কলগছৰ আঁহেৰে জীনছ প্ৰস্তুত কৰিছে বয়ন শিল্পী চি ছেকৰে

কলগছৰ আঁহেৰে জীনছ প্ৰস্তুত কৰিছে বয়ন শিল্পী চি ছেকৰে

Saturday May 13, 2017,

1 min Read

চেন্নাইৰ চি ছেকৰ হৈছে এজন বয়ন শিল্পী । কলগছৰ আঁহৰ পৰা জীনছ আৰু স্কাৰ্ট প্ৰস্তুত কৰে । তামিল নাডুৰ অনাকাপুথুৰৰ পৰা অহা ছেকৰৰ এই বিশেষ কাপোৰে ডেনিমতকৈ অধিক পানী শোহে । এই জীনছ বোৰৰ দাম ৫০০০ টকা । বিশ্বজুৰি প্ৰাকৃতিক সামগ্ৰীৰ আদৰ বাঢ়ি অহাৰ সময়ত ছেকৰৰ এই উদ্ভাৱন গুৰুত্বপূৰ্ণ ।

Image source: Livemint

Image source: Livemint


কিছুবছৰৰ আগলৈকে অনাকাপুথুৰ এখন অখ্যাত স্থান আছিল । কিন্তু এতিয়া ই চৌদিশে প্ৰখ্যাত হৈ পৰিছে । ছেকৰে কয়, 

"এই কাপোৰবোৰ প্ৰাকৃতিক ৰঙেৰে বোলোৱা হয় আৰু নাৰিকলৰ খোলাৰ পৰা বনোৱা বুটাম ইয়াত প্ৰয়োগ কৰা হয় । গৰম দিনৰ কাৰণে সংশ্লেষিত কাপোৰৰ ই এক বিকল্প হ'ব পাৰে ।"

ছেকৰে কলগছ আৰু বাঁহগছৰ আঁহৰ পৰা এখন শাৰীও প্ৰস্তু কৰিছিল । তেওঁ আনকি ২৫ বিধ প্ৰাকৃতিক আঁহেৰে এখন শাৰী বৈ উলিয়াইছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পথত চিংৰা বেচি ১.৫ কোটি টকীয়া ব্যৱসায় স্থাপন কৰা এজন ব্যক্তি

পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে