একালৰ বিধায়ক এতিয়া পথৰ বাসিন্দা

একালৰ বিধায়ক এতিয়া পথৰ বাসিন্দা

Saturday June 25, 2016,

2 min Read

শিঙ্গাৰা ৰাম শাহুংগ্ৰা এসময়ত আছিল এজন বিধায়ক । কিন্তু আজি তেওঁ পথৰ বাসিন্দা । বহুজন সমাজ পাৰ্টিৰ এই প্ৰাক্তন বিধায়কজন বৰ্তমান পৰিয়ালসহ পঞ্জাবৰ গড়শংকৰ নগৰৰ পথত বাস কৰে । থকা ঠাই এডোখৰৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত বৰষুণৰপৰা হাত সাৰিবলৈ তেওঁ আৰু তেওঁৰ পুত্ৰসকলে টিৰপালৰ সন্ধান কৰিবলগীয়া হয় আৰু তেওঁৰ পত্নীয়ে পদপথৰ দাঁতিতে ৰন্ধা-বঢ়া কৰে । প্ৰতিবেশীৰ গা ধোৱা ঘৰ আৰু শৌচালয় ব্যৱহাৰ কৰে তেওঁলোকে । ইফালে তেওঁলোকৰ সকলোবোৰ বয়-বস্তু পৰি থাকে পথৰ ওপৰত । "দুৰ্নীতি কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই আজি মোৰ এই অৱস্থা ।" এইদৰে টাইমছ অৱ ইণ্ডিয়াৰ আগত প্ৰকাশ কৰে শাহুংগ্ৰাই । 

Image : Metro Vaartha

Image : Metro Vaartha


হাফিংটন প'ষ্টৰ মতে শাহুংগ্ৰা অনুসূচিত জাতিৰ হৈও ১৯৯২ আৰু ১৯৯৭ চনত সাধাৰণ শ্ৰেণীৰ গড়শংকৰ সমষ্টিৰপৰা প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছিল । 'মোক দলৰপৰা বহিষ্কাৰ কৰা হৈছিল কাৰণ কাঁশীৰামৰ পৰিয়ালে যেতিয়া তেওঁৰ শেষ সময়ত তেওঁক লগ কৰিব বিচাৰিছিল তেতিয়া মই সেই পৰিয়ালটোৰ সমৰ্থন কৰিছিলো ।' তেওঁ কয় ।

বিধায়ক হৈ থকা অৱস্থাত তেওঁ নিজাকৈ ঘৰ-দুৱাৰ বনোৱাৰ কোনো চেষ্টা নকৰিলে । এতিয়া তেওঁ বিধায়ক পেঞ্চনৰ ২০,০০০ চকাৰ ভিতৰত এটা ভাৰাঘৰ বিচাৰি হাবাথুৰি খাইছে । উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে তেওঁৰ পৰিয়ালটোক জলসিঞ্চন বিভাগৰ এটা ঘৰৰপৰা উচ্ছেদ কৰিছিল । এই ঘৰটোত তেওঁ অবৈধভাৱে বাস কৰি আছিল । 

'মই বিধায়ক হৈ থকা অৱস্থাত ধন ঘটাৰ কোনো প্ৰয়াস কৰা নাছিলো কেৱল পিছপৰা জাতিৰ লোকসকলৰ উন্নতিৰ চেষ্টা চলাইছিলো । মোৰ বিধায়কৰ দৰমহা ঘৰ বনাবৰ কাৰণে যথেষ্ট নাছিল আৰু এতিয়া মই পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল । মই কেতিয়াও ব্যৱসায়ো আৰম্ভ নকৰিলো ।' তেওঁ কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

হালৰ গৰুহাল বেচি শিক্ষা সমাপ্ত কৰা শ্যাম ৱাডেকাৰে আজি ২০০ শিশুৰ শিক্ষাৰ দায়িত্ব লৈছে

চৰকাৰী হেমাহিত বিৰক্ত গাওঁবাসীয়ে নিৰ্মাণ কৰিলে পথ আৰু দলং

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক