৫৪ বছৰীয়া জয়ন্ত ৰেড্ডিৰ আন এক বিশ্ব ৰেকৰ্ড

৫৪ বছৰীয়া জয়ন্ত ৰেড্ডিৰ আন এক বিশ্ব ৰেকৰ্ড

Friday September 16, 2016,

2 min Read

চেকেণ্ডত এখন হাতেৰে ছটা ঘোচা মৰাটো হয়টো ব্ৰুচ লীৰ কোনো চিনেমাৰ দৃশ্য যেন লাগিব পাৰে । হায়দৰাবাদৰ ৫৪ বছৰীয়া জয়ন্ত ৰেড্ডিয়ে পিছে আৰু এখোপ আগুৱাই গৈ ৬০ চেকেণ্ডত ৩৫২ টা ঘোচাৰে গীণিজ ৱৰ্ল্ড ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে ।

Image : (L) - The Hindu; (R) - Youtube

Image : (L) - The Hindu; (R) - Youtube


১৪ বছৰ বয়সৰপৰা টাইকোৱানডো অভ্যাস কৰা জয়ন্তে ১০ টা বিশ্ব ৰেকৰ্ড এতিয়ালৈ ভঙ্গ কৰিছে । বিশ্ব ৰেকৰ্ডৰ এই ধাৰা তেওঁ আৰম্ভ কৰিছিল ২০১০ চনত যেতিয়া তেওঁ এক মিনিটত সৰ্বোচ্চ সংখ্যাক ৰাউণ্ড কিক মৰাৰ অভিলেখ ভঙ্গ কৰিছিল ।

"এই অভিলেখৰ বিশেষত্ব হৈছে যে ইয়াক বিশ্বৰ ২৫০ খন দেশত চেষ্টা চলোৱা হৈছিল আৰু মই এজন বৃটিছৰ ৩৩৩ টা ঘোচাৰ অভিলেখ ভঙ্গ কৰিবলৈ সক্ষম হৈছিলো ।" জয়ন্তে কয় । পাঁচবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন আৰু আঠটা ইউএছ প্ৰছিডেন্সিয়েল স্পৰ্টছ বঁটা বিজয়ী জয়ন্তৰ আশা আগন্তুক দিনত অলিম্পিক বঁটা বিজয়ী ভাৰতীয় টাইকোৱাণ্ডো খেলুৱৈ সৃষ্টি কৰাটো ।

"মই ১৯৯৬-৯৭ত মোৰ একাডেমী খুলিছিলো আৰু তেতিয়াৰেপৰা মই পাঁচ লাখতকৈও অধিক খেলুৱৈক প্ৰশিক্ষণ দিছো । ২০১৭ চনৰ নৱেম্বৰৰ ভিতৰত আমি আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ লীগ আৰম্ভ কৰিম আৰু ইয়াত ভাৰতৰ উপৰিও থাইলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈয়ে যোগদান কৰিব ।" জয়ন্তে কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে

পেৰালিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা দীপা মালিক