ম’বাইল এপছৰ প্ৰতি সেমেকা সঁহাৰিৰ পাছত পুনৰ ৱেবছাইটছলৈ 'ঘৰ ৱাপচি' নেকি?

ম’বাইল এপছৰ প্ৰতি সেমেকা সঁহাৰিৰ পাছত পুনৰ ৱেবছাইটছলৈ 'ঘৰ ৱাপচি' নেকি?

Wednesday November 25, 2015,

5 min Read

কম দামী স্মাৰ্টফোন আৰু ইণ্টাৰনেট সংযোগৰ অধিকতৰ প্ৰসাৰৰ ফলত ভাৰতবৰ্ষত ম’বাইল ইণ্টাৰনেটৰ দ্ৰুত বিকাশ পৰিলক্ষিত হৈছে। IAMAI আৰু KPMGৰ প্ৰতিবেদনত পূৰ্বানুমান কৰা হৈছে যে ২০১৬ চনত ভাৰতত ম’বাইল ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হ’বগৈ প্ৰায় ২৩৬ নিযুত আৰু ২০১৭ চনত এই সংখ্যা হ’বগৈ ৩১৪ নিযুত। এই বছৰৰ আৰম্ভণিতে মেৰী মেকাৰে ভাৰতৰ ২০১৪ৰ ইণ্টাৰনেট সংযোগক ২০০৮ চনৰ চীনৰ আৰু ১৯৯৬ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইণ্টাৰনেট সংযোগেৰে তুলনা কৰিছিল।

বহু ভাৰতীয় ষ্টাৰ্টআপ আৰু অন্য কোম্পানীয়ে অতি ক্ষিপ্ৰতাৰে চলিত বৰ্ষতে এই বিকাশৰ সুযোগ লৈ হয় কেৱল এপছ প্ৰথম প্ৰাধান্যৰূপে বা আন মাধ্যমবোৰৰ বিপৰীতে এপক তেওঁলোকে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিবলৈ ল’লে। কেৱল এপ নীতি গ্ৰহণ কৰি ডেস্কটপ আৰু ম’বাইল ৱেবছাইট সেৱা বন্ধ কৰি দিয়া প্ৰথম ভাৰতীয় কোম্পানীবোৰৰ ভিতৰত মাইণ্ট্ৰা হ’ল অন্যতম। অনুমান কৰা হৈছিল যে ২০১৫ৰ শেষৰ ফালে ফ্লিপকাৰ্টেও কেৱল এপ নীতি গ্ৰহণ কৰিব কিন্তু শেষত দেখা গ’ল যে তেওঁলোকে সেই পথ নল’লে।

image


‘কেৱল এপ’ বা ‘প্ৰথমে এপ’ কৌশলে প্ৰাৰম্ভিক অৱস্থাত সুফল প্ৰদান কৰিছিল, সকলো ব্যৱহাৰকাৰীকে ৰেহাই আৰু অফাৰৰ সুবিধা প্ৰদানেৰে এপছ ডাউনল’ড কৰিবলৈ প্ৰলোভিত কৰা হৈছিল। কিন্তু মূৰকত বহু সমস্যা যেনে গ্ৰাহকৰ ডিভাইচত কম মেম’ৰী জমাৰ সমস্যা, উচ্চ মাত্ৰাৰ ডাটা ব্যৱহাৰ আৰু ডাটা ব্যয় আৰু গ্ৰাহকৰ সুস্পষ্ট আনুগত্যৰ অভাৱে কোম্পানীবোৰক সেই কেৱল এপ কৌশল পৰিহাৰ কৰি পুনৰ বহু মাধ্যমৰ দৃষ্টিভংগী গ্ৰহণৰ কথা পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰা যেন অনুভৱ হ'ল।

ফ্লিপকাৰ্টে অলপতে মুকলি কৰিছে ‘ফ্লিপকাৰ্ট লাইট’ নামেৰে নতুনকৈ নামাকৰণ কৰা এক ম’বাইল ৱেবছাইট যি ব্যৱহাৰকাৰীসকলক এক এপ ব্যৱহাৰ কৰাৰ দৰেই অভিজ্ঞতা প্ৰদান কৰিব। গুগল ক্ৰ’মৰ সৈতে লগ লাগি ফ্লিপকাৰ্টৰ অভিযন্তাসকলে নেটৱৰ্কৰ কম ডাটা ব্যৱহাৰ কৰা আৰু ৰেণ্ডাৰ হওঁতে কম সময় লগা ম’বাইল ৱেবছাইট প্ৰস্তুত কৰিবলৈ যাওঁতে প্ৰযুক্তিগত বহু প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল।

এই ঘোষণাৰ পিছ মুহূৰ্ততে স্নেপডীলে উন্মোচন কৰিলে স্নেপ লাইট, তেওঁলোকৰ ম’বাইল ৱেবছাইটৰ এক ‘লাইট’ সংস্কৰণ। স্নেপডীলৰ CPO আনন্দ চন্দ্ৰশেখৰনে টুইটাৰযোগে দাবী কৰিলে যে এই সংস্কৰণে সকলো ম’বাইল সেৱাতে স্নেপডীল ব্ৰাউজিং ৮৫ শতাংশ দ্ৰুততৰ কৰি তুলিব।

সম্প্ৰতি মহিলাসকলৰ এক ব্যক্তিগত শ্ব’পিং এপ ৱুনিক যাৰ পৃষ্ঠপোষক হ’ল চেকুইয়া কেপিটেল আৰু ছিডফাণ্ড। ৱুনিকে ঘোষণা কৰিলে তেওঁলোকৰ নতুন ডেস্কটপ সুবিধা মুকলিৰ কথা। ৱুনিক ২০১৩ চনত চুজয়থ আলী আৰু নৱনীতা কৃষ্ণনে প্ৰতিষ্ঠা কৰিছিল। ২০১৪ৰ আগষ্ট মাহত গ্ৰাহকসকলক অধিক ব্যক্তিগত শ্ব’পিং অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে তেওঁলোকে ম’বাইল এপ মুকলি কৰিছিল। ষ্টাট আপ সংস্থাটোৰ দাবী যে যদিও তেওঁলোকে তেওঁলোকৰ কেৱল এপ কৌশলেৰে প্ৰভূত উন্নয়ন আৰু প্ৰসাৰ লাভ কৰিছে, তেওঁলোকে বৰ্তমান বহু মাধ্যমৰ ব্যৱহাৰেৰে অধিক গ্ৰাহকৰ কাষ চপাৰ চেষ্টা কৰিছে।

ৱুনিকৰ নতুন ৱেবছাইট

ৱুনিকৰ দাবী - এপ এনিৰ তথ্য মতে তেওঁলোকৰ এপটোৱেই হ’ল মহিলাকেন্দ্ৰিক ফেশ্যনৰ বজাৰৰ ক্ষেত্ৰত ই কমাৰ্চ জগতত সৰ্বাধিক নিয়োগেৰে সৰ্বশ্ৰেষ্ঠ আৰু বৃহত্তম এপ। সংখ্যাৰ জোখেৰে ৱুনিকৰ দাবী - যি সময়ত আন মহিলাকেন্দ্ৰিক ই কমাৰ্চ এপবোৰত ২ লাখতকৈও কম সামগ্ৰী উপলব্ধ সেই সময়ত ৱুনিকত উপলব্ধ ১৫ লাখতকৈও অধিক সামগ্ৰী। তেওঁলোকৰ দৈনন্দিন ব্যৱসায় আৰু ডেস্কটপ ৱেবছাইটৰ আঁৰৰ চিন্তা সম্পৰ্কে ৱুনিকৰ মুখ্য কাৰ্যবাহী বিষয়া সুজয়থে ক’লে,

ৱুনিকে এতিয়া দৈনিক ১০০০০ অৰ্ডাৰ লাভ কৰে আৰু আমাৰ ডেস্কটপ ৱেবছাইট মুকলিৰ এমাহৰ ভিতৰতে সেই সংখ্যা ১৫০০০ লৈ বৃদ্ধি পাব আৰু আমি জানুৱাৰীৰ ভিতৰত দৈনিক ২০০০০ অৰ্ডাৰ লাভৰ লক্ষ্য গ্ৰহণ কৰিছো। যি সময়ত অন্য ই-কমাৰ্চ কোম্পানীসমূহে কেৱল এপৰ কৌশল গ্ৰহণ কৰিব খুজিছে, সেই সময়ত আমি আমাৰ ব্যৱহাৰকাৰীসকলক বিভিন্ন মাধ্যমত ব্যক্তিগত বজাৰৰ অভিজ্ঞতা প্ৰদানেৰে তেওঁলোকৰ বেছি কাষ চাপি গৈছো। এই ব্যৱসায়িক পৰিমণ্ডলত আমাৰ এপটোৰ আছে সৰ্বাধিক পৰিৱৰ্তন অনুপাত আৰু আমি ডেস্কটপ ক্ষেত্ৰতো একেদৰেই সৰ্বাধিক গ্ৰাহক পৰিৱৰ্তন আশা কৰিছো।

image


খণ্ড অৱলোকন

গুগল ইণ্ডিয়াৰ গৱেষণা মতে ভাৰতবৰ্ষত এক তৃতীয়াংশ শ্ব’পিং চাৰ্ছেই হ’ল ফেশ্যন সম্পৰ্কীয় আৰু এইক্ষেত্ৰত অনুসন্ধানৰ পৰিসংখ্যা বছৰি ৬৬ শতাংশকৈ বাঢ়ি গৈ আছে। ফেশ্যনৰ উপৰি ষ্টাইল, সৌন্দৰ্য আৰু স্বাস্থ্যকল্যাণমূলক চাৰ্ছো বহু মাত্ৰাত বাঢ়িছে। মহিলাৰ ফেশ্যনকেন্দ্ৰিক ক্ষেত্ৰখনত নিজা নিজা বিশেষত্ব থকা প্ৰতিষ্ঠানবোৰ যথেষ্ট পৰিমাণে সক্ৰিয় হৈ পৰিছে। মাইণ্ট্ৰা আৰু জাবঙৰ দৰে ই কমাৰ্চ প্লেটফৰ্মে পূৰ্ণাংগ বজাৰৰ পৰিৱৰ্তে ব্যক্তিগত বিশেষীকৰণৰ ওপৰত প্ৰাধান্য দিবলৈ ল’লে । মাইণ্ট্ৰাৰ নিজাকৈ সামগ্ৰীও আছে। ২০১৫ৰ মাৰ্চত লাইমৰ’ড নামৰ মহিলাৰ এক সামাজিক উদ্ভাৱনী প্লেটফৰ্মে টাইগাৰ গ্ল’বেল আৰু আন উপলব্ধ বিনিয়োগকাৰীৰ পৰা ৩০ মিলিয়ন মাৰ্কিন ডলাৰৰ ছিৰিজ C ৰাউণ্ড সংগ্ৰহ কৰে। টাইগাৰ গ্ল’বেলে পৃষ্ঠপোষকতা আগবঢ়োৱা ৰ’প’চ’ নামৰ সংস্থাটো ফেশ্যনকেন্দ্ৰিক ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰূপে গঢ়ি উঠিল। অতি শেহতীয়াকৈ ফেশ্যন আৰু লাইফ ষ্টাইল ষ্টাৰ্ট আপ ষ্টাইলটেগ.কমে এম্বেছী গ্ৰুপৰ জিতু ভিৰৱানিৰ পৰা ৫০ কোটিৰ এঞ্জেল ফাণ্ডিং লাভ কৰিছে।

ৱুনিকে প্ৰায় ৪০ নিযুত সম্ভাৱনাপূৰ্ণ মহিলা ইণ্টাৰনেট ব্যৱহাৰকাৰী গ্ৰাহকক চিহ্নিত কৰিছে আৰু মুঠ মহিলা স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা হ’ল প্ৰায় ২১ নিযুত। ‘‘নতুন ব্যৱহাৰকাৰীৰ সিংহভাগেই হ’ব প্ৰথমবাৰৰ অনলাইন গ্ৰাহক। আমাৰ এপবিধ এই পৰ্যন্ত ৩.৫ নিযুত ডাউনল’ড কৰা হৈছে, আমি ঠিক কৰিলো যে অধিক পৰিসৰৰ এখন বজাৰ দখলৰ বাবে অধিক সংখ্যক গ্ৰাহকৰ বাবে ৱেবছাইট আৰু ম’বাইল যোগে দুৱাৰ মুকলি কৰাটোৱেই সৰ্বোত্তম হ’ব।

য়’ৰ ষ্টৰিজৰ মতামত

কেইমাহমান পূৰ্বলৈকে বহু কোম্পানীৰ বাবে কেৱল ম’বাইল এপৰ পন্থা গ্ৰহণ কৰাটো যুক্তিসংগত যেন লাগিছিল, কিন্তু এক বৃহৎ সংখ্যক গ্ৰাহকে এতিয়াও ডাঙৰ পৰ্দাত বস্তু বিচাৰি বা ক্ৰয় কৰি ভাল পায়। ৭০ শতাংশৰো অধিক অৰ্ডাৰ তেওঁলোকৰ এপ যোগে লাভ কৰাৰ পিছতো স্নেপডীলে কেৱল এপ পন্থা ব্যৱহাৰৰ পৰা বিৰত থাকিল। বৃহৎ সংখ্যক এপৰ (প্ৰত্যেক এপ ষ্টৰতে ১.৩ নিযুততকৈও অধিক) উপস্থিতিয়ে বহু প্ৰতিষ্ঠানক কেৱল এপৰ কৌশল পুনৰ বিবেচনাৰ বাবে বাধ্য কৰিলে আৰু বাধ্য কৰিলে মূললৈ উভতিবলৈ তেওঁলোক ৱেবছাইটলৈ উভতি যাবলৈ।

বিশেষজ্ঞসকলৰ মতেও অনলাইনযোগে সামগ্ৰী বিচৰা আৰু বজাৰ কৰাৰ অভিজ্ঞতাটো গণতান্ত্ৰিক ধৰণৰ হ’ব লাগে। গ্ৰাহকসকলক নিজৰ সুবিধা আৰু ৰুচি অনুযায়ী মাধ্যম নিৰ্বাচনৰ সুবিধা দিব লাগে। গেলামাল বা খাদ্য সামগ্ৰীৰ দৰে কিছু ব্যৱসায়িক খণ্ডত কেৱল এপ পন্থাটো অধিক ফলপ্ৰসূ।

সবাৰে শেষত গ্ৰাহকজনেই হ’ল ৰজা আৰু উপভোক্তাজনৰ বাবে সকলো মাধ্যম মুকলি কৰি ৰখাটোৱেই আজিৰ তাৰিখত সৰ্বোত্তম পন্থা। হয়তো আৰু এবছৰ দুবছৰৰ পিছত যেতিয়া ভাৰতৰ জনসংখ্যাৰ গৰিষ্ঠসংখ্যকে উচ্চ মানসম্পন্ন ৬৪ জিবি বা ১২৮ জিবি আভ্যন্তৰীণ মেম’ৰী আৰু অধিক স্থিৰতাৰ ইণ্টাৰনেট সংযোগৰ সুবিধা লাভ কৰিব তেতিয়াহে হয়তো ভাল ফলাফল লাভৰ বাবে কেৱল এপ পন্থা অৱলম্বনৰ সঠিক সময় উপস্থিত হ’ব।

(জয় বৰ্দ্ধনৰ সহযোগত)

মূলঃ হৰ্ষিথ মাল্যা

অনুবাদঃ ৰুণুমী শইকীয়া

(Image credit- Shutterstock)