বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে

0

বঙাইগাৱৰ মানিকপুৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কাষত লানি লানি তৰমুজ। ক্ৰমে গৰম বাঢ়ি অহাৰ লগে লগে বৃদ্ধি পাইছে তৰমুজৰ চাহিদা। তৰমুজৰ চাহিদা বৃদ্ধিয়ে হাঁহি বিৰিঙাইছে বঙাইগাঁৱৰ মানিকপুৰ অঞ্চলৰ মতালেব, কাচেম, শোৰহাব, শোভানহঁতৰ মুখত। তৰমুজ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে তেঁওলোকে। প্ৰতিবছৰে অহা বানপানীয়ে এসময়ৰ শস্য শ্যামলা খেতি পথাৰ দৰাত ধু ধু বালিৰ প্ৰলেপ সানি বহু লোকৰ সপোন চুৰমাৰ কৰাৰ পিছত এতিয়া তাতেই সপোন ৰচিছে মতালেব, কাচেমহঁতে।

নামনি অসমৰ বঙাইগাওঁ জিলাৰ মানিকপুৰ অঞ্চল। অঞ্চলটো প্ৰায় প্ৰতিবছৰে ধুৱাই নিয়ে বানপানীয়ে। ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰিলেই বানত বুৰ যায় নামনি অঞ্চলৰ বিভিন্ন ঠাইৰ লগতে বঙাইগাৱৰ মানিকপুৰ অঞ্চলো। ৰুদ্ৰ ৰূপ লয় আই নদীয়ে। প্লাৱন আনে মানাহ নদীয়েও। প্ৰায় প্ৰতি বছৰে অহা বানপানীৰ ফলতে মানিকপুৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা খেতি মাটিত এতিয়া কেৱল বালি। যেন শুকান মৰুভুমিহে। এসময়ত শালি ধানৰ সুন্দৰ খেতি হোৱা পথাৰ সমূহ এতিয়া এৰা পথাৰ। কৃষক সকলে ধান খেতি কৰা বাদ দিলে। কাৰণ বানপানীয়ে পেলাই যোৱা বালিৰ বাবে তাত ধানখেতি ভাল নহয়, দ্বিতীয়তে ধানখেতি প্ৰথমে দুই একে কৰিছিল যদিও সেয়া নষ্ট হয় বানপানীত। আইনদীৰ পানীয়ে চৌৰাগুৰি মথাউৰিটো ভাঙি নিয়াৰ পিছত আৰু অনিশ্চয়তা বৃদ্ধি পালে অঞ্চলটোত। ইতিমধ্যে অঞ্চলটোৰ পৰা বানপানীৰ তাণ্ডৱৰ ফলতে ঘৰবাৰী এৰি আন স্থানলৈ গৈছেগৈ বহু লোক।

মানিকপুৰৰ এই বালিময় মাটিতে জীৱিকা উলিয়াইছে মাণিকপুৰৰ কাৱৈমাৰী গাঁৱৰ কেইজনমান যুৱকে। মতালেব আলী, কাচেম আলি, শোৰহাব আলি আৰু শোভান আলি। এজনৰো শিক্ষা দীক্ষা বৰ বিশেষ নাই। অঞ্চলটোত ধানখেতি নোহোৱাৰ বাবে কামো বিশেষ নোহোৱাৰ দৰেই। নিজৰ মাটি নাই, কিন্তু আনে এৰি থৈ যোৱা বালিময় মাটিতে কিবা এটা কৰাৰ কথা চিন্তা কৰিলে মতালেবহঁতে। আনৰ মাটিকে ন্যুনতম দৰত ভাৰালৈ লৈ আৰম্ভ কৰিলে তৰমুজৰ খেতি। বালিময় মাটিত তৰমুজ লোভ লগাকৈ বাঢ়ি আহিল। বাৰিষা বানপানী অহালৈ অন্ত পৰে তৰমুজৰ খেতি। ইবছৰৰ পিছত সিবছৰকৈ বাঢ়ি আহিল মতালেব, কাচেম হঁতৰ তৰমুজৰ খেতি।

মতালেব, কাচেম, শোৰহাব আৰু শোভান এওঁলোক চাৰিজনে  একেলগ হৈ এইবছৰ তৰমুজৰ খেতি কৰিলে ২০ বিঘা মাটিত।

আমাৰ নিজৰ মাটি নাই। আনৰ বালিয়ে ঢকা মাটিকে ভাৰাত লৈ খেতি কৰিছো। খেতিৰ পৰা লাভবানো হৈছো। আমাৰ প্ৰতি বিঘা মাটিত খৰছ হৈছে ২০ হাজাৰ টকাকৈ। প্ৰতি কিলোগ্ৰামত ১০ টকা, কুইন্টলে প্ৰতি ১০০০ টকাকৈ তৰমুজ বিক্ৰী কৰিছো। আশা কৰিছো প্ৰতিবিঘাত আমাৰ ১লাখ টকালৈ থাকিব।”- শুভান আলীয়ে নিজৰ খেতিৰ কথা ক’লে এনেদৰে

এতিয়া বজাৰ ভৰি পৰিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতৰ খেতিৰ তৰমুজে। বঙাইগাঁৱৰ স্থানীয় বজাৰৰ লগতে নামনি অসমৰ বিভিন্ন অঞ্চলৰ বজাৰলৈ আহিছে তেওঁলোকৰ খেতিৰ তৰমুজ।

কেইবছৰমান আগলৈকে অসমত তৰমুজৰ খেতি কৰা নহৈছিলেই। গুৱাহাটীৰ বজাৰত পোৱা গৈছিল বহিৰাজ্যৰ পৰা অহা তৰমুজ। তৰমুজৰ দামো আছিল অত্যাধিক। কিন্ত এতিয়া অসমৰে কৃষকে তৰমুজৰ খেতি কৰিবলৈ লৈছে। সেই অনুপাতে দামো কৰিছে তৰমুজৰ।

কথাতে কয় মন কৰিলেই চন বকৰা মাটিতে ধন। মতালেব, কাচেম, শোৰহাব, শোভানহঁতে যেন তাকেই হাতেকামে প্ৰমাণ কৰি দেখুৱালে। বাৰিষাৰ বান অহাৰ আগে আগেই তৰমুজৰ খেতি শেষ হয়। বছৰটোৰ অন্য সময়ত তেওঁলোক ব্যস্ত থাকে আন কামত। সময়ত আকৌ তৰমুজৰ খেতি। মতালেব, কাচেম, শোৰহাব, শোভানহঁতৰ দৰে গৰৈমাৰীৰ লগতে নিকটৱৰ্তী কোকিলা গাৱঁৰো বহু যুৱক এতিয়া আকৰ্ষিত হৈছে তৰমুজ খেতিৰ প্ৰতি। এনেদৰে অঞ্চলটোৰ শ শ বিঘা বালি মাটিত তৰমুজৰ খেতিৰে আত্মসংস্থাপন লাভ কৰিছে বহু যুবকে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আপোনাৰ ষ্টাৰ্ট আপ কাহিনীৰ শিৰোনাম কোনে লেখে?

দাৰ্জিলিঙৰ পাদদেশৰ পৰা কেনিয়ালৈ-একম মামিকে কেনেকৈ নিজৰ ষ্টাৰ্টআপৰ ধাৰণা লাভ কৰিলে

‘স্থানীয় ভাষাক উপেক্ষা কৰিব নোৱাৰি, বজাৰ যথেষ্ট বিশাল’

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া