অচিৰেই সকলো শৈক্ষিক প্ৰমাণপত্ৰ উপলব্ধ হব ডিজিটেল মাধ্যমত

অচিৰেই সকলো শৈক্ষিক প্ৰমাণপত্ৰ উপলব্ধ হব ডিজিটেল মাধ্যমত

Monday October 31, 2016,

2 min Read

তিনি মাহৰ ভিতৰত সক্ৰিয় হৈ উঠিব নেশ্বনেল একাডেমিক ডিপজিটৰী যত ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন নিয়োগকৰ্তাৰ বাবে শৈক্ষিক প্ৰমাণপত্ৰ সমূহ ডিজিটেল পদ্ধতিত উপলব্ধ হ'ব । ইয়াৰ দ্বাৰা ভূৱা প্ৰমাণপত্ৰ আৰু ডিগ্ৰীৰ সমস্যআৰপৰাও পৰিত্ৰাণ পোৱা যাব বুলি ধাৰণা কৰা হৈছে । ডিজিটেল ইণ্ডিয়া অভিযানত আন এক মাত্ৰা সংযোজিত কৰিব এই ব্যৱস্থাই ।

image


এই ব্যৱস্থাৰ জৰিয়তে এই প্ৰমাণ পত্ৰ সমূহৰ ডিজিটেল বা ছপা প্ৰতিলিপি লাভ কৰাৰ লগতে এইবোৰৰ সত্যাপণ কৰাৰো ব্যৱস্থা থাকিব । প্ৰধান মন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে এই প্ৰস্তাৱত ইতিমধ্যে সন্মতি প্ৰদান কৰে । ২০১৭-১৮ৰ ভিতৰত এই ব্যৱস্থা সমগ্ৰ দেশজুৰি সক্ৰিয় হৈ উঠিব । 

এই ব্যৱস্থাত আপলোড হ'বলগীয়া নথি সমূহৰ বৈধতাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান সমূহ দায়বদ্ধ হ'ব । এই প্ৰতিষ্ঠান সমূহে সকলো ছাত্ৰ-ছাত্ৰীৰ নথি পত্ৰ এই ব্যৱস্থাত আপলোড কৰিব । এই ব্যৱস্থাত সকলো শৈক্ষিক প্ৰতিষ্ঠান, বেংক, নিয়োগকাৰী প্ৰতিষ্ঠান আদি পঞ্জীয়নভূক্ত হ'ব । 

যিকোনো পক্ষই একোজন ছাত্ৰৰ সন্মতি-সাপেক্ষেহে তেওঁৰ নথি পত্ৰ চাব পাৰিব । ২০১৬-১৭ ৰ বাজেটত এই ডিপজিটৰী স্থাপনৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল । নেশ্বনেল একাডেমিক ডিপজিটৰীয়ে এই তথ্যভাণ্ডাৰৰ সত্যতা, গোপনীয়তা আৰু নিৰাপত্তা সুনিশ্চিত কৰিব । বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান আৰু বিভাগক এই সম্পৰ্কে প্ৰশিক্ষণও দিয়া যাব ।

পি টি আই

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

জীৱনৰ প্ৰতিটো খোজত বিফলতাই গঢ় দিয়া এজন সফল উদ্যমী 

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক