ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

Monday February 22, 2016,

4 min Read

থলুৱা কিম্বা পৰম্পৰাগত আহাৰ আপুনি সদায় খাইছে । কিন্তু এই সকলো ধৰণৰ আহাৰক ফিউজন কৰি যে খাব পাৰি , সেই বিষয়ে আপুনি জ্ঞাতনে ? সকলো ধৰণৰ আহাৰক ফিউজন কৰি থলুৱা আৰু পৰম্পাগত আহাৰক এখোপ আগুৱই লৈ যোৱাৰ প্ৰচেষ্টা ব্ৰতী হৈছে জ্যোতি দাস ।

মহানগৰীৰ উজান বজাৰৰ বাসিন্দা জ্যোতি দাসে ইতিমধ্যে নিজৰ সৃষ্টিশীলতাৰে সৃষ্ট বিভিন্ন ৰন্ধন প্ৰণালীৰ সম্পৰ্কে গ্ৰন্থ প্ৰকাশ কৰি যথেষ্ট সমাদৃত হৈছে । পৰম্পৰাগত আৰু থলুৱা ৰন্ধন প্ৰণালীক প্ৰদান কৰিছে অন্যতম মাত্ৰা ।

image


খাই ভালপোৱা অথবা ৰান্ধি ভালপোৱা প্ৰায় সকলো মানুহৰে হবি থাকে । কিন্তু অনুসান্ধিৎসু মনেৰে ৰন্ধন সম্পৰ্কে খচুৰি খচুৰি জ্ঞান লৈ অথবা শিকি সমাজৰ বাবে আগবঢাই দিয়াটো হয়টো কম মানুহে ওলাব । কিন্তু ইয়াৰ ব্যতিক্ৰম হল জ্যোতি দাস । ৰন্ধনৰ সম্পৰ্কে ইমান প্ৰচুৰ জ্ঞানৰে কেনেকৈ সমৃদ্ধ হল জানিব বিচৰাত জ্যোতি দাসে এনেদৰে কয় ।

সৰুৰে পৰা মই ডাঙৰ হৈছিলো শ্বিলঙৰ কচমপলিটান ছ’চাইটিত । আমাৰ সেই ছ’চাইটি খনত বিভিন্ন ঠাইৰ মানুহ যেনে দক্ষিণ ভাৰত, উত্তৰ ভাৰত তথা নেপালী, বেঙ্গলী, আদি বহু ধৰনৰ মানুহ আছিল । সকলোৱে আমাৰ ঘৰলৈ আহ- যাহ কৰিছিল আৰু আমিও গৈছিলো । সেই সূত্ৰে বিভিন্ন ধৰণৰ ব্যঞ্জনৰ ৰেচিপি আমি অদান প্ৰদান কৰিছিলো । সেয়াই শিকাৰ বাবে এক প্ৰকাৰৰ আৰম্ভণী বুলি ক’ব পাৰো । ইয়াৰ উপৰিও মোৰ দেউতাৰ কাৰ্য্য কৰ্মই মোক ৰন্ধন বাবে অনুপ্ৰাণিত কৰিছিল । কিয়নো দেউতাই ৰান্ধি ভাল পাইছিল । দেউতা অসম পুলিচ ৰেডি’অ অৰ্গনাজেইচনৰ (Radio Organisation) কৰ্মৰত বিষয়া অছিল সেইসূত্ৰে কৰ্মৰ খাতিৰত বিভিন্ন ঠাই ভ্ৰমি ফুৰিব লগা হৈছিল, আমোদজনক ভাবে মণিপুৰৰ ৰজাই ককাক এটা বাকচ দিছিল আৰু সেই বিশেষ বাকচটোৰ ভিতৰত দেউতাই বিভিন্ন ধৰনৰ ৰন্ধনৰ বয় বস্তু সা- সামগ্ৰী লৈ বিভিন্ন ঠাইলৈ গৈছিল আৰু প্ৰয়োজন অনুসাৰে ৰান্ধি খাইছিল । ইয়াৰ পিছত বৈবাহিক সূত্ৰে মোৰ গৃহস্থৰ চাকৰিৰ তাড়নাত বিভিন্ন ঠাইলৈ গৈছিলো । বিভিন্ন ঠাইৰ মানুহৰ পৰা ৰেচিপি সংগ্ৰহ কৰি জানিব বিচাৰিছিলো, সেই ক্ষেত্ৰত ডিব্ৰুগড় খোৱাঙৰ চাংমাই গাৱৰ হেমন্তী গগৈৰ মাতৃ বিশেশ্বৰী গগৈ নাম বিশেষ বাবে উল্লেখযোগ্য । সমূহ অসমৰ বিভিন্ন গাৱঁৰ পৰিবেশেত জুতি লোৱা খাদ্য, শিকি লোৱা কাৰ্য্যইও যথেষ্ট সহায় কৰিলে ।

