ষ্টাৰ্টআপৰ বাবে আশীৰ্বাদস্বৰূপ ৰতন টাটা

ষ্টাৰ্টআপৰ বাবে আশীৰ্বাদস্বৰূপ ৰতন টাটা

Tuesday February 02, 2016,

3 min Read

আজিৰ যুৱ প্ৰজন্ম কৰ্মসংস্থাপন সৃষ্টি কৰাত অধিক বিশ্বাসী আৰু ইয়াৰ বাবেই বিগত সময়ছোৱাত দেশত বহুকেইটা নতুন ষ্টাৰ্টআপে ভুমুকি মাৰিছে আৰু ক্ৰমাৎ ইয়াৰ সম্প্ৰসাৰণৰ হাৰো বাঢ়িবলৈ লৈছে। আৰম্ভণিৰ সময়ছোৱাত নতুন নতুন ষ্টাৰ্টআপে নিজৰ নতুন চিন্তাধাৰা বলৱৎ কৰিবলৈ অশেষ পৰিশ্ৰম কৰাৰ লগতে বজাৰৰ তীব্ৰ প্ৰতিযোগিতাত বৰ্তি থকাৰ প্ৰত্যাহ্বানো গ্ৰহণ কৰিবলগীয়া হৈছে। এনেক্ষেত্ৰত ভাৰতৰ এজন নামী উদ্যোগপতি ৰতন টাটাই যদি সহযোগিতা আগবঢ়ায় তেনেহ’লে ষ্টাৰ্টআপসমূহৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও নতুন চিন্তাৰে সফলতাৰ বিচৰণ তেওঁলোক সক্ষম হয়।

image



ৰতন টাটা বিশ্বপ্ৰসিদ্ধ উদ্যোগপতি।টেলিকম ক্ষেত্ৰই হওক, অথবা ছফটৱেৰ ক্ষেত্ৰই হওক বা ফেশ্বন জগতৰ পৰা ঘৰুৱা সামগ্ৰীলৈকে সকলো ক্ষেত্ৰতে তেওঁৰ কৰ্মৰ পৰিসৰ বিস্তৃত।টাটা গ্ৰুপে প্ৰায় সকলো ক্ষেত্ৰতে নিজৰ সেৱা আগবঢ়াইছে আৰু জনতাৰ বিশ্বাসো আদায় কৰিবলৈ সক্ষম হৈছে।যিকোনো ব্যৱসায় কৰাৰ সময়ত ৰতন টাটাৰ শৈলী সদায় সুকীয়া।আন উদ্যোগীসকলৰ বিপৰীতে তেওঁ নিজস্ব ভংগীমাৰে ব্যৱসায় কৰাত বিশ্বাসী।বিগত দুবছৰত ৰতন টাটাই ২৫টা নতুন ক্ষেত্ৰত বিনিয়োগ কৰিছে।ইয়াৰ পৰা প্ৰমাণ হয় যে ৰতন টাটা নতুন প্ৰতিভাসকলক উৎসাহ যোগোৱাত বিশ্বাসী।এইসমূহ হৈছে নতুন চিন্তাৰে কাম কৰি আগুৱাই যোৱা ষ্টাৰ্টআপ। এইসমূহ ষ্টাৰ্টআপে ৰতন টাটাৰ পৰা লাভ কৰা দিকনিৰ্দেশনা তেওঁলোকৰ বাবে কিমান লাভদায়ক সেয়া আপুনি নিজেই ধাৰণা কৰিব পাৰিব।

অ’লা, পেটিএম আৰু স্নেপডিলৰ দৰে কোম্পানীক আজি নতুনকৈ পৰিচয় কৰাই দিয়াৰ হয়তো প্ৰয়োজন নাই।এই কোম্পানীসমূহৰ বাবে বিনিয়োগকাৰীৰো অভাৱ নাই কিন্তু ৰতন টাটাই এইসমূহত বিনিয়োগ কৰাৰ পিছত কোম্পানীকেইটা বহুপৰিমাণে লাভান্বিত হৈছে।এইসমূহৰ ব্যৱসায়ো দ্ৰুতগতিত বৃদ্ধি পাইছে।বহুকেইটা সামাজিক কাৰ্যত জড়িত ষ্টাৰ্টআপ যেনে হেল্ডি ইণ্ডিয়া, এমপেয়াৰ আদিতো ৰতন টাটাই বিনিয়োগ কৰিছে।

নিসন্দেহে কোনো ষ্টাৰ্টআপৰ ক্ষেত্ৰত ভাল বিনিয়োগকাৰী, পৰ্যাপ্ত পূঁজি থকাৰ উপৰিউ ৰতন টাটাৰ দৰে বৃহৎ নাম জড়িত হ’লে সেই ষ্টাৰ্টআপ সকলোৰে দৃষ্টিলৈ অহাটো নিশ্চিত।ইয়াৰ দ্বাৰা সেই ষ্টাৰ্টআপৰ নাম আৰু খ্যাতি বৃদ্ধি পাবই।জগতে সেই ষ্টাৰ্টআপলৈ বিশেষ দৃষ্টিৰে চাবলৈ লয়।

অ’লা কেবছ যাৰ ব্যৱসায় আছিল মুঠ পাঁচ বিলিয়ন ডলাৰৰ, ৰতন টাটা ইয়াৰ সৈতে জড়িত হোৱাৰ লগে লগে ইয়াৰ মাৰ্কেট শ্বেয়াৰ দ্ৰুত গতিত বৃদ্ধি হ’বলৈ ধৰে।লাইব মিণ্টৰ মতে ইয়াৰ শ্বেয়াৰ মূল্য ১৫,৮৭৩,৯২টকাৰ পৰা ২৯,৪৪,৮০৫টকা হৈছেগৈ।

যিকোনো ষ্টাৰ্টআপৰ ক্ষেত্ৰত ৰতন টাটাৰ সহযোগিতা লাভ কৰাটো এক উল্লেখযোগ্য বিষয় কাৰণ টাটা গ্ৰুপ হৈছে ভাৰতত এক বিশ্বাসৰ নাম।বছৰ বছৰ ধৰি টাটাৰ সামগ্ৰী মানুহে চকু মুদি বিশ্বাসেৰে ব্যৱহাৰ কৰি আহিছে।টাটা নিমখ নোহোৱা ভাৰতীয় হয়তো বহু কমেই ওলাব।এনেধৰণৰ বহুতো কথা আছে যাৰবাবে সাধাৰণ মানুহৰ মনত টাটা গ্ৰুপৰ প্ৰতি বিশেষ বিশ্বাস পোখা মেলি আছে।এইবোৰ কাৰণত কোনো ষ্টাৰ্টআপৰ সৈতে ৰতন টাটাৰ নাম জড়িত হ’লে স্বাভাৱিকতে মানুহৰ বাবে সেই ষ্টাৰ্টআপক বিশ্বাস কৰাটো সহজ কথা হৈ পৰে।

২০১৫চনত য়'ৰ ষ্ট'ৰীৰ কামত প্ৰভাৱিত হৈ ৰতন টাটাই য়'ৰ ষ্ট'ৰীতো বিনিয়োগ কৰে। য়'ৰ ষ্ট'ৰী হৈছে ৰতন টাটাই বিনিয়োগ কৰা ভাৰতৰ প্ৰথম মিডিয়া ফাৰ্ম। ডিচেম্বৰ ২০১৫ত শিক্ষাৰ ক্ষেত্ৰত কাম কৰাত আগ্ৰহী আমেৰিকাৰ এক স্বেচ্ছাসেৱী সংস্থা খান একাডেমীয়ে টাটা ন্যাসৰ সৈতে অংশীদাৰিত্ব কৰে।২০১৬ চনৰ আৰম্ভণিতে টাটাই নতুন চাৰিটা কোম্পানীত বিনিয়োগৰ কথা ঘোষণা কৰিছে।বছৰটোৰ আৰম্ভণিতে এনেধৰনৰ খবৰে স্বাভাৱিকতে নতুন নতুন ষ্টাৰ্টআপৰ মনত আশাৰ সঞ্চাৰ কৰিছে। ৰতন টাটাই চলিত বৰ্ষত কেইবাটাও ষ্টাৰ্টআপত নিজৰ বহুমূলীয়া সহযোগিতা আগবঢ়োৱাৰ প্ৰত্যাশাৰ সৃষ্টি হৈছে।

image


মূল - অথিৰা এ নায়াৰ

অনুবাদ-তুলিকা দেৱী