প্ৰতিদিনে সলনি হ'ব পেট্ৰল ডিজেলৰ মূল্য

প্ৰতিদিনে সলনি হ'ব পেট্ৰল ডিজেলৰ মূল্য

Saturday June 10, 2017,

1 min Read

১৬ তাৰিখৰপৰা খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতত প্ৰতিদিনে সলনি হ'ব পেট্ৰল আৰু ডিজেলৰ মূল্য । মে মাহৰ ১ তাৰিখৰপৰা জামছেদপুৰ, পুডুচেৰী, চণ্ডীগড়, ৱিশাখাপট্টনম আৰু উদয়পুৰ - এই পাঁচখন মহানগৰীত এই ব্যৱস্থা চলি আহিছে । ইয়াৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড, ইণ্ডিয়ান অয়ল কৰ্পৰেচন লিমিটেড আৰু ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডে এই ব্যৱস্থা দেশজুৰি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে । 

প্ৰতিটো প্ৰতিষ্ঠানে খুচুৰা মূল্য ন্যূনতম ৰায়কিবলৈ যত্ন কৰিব । যদিও প্ৰতিদিনৰ মূল্যৰ পাৰ্থক্য মাত্ৰ ১৫/২০/৩০ পইছাহে হব তথাপি ই ক্ৰেতাৰ বহু ধন ৰাহি কৰিব । 

Image: The Logical Indian

Image: The Logical Indian


প্ৰতিদিনে মূল্যৰ সালসলনি হোৱাৰ বাবে পেট্ৰল পাম্পবোৰ প্ৰতি নিশাই কিছু সময়ৰ বাবে বন্ধ থাকিব । কিয়নে প্ৰয়োজনীয় সালসলনিৰ বাবে সেই সময়ৰ প্ৰয়োজন হ'ব ।

ইয়াৰ ফলত পেট্ৰল ডিজেলৰ খুচুৰা মূল্যৰ সাল-সলনি বহু পৰিমাণে স্থিৰ হ'ব বুলি কোৱা হৈছে । আনহাতে ই সমগ্ৰ ব্যৱস্থাটো অধিক স্বচ্ছ কৰি তুলিব । শোধনাগাৰ অথবা ডিপোৰ পৰা খুচুৰা বিক্ৰী কেন্দ্ৰলৈ তেলৰ পৰিবহণ অধিক সহজ হৈ উঠিব । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পঢ়া-শুনা আৰু মডেলিঙত সমানে আগ ৰণুৱা মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ পঙ্খূৰি গিডৱানি

নাছাৰ তৃতীয়জন ভাৰতীয় মূলৰ মহাকাশচাৰী ৰাজা চেৰী

ৰিক্সাচালক বাবলুৱে যিটো কৰ্মফল কল্পনাও কৰা নাছিল