দুজন নেত্ৰহীনৰ অনন্য প্ৰয়াস, শাৰিৰীকভাৱে অক্ষমসকলৰ বাবে প্ৰতিষ্ঠা ‘ডিচেবল্ড মেট্ৰিমনিয়েল’

দুজন নেত্ৰহীনৰ অনন্য প্ৰয়াস, শাৰিৰীকভাৱে অক্ষমসকলৰ বাবে প্ৰতিষ্ঠা ‘ডিচেবল্ড মেট্ৰিমনিয়েল’

Monday January 11, 2016,

4 min Read

প্ৰত্যাহ্বান যিমানেই নাথাকক কিয় সাহস থাকিলে লক্ষ্যত উপনীত হোৱাটো নিশ্চিত। ইয়াৰবাবে সময়ৰ প্ৰয়োজন কিন্তু এইসময়চোৱাত ভাগ্যক ধিয়াই থকাতকৈ ইয়াক নিজে আগুৱাই যাবলৈ ব্যৱহাৰ কৰাটোহে শ্ৰেয়।ইয়াত আটাইতকৈ প্ৰয়োজনীয় উপাদান হৈছে ভালপোৱা। নিজৰ আপোনজনৰ পৰা পোৱা ভালপোৱাই ইয়াত ডাঙৰ সাহস।কিন্তু এনে এজন ব্যক্তি আছে যিজনে আপোনাক অন্যধৰণে এই কথা ক’ব বিচাৰিব।

প্ৰেম হেনো অন্ধ, এইকথা বহুতেই কয়। কিন্তু বাস্তৱতে কোনো সামান্য ব্যক্তিয়ে এজন নেত্ৰহীনৰ সৈতে বিয়া পাতিব নিবিচাৰে।

এইকাহিনী হৈছে লুধিয়ানাত বাস কৰা অংকিত কাপুৰৰ।শৈশৱতে দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অংকিতে বৰ্তমান নিজৰ বন্ধু সন্দীপ খুৰানা আৰু এজন জ্যোতিষীৰ সৈতে লগ হৈ এটা মেট্ৰিমনিয়েল ৱেবছাইট পৰিচালনা কৰি আছে।এই ব্যতিক্ৰমী ৱেবছাইটটোত শাৰিৰীকভাৱে বাধাগ্ৰস্তসকলক নিজৰ জীৱন সংগী নিৰ্বাচনৰ সুযোগ দিয়া হয়।

image


ডিচেবল্ড মেট্ৰিমনিয়েল ডট কম নামৰ এই ৱেবছাইট আৰম্ভ কৰা অংকিত কাপুৰৰ বন্ধু সন্দীপো নেত্ৰহীন।সৰুতেই এটা দুৰ্ঘটনাত সন্দীপে নিজৰ দৃষ্টিশক্তি হেৰুৱাইছিল। দুয়োজনে লুধিয়ানাৰ নেত্ৰহীন সকলৰ বিদ্যালয়ৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰিছে। তেতিয়াৰ পৰা অব্যাহত এই বন্ধুত্ব চাকৰিকাললৈকে অক্ষুণ্ণ থাকে। দুয়োজনে চৰকাৰী চাকৰি কৰে। এই চাকৰিকালতে দুয়োজন বন্ধুৱে জ্যোতিষী বিনয় খুৰানাক লগ পায়। তিনিওজনে মিলি সমাজৰ বাবে কিবা কৰিবলৈ মন বান্ধে। দৰাচলতে এই ভাৱ আটাইকেইজনৰ মনত আগৰেপৰা আছিল কিন্তু ইয়াক বাস্তৱায়িত কৰাৰহে সময় আহি পৰিছিল। তিনিওজনে আহুতি চেৰিটেবল ট্ৰাষ্ট নামৰ এনে এটা সংস্থা প্ৰতিষ্ঠা কৰে যিয়ে শাৰিৰীকভাৱে অক্ষমসকলৰ বিয়া, পঢ়া-শুনাৰ দায়িত্ব লোৱাৰ লগতে তেওঁলোকক বিভিন্নধৰণে সহায় কৰি আহিছে।অংকিতে ইয়ৰ ষ্ট'ৰীক কয়,

কলেজত থকাৰ দিনতে আমি ছছিয়েল নেটৱৰ্কিং ছাইটৰ সংস্পৰ্শলৈ আহিছিলো।এনেদৰে আমি বিভিন্ন প্ৰান্তৰ মানুহৰ সৈতে চিনাকী হোৱাৰ লগতে লুধিয়ানাৰ বাহিৰতো বহুতৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিছিল।তেতিয়াই মই অনুভৱ কৰিছিলো যে আজিৰ দিনত শাৰিৰীকভাৱে বাধাগ্ৰস্তসকল আইএএছ,পিচিএ,উকীলৰূপে প্ৰতিষ্ঠিত হ’লেও বৈবাহিক সম্বন্ধ স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট বাধাৰ সন্মুখীন হ’বলগীয়া হয়।মানুহে প্ৰায়ে চিন্তাত ভোগে যে তেওঁৰ এনে সন্তানে পঢ়া-শুনা কৰি চাকৰি পালেও বিয়া কেনেকৈ হ’ব?
image


ৱেবছাইটেই কিয়?

প্ৰেম, বেদনা, সুখ, দুখ আদি জীৱনত ভালদৰে অনুভৱ কৰা অংকিতৰ মতে মানুহৰ মানসিকতা আজিও সলনি হোৱা নাই। তেওঁ কয় যে, “মই দেখা পাইছিলো যে মানুহে শাৰিৰীকভাৱে অক্ষমসকলৰ বিয়া-বাৰু কৰোৱাবলৈ ভয় কৰে আৰু তেতিয়াই মই এই দায়িত্ব গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো।মই এই কামত নিজৰ বন্ধু সন্দীপ অৰোৰা আৰু জ্যোতিষী বিনয় খুৰানাৰ সহায় ল’লো।”

অংকিতে লগতে জনায় যে শাৰিৰীকভাৱে অক্ষমসকলৰ বিয়াত সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলেও এই কাম তেওঁ কেনেকৈ কৰিব সেয়া চিন্তা কৰি উলিয়াব পৰা নাছিল। তেতিয়া তেওঁৰ দৃষ্টিত পৰিছিল যে বৈবাহিক সম্বন্ধ গঢ়িবৰ বাবে বহুতো ৱেবছাইট আছে কিন্তু শাৰিৰীকভাৱে বাধাগ্ৰস্তসকলৰ বাবে এনে কোনো ৱেবছাইট এইপৰ্যন্ত নাই।ইয়াৰ পিছতে তেওঁ এই ৱেবছাইট নিৰ্মাণৰ বাবে লগৰীয়াকেইজনৰ সৈতে ৬-৭মাহ সময় অশেষ কষ্ট কৰে।তেওঁলোকৰ এই পৰিশ্ৰম সফল হয় আৰু ২০১৪চনৰ মে’ মাহৰ পৰা ডিচেবল্ড মেট্ৰিমনিয়েল ডট কমে শাৰিৰীকভাৱে বাধাগ্ৰস্তসকলক বৈবাহিক সম্বন্ধত বান্ধি আহিছে।

ৱেবছাইটৰ বিশেষত্ব

বৰ্তমান এই ৱেবছাইটত ৮০০ৰো অধিক শাৰিৰীকভাৱে অক্ষম পাত্ৰ-পাত্ৰীৰ প্ৰফাইল আছে। ইয়াৰ এটা উল্লেখযোগ্য দিশ হৈছে যিকোনো এজন ব্যক্তিয়ে এই ৱেবছাইটত বিনামূলীয়াকৈ পঞ্জীয়ন কৰি আনৰ প্ৰফাইল চাব পাৰে।ইয়াৰ লগতে প্ৰয়োজন অনুসৰি অনলাইন কথা-বাৰ্তা হোৱাৰো সুবিধা ইয়াত আছে। পৰৱৰ্তী সময়ত পাৰস্পৰিক সন্মতিত ইজনে সিজনক যোগাযোগ কৰিব পাৰে,নিজৰ ফটো পঠিয়াব পাৰে। কেৱল কাৰিকৰী দিশৰ সৈতে পৰিচিত ব্যক্তিৰ বাবেই নহয় আনসকলৰ বাবেও ইয়াত সুবিধা আছে। টেকনিকেল দিশৰ বিষয়ে অজ্ঞসকলে ইয়াত থকা এখন ফৰ্ম পূৰা কৰি ডাকযোগে প্ৰেৰণ কৰিব পাৰে আৰু ইয়াৰ পিছতে তেওঁ ৱেবছাইটত আপলড কৰা তথ্যসমূহ লাভ কৰিবলৈ সক্ষম হয়।অংকিতে জনোৱা মতে এইপৰ্যন্ত মহাৰাষ্ট্ৰ আৰু ছত্তীশগঢ়ত থকা দুজন ব্যক্তিৰ বিবাহ এই ৱেবছাইটৰ দ্বাৰা সম্পন্ন হৈছে।

image


বৃহৎ সমস্যা হৈছে বিনিয়োগ

ৱেবছাইট নিৰ্মাণৰ বাবে টকা যোগাৰ কৰাটো এক প্ৰত্যাহ্বানৰ কাম,অংকিতে জনায়।এইক্ষেত্ৰত মানুহৰ মানসিকতা এতিয়াও বহু পৰিৱৰ্তন হ’বলৈ বাকী।তেওঁ কয় যে,

“মানুহে শাৰিৰীকভাৱে অক্ষমসকলৰ বাবে স্কুল ফীজ দিব পাৰে, তেওঁলোকৰ বিয়া-বাৰুৰ বাবে সহায় কৰিব পাৰে কিন্তু যেতিয়া আমি তেওঁলোকক কওঁ যে আমি এটা ৱেবছাইট নিৰ্মাণ কৰিব বিচাৰোঁ।তেতিয়া সহায়ৰ বাবে কোনো আগবাঢ়ি নাহে।”

সেইবাবেই ৱেবছাইটতো নিৰ্মাণৰ বাবে অংকিত আৰু সন্দীপে নিজৰ জমা ধন ইয়াত বিনিয়োগ কৰে।কেৱল ইমানেই নহয় ইয়াক নিৰ্মাণ কৰাৰ পূৰ্বে তেওঁলোকে ঠিৰাং কৰে যে এই ৱেবছাইটতো তেওঁলোকে শাৰিৰীকভাৱে বাধাগ্ৰস্তসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে নিৰ্মাণ কৰিব।ইয়াত তেওঁলোকে ব্যৱসায়িক লাভালাভক গুৰুত্ব দিয়া নাছিল।তেওঁলোকৰ এই প্ৰয়াস সফল হয় আৰু বৰ্তমান ৱেবছাইটটোত দৈনিক ১৫-২০জন লোক প্ৰতিদিনে আহে।ইয়াৰ পিছত তেওঁলোকে টল ফ্ৰী নম্বৰ আৰু এটা এপ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।কিন্তু বিনিয়োগ লাভ কৰিলেহে তেওঁলোকৰ এই প্ৰয়াস সফল হ’ব।

চৰকাৰী চাকৰি কৰিলেও সন্দীপ আৰু অংকিতে এই কামৰ বাবে নিজৰ সময় ৰাহি কৰি লৈছে।ছছিয়েল ছাইটত সক্ৰিয় হৈ থকা অংকিতৰ মতে, “এয়া এক সামাজিক কাম আৰু মই প্ৰযুক্তিৰ অপব্যৱহাৰ নকৰোঁ।” এই কাম কৰোতে তেওঁলোকে বহুধৰণৰ অভিজ্ঞতা আহৰণ কৰিছে।অংকিতৰ মতে, “মই দেখা পাইছিলো যে মানুহে এতিয়া নিৰক্ষৰতাকো শাৰিৰীক বাধা বুলিয়ে গ্ৰহণ কৰে আৰু আমাৰ ৱেবছাইটত এনে বহু লোক আছে যিয়ে কয় যে মোৰ ল’ৰা বা ছোৱালীজনী নিৰক্ষৰ আৰু তেওঁৰ বাবে কোনে অক্ষম সংগী বিচৰাত সহায় কৰক।” তেওঁলোকৰ মতে সমাজৰ পৰিৱৰ্তন হৈছে কিন্তু ইয়াৰ গতি এতিয়াও বহুত মন্থৰ।এইদিশত কৰিবলগীয়া বহুতো আছে।অংকিতৰ ভাষাত, “বহুতো অক্ষম ব্যক্তিয়ে এইপৰ্যন্ত প্ৰযুক্তিৰ সৈতে সংযুক্ত হ’ব পৰা নাই আৰু আমাৰ প্ৰয়াস হৈছে এইসকলক লগত লৈ আগবঢ়া।”

মূল-হৰিশ বিষ্ট

অনুবাদ-তুলিকা দেৱী