ভাৰত মহাসাগৰৰপৰা সংগৃহীত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে ব্ৰেণ্ডেড জোতা

ভাৰত মহাসাগৰৰপৰা সংগৃহীত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে ব্ৰেণ্ডেড জোতা

Wednesday November 23, 2016,

1 min Read

মহাসাগৰ সমূহত মানুহে পেলোৱা আবৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এডিডাছ কোম্পানীয়ে । সমূদ্ৰ পৰিষ্কৰণৰ বাবে কাম কৰা নিউ য়ৰ্কস্থিত পাৰ্লে ফৰ দা অ'চেনছ নামৰ সংস্থাটোৰ সৈতে লগ লাগি এডিডাছে এই পদক্ষেপ গ্ৰহণ কৰিছে । এই পদক্ষেপ হৈছে সমূদ্ৰত মানুহে পেলোৱা প্লাষ্টিক আবৰ্জনা জোতা বনোৱা কামত ব্যৱহাৰ কৰা ।

Image : Adidas

Image : Adidas


এই জোতাবোৰৰ নাম দিয়া হৈছে আলট্ৰা বুষ্ট আনকেজড পাৰ্লে । ইতিমধ্যে ৭০০০ জোৰ এনে জোতা মুকলি কৰা হৈছে । ২০১৭ চনত আৰু দহ লাখ এনে জোতা নিৰ্মাণৰ পৰিকল্পনা আছে এডিডাছৰ । ইয়াত ১১ নিযুত পেলনীয়া প্লাষ্টিক বটল পুনৰ ব্যৱহাৰ হ'ব ।

প্ৰতি বছৰে বিশ্বজুৰি ৫০ হাজাৰ কোটিৰ পৰা ১ লাখ কোটি প্লাষ্টিক বেগ পেলোৱা হয় । ইয়াৰে অধিকাংশ মহাসাগৰত পেলোৱা হয় । ১ লাখতকৈও অধিক তিমি মাছ, ছীল আৰু কাছৰ এই আবৰ্জনাত লাগি ধৰাৰ বাবে মৃত্যু ঘটে । এই আবৰ্জনাৰ পৰিমাণ বছৰি দুগুণ হৈ গৈ আছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পিছুৱালে আপষ্টাৰ্ট ২০১৬ ৰ তাৰিখ

এগৰাকী মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লোৱা প্ৰথম মহিলা আই পি এছ সুবাষিণী শংকৰণ

এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি