কর্ণাটকৰ ‘এৰ’স্পেচ’ উদ্যোগে ১৯৪০ চনৰে পৰা ‘মেক ইন ইণ্ডিয়া’ নীতি অনুসৰণ কৰি আহিছে

কর্ণাটকৰ ‘এৰ’স্পেচ’ উদ্যোগে ১৯৪০ চনৰে পৰা ‘মেক ইন ইণ্ডিয়া’ নীতি অনুসৰণ কৰি আহিছে

Saturday February 06, 2016,

3 min Read

“আমি ১৯৪০ চনৰ পৰাই ‘মেক ইন ইণ্ডিয়া’ নীতি অনুসৰণ কৰি আহিছো৷ অপোনালোকে জানি সুখী হ’ব যে ইয়াৰ ৭৫ বছৰীয়া ইতিহাসত ‘হল’ (হিন্দুষ্টান এৰ’নটিক লিমিটেড) এ স্বদেশী প্ৰযুক্তিৰে ১৫ খন এয়াৰক্ৰাফ্ট আৰু হেলিকপ্টাৰ তৈয়াৰ কৰিছে”, ইনভেষ্ট কর্ণাটকা ২০১৬ ৰ প্ৰাঙ্গনত ‘হল’ৰ বাঙ্গালোৰ শাখাৰ চি.ই.অ. কাভেৰী ৰঙ্গনাথনে এই মন্তব্য কৰে৷

এৰ’স্পেচৰ বিষয়ে গৱেষণা, উন্নয়ন আৰু উৎপাদনৰ গোট স্থাপন সম্পর্কীয় অনিল আম্বানীৰ ঘোষনাৰ পৰা কর্ণাটকৰ বেলগাম আৰু বাঙ্গালুৰুত ‘এৰ’স্পেচ’ আৰু প্ৰতিৰক্ষাৰ বাবে বিশেষ অর্থনৈতিক মণ্ডল (স্পেচিয়েল ইক’নমিক জ’ন) স্থাপন কৰাৰ ঘোষণালৈকে সমগ্ৰ পৰিস্থিতিটো অনুধাৱন কৰি কর্ণাটকত এটা উদ্যোগ হিচাপে এৰ’স্পেচৰ বিকাশ আৰু সম্ভাৱনাক লৈ ভু-ৰখা মহলে যথেষ্ট আশাবাদী ৷

image


কর্ণাটক - সম্ভাৱনাৰ এক উজ্জল নক্ষত্ৰ

টয়টা কিৰল’চকাৰৰ ভি.চি. (ভাইচ চেয়াৰমেন) আৰু চি.আই.আই. ৰ চেয়াৰমেন ‘শেখৰ বিশ্বনাথন’ এ কর্ণাটকত ‘এৰ’স্পেচ’ৰ ক্ষেত্ৰত বিকাশৰ এই ব্যাপক ধাৰাটো সম্পর্কে মতামত দিবলৈ গৈ প্ৰকাশ কৰে যে ৰাজ্যখনত এই বিষয়ত সহজাত প্ৰতিভাধাৰী বহু লোক থকা বাবেই উদ্যোগটোত এই বৃহৎ উত্তৰণ সম্ভৱ হৈছে৷

শেখৰ বিশ্বনাথনে লগতে এই কথাও উনুকিয়াই দিয়ে যে কর্ণাটকৰ অর্থনৈতিক বৃদ্ধিৰ হাৰ সামগ্ৰিকভাৱে ভাৰতৰ অর্থনৈতিক বৃদ্ধিৰ হাৰতকৈ বহু বেছি৷

মাহিন্দ্ৰা ডিফেঞ্চ আৰু এৰ’স্পেচৰ গ্ৰুপ চেয়াৰমেন এচ.পি.শুক্লাই কয়, “কর্ণাটক ৰাজ্যখন বিভিন্ন সম্পদেৰে ভৰি আছে আৰু এই সম্পদসমূহেই উদ্যোগ গঢ়াৰ বাবে আগ্ৰহী লোকসকলক ইয়ালৈ হাতবাউল দি মাতিছে৷ আৰু আমি এইবোৰৰ সুবিধা লৈয়ে ৰাজ্যখনত এক বৃহৎ কলেবৰৰ উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হৈছো”৷

