এতিয়াৰে পৰা ষ্টাৰ্টআপসমূহে নীতি নিয়মৰ জটিলতাৰ সলনি নিজৰ ব্যৱসায়ত মনোনিবেশ কৰিব পাৰিব - নিৰ্মলা সীতাৰমণ

এতিয়াৰে পৰা ষ্টাৰ্টআপসমূহে নীতি নিয়মৰ জটিলতাৰ সলনি নিজৰ ব্যৱসায়ত মনোনিবেশ কৰিব পাৰিব - নিৰ্মলা সীতাৰমণ

Saturday January 16, 2016,

2 min Read

বিভিন্ন চৰকাৰী বিভাগৰ নীতি নিয়মৰ বাহুল্য আৰু ৰঙা ফিটাৰ মেৰপেচৰ কথা চিন্তা নকৰাকৈ উদ্যোগীসকলে এতিয়া ব্যৱসায়িক উদ্ভাৱন আৰু ধাৰণাসমূহত মনোনিৱেশ কৰিব পাৰিব ।

ভাৰতত ষ্টাৰ্টআপৰ পৰিবেশ উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰশাসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰ যথেষ্ট গম্ভীৰ । আজি নতুন দিল্লীত ঐতিহাসিক ষ্টাৰ্চআপ ইণ্ডিয়া, ষ্টেণ্ডআপ ইণ্ডিয়া অনুস্থানত বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই মন্তব্য কৰে ।

তেওঁ আৰু কয়, " ২০১৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীৰ ঘোষণা কৰাৰ কৰাৰ পাছৰে পৰা আমি সকলোবোৰ মন্ত্ৰালয়ক জড়িত কৰিছো যাতে এইক্ষেত্ৰটোৰ লগত জড়িত সকলোবোৰ পক্ষকে একেলগ কৰি ন-উদ্যোগীসকলৰ লগত মত বিনিময় কৰিব পৰা যায়।" তেওঁ লগতে কয় যে এইক্ষেত্ৰত এটা ব্যৱস্থা ইতিমধ্য গঢ়ি তোলা হৈছে আৰু ইয়াক ত্বৰাণ্বিত কৰিবলৈ চেষ্টা চলাই থকা হৈছে ।

বিভিন্ন অনুমোদনৰ ক্ষেত্ৰত থকা অস্পষ্টতা আৰু জটিলতা দূৰ কৰাৰ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰেপৰা উদ্যোগীসকলে যথেষ্ট সকাহ লাভ কৰিব । তেওং কয় যে এন ডি এ চৰকাৰৰ লক্ষ্য ষ্টাৰ্চআপসমূহক হাৰাশাস্তি কৰাতো নহয় বৰং তেওঁলোকক আগুৱাই যোৱাত সহায় কৰাটোহে।

image


 "এই ক্ষেত্ৰত সকলো জঞ্জাল দূৰ কৰা হ'ব যাতে উদ্যোগীসকলে নীতি-নিয়মক লৈ অযথা ব্যস্ত হৈ থকাৰ সলনি নিজৰ সৃষ্টিশীলতাত মনোযোগ দিব পাৰে ।"

ইয়াত কোনো সন্দেহ নাই যে উদ্যোগশালতাৰ প্ৰতি দৃষ্টিভঙ্গীৰ ক্ষেত্ৰত ভাৰতত এক বিশাল সাংস্কৃতিক পৰিৱৰ্তন আহিছে । সীতাৰমণে কয় যে ভাৰতীয় যুৱসমাজৰ মাজত চৰকাৰী চাকৰি বিচৰাৰ প্ৰৱণতা কমি আহিছে । " আজিৰ দিনত কোনেও চৰকাৰী চাকৰি নিবিচাৰে বৰঞ্চ নিজৰ ভাগ্যনিয়ন্তা হ'বলৈ বিচাৰে । "

তেওঁ কয় যে ষ্টাৰ্টআপসমূহ ভৰতলৈ অহা, ভাৰতত ব্যৱসায় কৰা আৰু কেৱল প্ৰযুক্তিৰ ক্ষেত্ৰতে আৱদ্ধ নাথাকি আন ক্ষেত্ৰসমূহতো প্ৰৱেশ কৰাটো প্ৰয়োজনীয় । " উদ্যোগশীলতাক জোৰা-তাপলি মৰা ব্।ৱস্থা বুলি কোৱাৰ পৰিবেশ আৰু নাই," তেওঁ কয় । চিলিকন ভেলীৰ পৰা বহু ভাৰতীয় যোৱাটো বছৰত ধেশলৈ ঘুৰি আহাৰ কথা উন্নেখ কৰি তেওঁ কয়, "তেওঁলোকৰ এই দেশখনক যে বহু কিবাকিবি দিব পৰাৰ ক্ষমতা আছে সেই কথা প্ৰমাণ কৰিবলৈ তেওঁলোক ঘুৰি আহিছে।"

"যোৱা এটা বছৰত দেশত ষ্টাৰ্টআপ ফাণ্ডিং ৫০ শতাংশ বৃদ্ধি পাইছে, " তেওঁ কয় । তেওঁ দোহাৰে যে চৰকাৰৰ 'পুঁজিৰ পুঁজি' এইক্ষেত্ৰত এক গুৰুত্বপূ্ৰ্ণ উৎস ।

বিফলতাৰ মূখ দেখিবলগীয়া হোৱা ন-উদ্যোগীসকলৰ বহুতেই কয় যে তেওংলোকৰ আটাইতকৈ ডাঙৰ শত্ৰু আছিল ৰঙ ফিটাৰ মেৰপাক আৰু এইবোৰেই তেওঁলোকক বিফলতাৰ পাছত মূৰ দাঙি উঠাত বাধা দিছে। মন্ত্ৰীগৰাকীয়ে কয় যে বিফলতাৰ পৰা মূৰ দাঙি উঠাত সহায় কৰাৰ বাবে চৰকাৰে বিনিয়োগকাৰী আৰু ষ্টাৰ্টআপসকলৰ বাবে ব্যৱসায়ৰপৰা ওলাই যোৱাটো অধিক সহজসাধ্য কৰিব । দেউলীয়া ঘোষণা সম্পৰ্কীয় বিধেয়কখন ইতিমধ্যে সংসদত আছে ।

য়'ৰ ষ্ট'ৰী, ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ডআপ ইণ্ডিয়া কাৰ্যসূচীৰ অফিচিয়েল পাৰ্টনাৰ >

মূল- অথিৰা নায়াৰ

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী