পথৰ দাঁতিত ভিক্ষা খোজা এজনী ছোৱালী আজি বাঙ্গালুৰুৰ দ্ৰুততম দৌৰবিদ সকলৰ অন্যতম

পথৰ দাঁতিত ভিক্ষা খোজা এজনী ছোৱালী আজি বাঙ্গালুৰুৰ দ্ৰুততম দৌৰবিদ সকলৰ অন্যতম

Tuesday June 21, 2016,

2 min Read

২০১০ চনত চন্দ্ৰাম্মা কে আৰু তেওঁৰ ভায়েকক বাঙ্গালুৰুৰ ৰাজপথৰপৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । পিতৃ মাতৃয়ে এৰি থৈ যোৱা শিশু দুটিয়ে ভিক্ষা মাগি পেট প্ৰৱৰ্তাইছিল । 

ইয়াৰ পাছত চাইল্ড ৱেলফেয়াৰ কমিউনিটিয়ে দুয়োৰে দায়িত্ব লয় । জ্ঞান গঙ্গানগৰৰ অন্নপূৰ্ণা চেৰিটেবল ট্ৰাষ্টৰ জিম্মালৈ দুয়োকে পঠোৱা হয় য'ত দুয়োৰে শিক্ষা, আশ্ৰয় আৰু খাদ্যৰ প্ৰয়োজন সমূহ পূৰণ কৰা হয় । এটা স্বেচ্ছাসেৱী সংগঠনে চলোৱা বাল্য বিদ্যা মন্দিৰ নামৰ এখন স্কুলত চন্দ্ৰাম্মাক ভৰ্তি কৰোৱা হয় । ইয়াতে তেওঁ ইংৰাজী আৰু কন্নড় ভাষা শিকে । প্ৰাথমিক কম্পিউটাৰ শিক্ষাৰ লগতে ক্ৰীড়াৰ প্ৰশিক্ষণো লাভ কৰে । 

image


এথলেটিকছত সন্মগত দক্ষতা থকা চন্দ্ৰাম্মাই বিভিন্ন আন্তঃবিদ্যালয় প্ৰতিযোগিতাতো স্বৰ্ণ পদক লাভ কৰিবলৈ ধৰিলে । তেওঁৰ কোনো পেছাদাৰী প্ৰশিক্ষক নাই । নাই কোনো খেলপথাৰ ব্যৱহাৰ কৰাৰ সুবিধা । অৱশ্যে তেওঁৰ ইতিহাসৰ শিক্ষয়িত্ৰী চন্দ্ৰলেখাই তেওঁক সহায় কৰে প্ৰশিক্ষণ লাভৰ ক্ষেত্ৰত ।

'মই মোৰ সকলো ছাত্ৰ-ছাত্ৰীকে যিমান পৰা যায় প্ৰতিযওগিতাসমূহত ভাগ ল'বলৈ উৎসাহ দিওঁ । মই তেওঁলোকক লৈ গৌৰৱ কৰোঁ । তেওঁলোকৰ যুঁজ দিয়াৰ মানসিকতা অপৰিসীম ।' চন্দ্ৰলেখাই কয় ।

অনুশীলনৰ বাবে খেলপথাৰৰ অভাৱত চন্দ্ৰাম্মাই পথৰ ওপৰতেই অনুশীলন আৰম্ভ কৰিছিল । ১৪ বছৰ বয়সত তেওঁ সমগ্ৰ বাঙ্গালুৰুৰ এথলীটসকলৰ সৈতে প্ৰতিযোগিতাত নমাৰ সাহসী সিদ্ধান্ত লৈছিল আৰু 'GAIL- The Fastest Indian 2015-2016' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । চন্দ্ৰাম্মাৰ বাহিৰে আন সকলোবোৰ প্ৰতিযোগিয়েই আছিল পেছাদাৰী । তথাপিও চন্দ্ৰাম্মা ১০০ মিটাৰ দৌৰত জয়ী হৈছিল ।

২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত তেওঁ দ্বিতীয় স্থান লাভ কৰে আৰু তেওঁৰ সহপাঠী হেমলতা প্ৰথম হয় । চন্দ্ৰাম্মাৰ জয়ে তেওঁক বাঙ্গালুৰুৰ দ্ৰুততম ধাৱক সকলৰ মাজত স্থান দিছে । দৌৰৰ উপৰিও তেওঁ হাই জাম্প আৰু লং জাম্পতো কেইবাটাও পুৰষ্কাৰ লাভ কৰিছে । কাবাদী আৰু খ'-খ'তো প্ৰতিভাৰ পৰিচয় দিছে চন্দ্ৰাম্মাই । পেছাদাৰী প্ৰশিক্ষকৰ অভাৱত তেওঁ যিকোনো প্ৰতিযোগিতাৰ এমাহ আগৰপৰা কঠোৰ অনুশীলন আৰম্ভ কৰে । 

আন দহজনী সাধাৰণ ছোৱালীৰ দৰেই তাই চকলেট, ৰুটি আৰু আলু ভাজি খাই ভাল পায়, নাচি ভাল পায় । কিন্তু পিতৃ মাতৃয়ে সৰুতেই এৰি থৈ যোৱা বাবে সাত বছৰ বয়সৰপৰাই নিজৰ ভায়েকৰ যত্ন লোৱা চন্দ্ৰাম্মা যথেষ্ট দায়িত্বশীল ।

মূল- সঞ্জনা ৰায়

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ভাৰতীয় ৰেলৰ বাবে উন্নত আৰু স্বাস্থ্যকৰ শৌচাগাৰৰ আৰ্হি প্ৰস্তুত কৰিছে এজন ছাত্ৰই 

ৰঙেৰে নতুন পৃথিৱী গঢ়িব খোজা আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত শিল্পী নিৰুপম কোঁৱৰ

পৰ্যটনৰ বিকাশৰ বাবে অসম চৰকাৰে কি ভুমিকা ল'ব লাগে?