্যৱসায় আৰম্ব হোৱাৰ আগতেই হতাশ হ'বলগীয়া হোৱাত মনৰ দুখত শ্বিলং ফুৰি অহাৰ সিদ্ধান্ত ল'লে দুই বন্ধুৱে । শ্বিলং যাবৰ বাবে কোনো বন্ধুৰপৰা দুখন বাইক পোৱা যাব নেকি তাক চালি-জাৰি চাই থাকোঁতেই সতীশৰ মনলৈ আহিল এটা নতুন কথা । বাইক ৰেণ্টেলৰ ব্যৱসায় এটা আৰম্ভ কৰিলে কেনে হয় ?

image


নতুন উৎসাহ, নতুন প্ৰচেষ্টা

কথা মতেই কাম । নতুন উৎসাহেৰে আৰম্ভ হ'ল পৰিকল্পনা । সাঁচতীয়া ধনেৰে দুই বন্ধুৱে আৰম্ভ কৰিলে jaobol.com নামৰ বাইক ৰেণ্টেল প্লেটফৰ্ম । বৰ্তমান ৱেবচাইটযোগে উপলব্ধ এই সেৱাক এপৰ মাধ্যমেৰেও উপলব্ধ কৰোৱাৰ প্ৰস্তুতি চলি আছে । শেহতীয়াকৈ দৈনিক ৪০০ৰ পৰা ১০০০ টকা ভাড়াৰ বিনিময়ত বিভিন্ন মডেলৰ ১৭ খন বাইকেৰে এই সেৱা আগবঢ়াই থকা হৈছে । লগতে এখন গাড়ীও তেওঁলোকৰ এই সেৱাৰ অন্তৰ্ভুক্ত । 

image


ভাৰ্গৱে কয়, 

'আমাৰ চাহিদা যথেষ্ট বেছি কিন্তু আমাৰ সম্পদ সমূহ সীমিত । কিন্তু আমি অতি শীঘ্ৰেই এই সেৱা অধিক প্ৰসাৰিত কৰাৰ চেষ্টা চলাই আছো । আমাৰ চাহিদা আমি আশা কৰাতকৈও বেছি । ' 


এই ব্যৱসায় আৰম্ভ কৰাৰ পাছত বহু অভিজ্ঞতা বাঢ়িছে ভাৰ্গৱ আৰু সতীশৰ । এটা বিশেষ অভিজ্ঞতাৰ কথা উল্লেখ কৰি ভাৰ্গৱে কয় কিদৰে ই তেওঁক অধিক পেছাদাৰী হ'বলৈ শিকাইছে । ভূপালৰপৰা অহা কেইজনমান বন্ধুৱে এবাৰ তেওঁৰপৰা কেইবাখনো বাইক ধাৰলৈ নিলে । বন্ধুত্বৰ খাতিৰত তেওঁ তেওঁলোকৰপৰা কোনো চিকিউৰিটি মানি নল'লে । বন্ধু কেইজনে বাইক কেইখন মেঘলয়লৈ নিয়ে আৰু ঘুৰি আহিবৰ দিনা তেওঁক ফোন কৰি কয় যে বাইক কেইখন দুৰ্ঘটনাগ্ৰস্ত হৈছে । তেওঁ তাৰ ক্ষতিপূৰণ দিবলৈ কয় যদিও তেওঁলোকে সেয়া দিবলৈ অস্বীকাৰ কৰে কিয়নো তেওঁলোকৰ মাজত কোনোধৰণ লিখিত চুক্তি হোৱা নাছিল । কিছু সময় তৰ্কতৰ্কিৰ পাছত তেওঁলোকে তেওঁলোকৰ ফোন সমূহ চুইচ অফ কৰি দিয়ে । ভাৰ্গৱে কয়, 'সেই মূহুৰ্তত মোৰ অনুভৱ হৈছিল এয়াই আমাৰ ব্যৱসায়ৰ শেষ দিন । অতি কষ্টেৰে গঢ়া ব্যৱসায়টোৰ কফিনৰ গজাল মৰা হৈ গ'ল। অৱশ্যে তিনি ঘন্টা পিছত তেওঁলোকে মোক ফোন কৰি কয় যে বাইক কেইখন ঠিকেই আছে । এই কথা শুনি মই সকাহ পালো যদিও সিদ্ধান্ত ল'লো যে আনকি মোৰ মা-দেউতাই বাইক নিবলৈ হ'লেও মই সঠিক কাগজ পত্ৰ ঠিক ৰাখিহে সেয়া দিম ।'

image


২০১৭ চনৰ ভিতৰত দিল্লী আৰু বাঙ্গালুৰুলৈও নিজৰ সেৱা আগবঢ়োৱাক পৰিকল্পনা কৰি আছে jaobol.com এ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

বিপদকো নেওচি বন্যাৰ্তৰ সুৰক্ষাত এজন আৰক্ষী বিষয়া

উত্তৰ-পূবৰ বাবে নতুন বিমান সেৱা

ডিজিটেল আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজত ৰিয়াজ আহমেদ ৱালিকাৰ

মফছল চহৰত ৰূপচৰ্চাৰ সংজ্ঞাকেই সলনি কৰি পেলালে পুৰুলিয়াৰ অপৰ্ণাই