image


জ্যোতি দাসে ৰন্ধনৰ গ্ৰন্থ প্ৰকাশ কৰাৰো এটা কাহিনী আছে । এবাৰ আমৰ আচাৰ বনাইছিল আৰু আমৰ আচাৰ খাবলৈ খুৱেই সোৱাদ হৈছিল । আচাৰ বনোৱাৰ পৰা আনক পৰিবেশনৰ কৰালৈকে ঠিকেই হৈছিল । কিন্তু মাকে আমৰ আচাৰ বনোৱা পদ্ধতিটো সোধাত তেওঁ ক'ব পৰা নাছিল । ভৱিষ্যতে পাহৰি নাযাবৰ বাবে মাকে তেঁওক লিখি ৰাখিবলৈ পৰামৰ্শ দিছিল আৰু তেতিয়াৰে পৰা এইবোৰ লিখি থৈছিল আৰু পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল।

বৰ্ত্তমানলৈকে জ্যোতি দাসে ১১ খন গ্ৰন্থ লিখি উলিয়াইছে । সেই কেইখন হল “আপোনাৰ আখলত চীনদেশীয় ব্যঞ্জন” Ambrossia From Assamese Kitchen, খাৰৰ জুতি, মিঠা জুতি, পিঠাৰ জুতি আচাৰৰ জুতি, আমাৰ থলুৱা ব্যঞ্জন, মাংসৰ বিবিধ জুতি, আমাৰ আহাৰ ইত্যাদি । উল্লেখযোগ্য যে জ্যোতি দাসৰ প্ৰায় বোৰ গ্ৰন্থত কেবল ৰেচেপিৰ জ্ঞানেই নহয়, খাদ্যৰ পৰম্পৰা, ইতিহাস আৰু খাদ্যৰ গুণাগুণ সম্পৰ্কে সুন্দৰ ভাবে বৰ্ণনা কৰা হৈছে । গ্ৰন্থ প্ৰকাশৰ উপৰিও দাসে বিভিন্ন কাকত আলোচনীত নিয়মীয়া কৈ লেখা- মেলা কৰে ।

উল্লেখযোগ্য যে জ্যোতি দাসে www.assamesecuisine.com ৰ website ৰ মাধ্যমেৰে অসমীয়া আহাৰৰ লগতে সংস্কৃতি আৰু ঐতিহ্যক বিশ্বত বিয়পাই দিয়াৰ প্ৰয়াস কৰিছে । যাৰ বাবে ২০১৪ চনত E-North East Award ৰ Cultural Heritage ৰ ফালৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছিল ।

image


এই ৱেব চাইটটোত কেৱল অসমীয়া খাদ্যৰ ৰন্ধন প্ৰকৰণেই নহয় অসমীয়া আ- অলংকাৰ, সাজপাৰ, বাচন বৰ্তন আদিয়ো বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিছে । ২০০৮ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা ৱেব চাইটটোত বৰ্তমান লৈকে ৪ লাখৰো অধিক ভিজিটৰ আছে । ৱেব চাইটৰ জৰিয়তে বিভিন্ন জনে নিজা নিজা ৰেচিপি আগবঢ়াবলৈ এখন মঞ্চ পাইছে ।

জ্যোতি দাসৰ মতে আমি আহাৰক সন্মান কৰিব লাগে । বয়স অনুযায়ী, জলবায়ু অনুসৰি আমি আহাৰ গ্ৰহণ কৰাটো উচিত । বাহিৰৰ আহাৰক আকোঁৱালি লৈ নিজৰ আহাৰটো পৰিহাৰ কৰা অনুচিত । উদাহৰণস্বৰূপে অসমীয়া পোলাও বুলি কলে মাছৰ তেল আৰু ভাত ভজা অথবা ভাত ভাজি খোৱাটো এক প্ৰকাৰৰ পোলাওৰ অন্তৰ্গত । সেয়েহে এনেধৰণৰ আহাৰবোৰ আমি পাহৰি যাব নালাগে । কিয়নো এই বোৰ খাদ্যৰো বহুতো গুণাগুণ আছে ।

image


আজৰি সময়ত শাকনি বাৰী পাতি ব্যস্তু থাকি সময়বোৰ অতিবাহিত কৰে জ্যোতি দাসে । ৰন্ধনৰ জৰিয়তে সমাজসেৱা আগবঢোৱাৰ বাবে তেওঁক ডঃ বীৰেন্দ্ৰ দত্তই ৰন্ধনশ্ৰী উপাধি প্ৰধান কৰে । ভবিষ্যত প্ৰজন্মৰ সহায়ৰ বাবে ৰন্ধনৰ খুটি-নাটি মাৰি বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰাৰ সপোন পুহি ৰাখিছে দাসে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৫টকা প্ৰতি লিটাৰ পানীৰ ৱাটাৰ এটিএম: পি লক্ষ্মী ৰাওৰ মনোৰম কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

ললিত বৰাঃ অসমৰ গাঁৱে- ভূঞে, চহৰে -নগৰে গ্ৰন্থৰ সুবাস বিলাই ফুৰা মানুহজন