যোগান আৰু চাহিদাই য’ত সেঁতু গঢ়ে

এচ.পি.শুক্লাই লগতে কয় যে ভাৰতত ঔদ্যোগিক প্ৰয়োজনৰ বাবে সা-সৰঞ্জামৰ বর্দ্ধিত চাহিদালৈ লক্ষ্য ৰাখি চৰকাৰে এই খণ্ডটো ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ যথেষ্ট থল আছে৷ এই ক্ষেত্ৰত মাহিন্দ্ৰাই ৰাজ্যখনত শেহতীয়াকৈ ৬০০০ লোকক কর্মসংস্থান দিয়া বুলিও তেখেতে উল্লেখ কৰে৷

তেখেতৰ সুৰতে সুৰ মিলাই এয়াৰবাচ ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰীনিৱাসন দ্বাৰক্কানাথে কয় যে বিগত এটা দশক ধৰি এয়াৰবাচ ইণ্ডিয়া হল ৰ সৈতে অসামৰিক বিমান সেৱাৰ এই ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ আছে৷ আগন্তুক কেইটামান বছৰত আৰু ১৩০০ খন এয়াৰক্ৰাফ্টৰ চাহিদা বৃদ্ধি হোৱাৰ স্পষ্ট সম্ভাৱনা থকাৰ কথাটোও তেখেতে লগতে ব্যক্ত কৰে৷ তেখেতৰ মতে এয়াৰবাচ ইণ্ডিয়াৰ কর্ণাটক সংমণ্ডল সেই লক্ষ্যত উপনীত হোৱাৰ দিশে সুদৃঢ়ভাৱে আগবাঢ়িছে৷ শেহতীয়াকৈ ৰাজ্যখনে স্থল যাতায়তৰ ক্ষেত্ৰত বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থাৰ সন্মূখীন হোৱালৈ লক্ষ্য কৰি তেখেতে ৰাজ্যখনত সাধাৰণ বিমান সেৱাৰ প্ৰয়োজনীয়তাৰ কথাটো উল্লেখ কৰি এইদিশতো মাহিন্দ্ৰই নির্দিষ্ট লক্ষ্য অভিমূখে আগবঢ়া বুলি মতামত ব্যক্ত কৰে৷

য়’ৰ ষ্ট'ৰীৰ প্ৰত্যাশা

ইনভেষ্ট কর্ণাটকা ২০১৬ অনুষ্ঠানত এৰ’স্পেচ আৰু প্ৰতিৰক্ষা ক্ষেত্ৰখনৰ ব্যাপক উথ্থানকলৈ সকলো উৎসাহী হৈ থকা লগতে প্ৰত্যেকেই ৰাজ্যখনত বহুবোৰ বুনিয়াদী সুবিধা আৰু স্থল যাতায়াত ব্যৱস্থাৰ অসূচল অৱস্থাটো সম্পর্কে বিশেষভাৱে উদ্বেগ প্ৰকাশ কৰে৷

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যিমান পাৰি খৰতকীয়াকৈ এই অৱস্থাৰ পৰা পৰিত্ৰাণৰ উপাই নুলিয়ালে ইয়ে ৰাজ্যখনৰ উন্নয়নৰ বাটত হেঙাৰ হৈ থিয় দিব বুলিও সকলোৱে একেমূখে মত ব্যক্ত কৰে৷

তৎস্বত্বেও কিন্তু এৰ’স্পেচ উদ্যোগৰ ক্ষেত্ৰত কর্ণাটকৰ ২০ বিলিয়ন ডলাৰৰ এক বৃহৎ ব্যৱসায়ৰ সম্ভাৱনা আছে বুলি শ্ৰীযুত শেখৰে কয়৷

মূল ৰচনা – সিন্ধু কাশ্যপ

অসমীয়া অনুবাদ – মণি ভট্টাচার্য্য


এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

অন্যদেশৰ তুলনাত ভাৰতৰ অৰ্থনীতি অধিক উন্নত আৰু স্থিতাৱস্থাত আছেঃ জেটলী

কৰ্ণাটক একমাত্ৰ ৰাজ্য য'ত আমি বিনিয়োগ কৰিছো-ভ'লভ ইণ্ডিয়াৰ সঞ্চালক প্ৰধান কমল বালি

উদ্যোগ আৰু ঔদ্যোগিক বিকাশৰ বাবে কৰ্ণাটকে বহুখিনি অৱদান আগবঢ়াব পাৰে-কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দৰমায়া

কৰ্ণাটকত ব্যাৱসায় সহজসাধ্য কৰি তোলাৰ প্ৰয়াস