শিশুৰ দ্বাৰা শিশুৰ বাবে শিশু গ্ৰন্থৰ সমীক্ষাৰ এটা চাইট, Ihavereadthebook.com

শিশুৰ দ্বাৰা শিশুৰ বাবে শিশু গ্ৰন্থৰ সমীক্ষাৰ এটা চাইট, Ihavereadthebook.com

Saturday March 05, 2016,

5 min Read

গ্ৰন্থৰ সৈতে মোৰ প্ৰথম স্মৃতি বুলি ক’বলৈ গ’লে মোৰ হাতত পৰা দুখন কিতাপৰ নাম ল’ব লাগিব-এখন হৈছে এনিড ব্লাইটন আৰু আনখন ক্ষুদ্ৰ অক্সফৰ্ড অভিধান। সময় পাৰ হোৱাৰ লগে লগে এই অভিধানখনৰ সহায়ত মই উপন্যাসসমূহ সহজেই পঢ়িবলৈ সক্ষম হওঁ, এতিয়াও সাহিত্যৰ দিশত মনোনিবেশ কৰিলে যেনে সমীক্ষা, বিশ্লেষণ আদিলৈ মই চকু দিবলগীয়া হ’লে অভিধানখনৰ সহায় ল’বলগীয়া হয়। এইখিনিতে ক’বলাগিব যে কিতাপৰ ভাষাতকৈ বহুসময়ত সমীক্ষাৰ ভাষা অধিক জটিল হয়।

এনেধৰণৰ অনুভৱে মন-মগজু উদ্বেলিত কৰি তুলিছিল মাত্ৰ ছয়বছৰ বয়সতে গ্ৰন্থকীট বিশেষণ লাভ কৰা মুম্বাইৰ এজন স্কুলীয়া ছাত্ৰ অৰ্থৱ পাটিলৰ। তেওঁ কেৱল ইখনৰ পিছত সিখন কিতাপ পঢ়ি যাব বিচাৰিছিল। কিন্তু অমূল্য সময় খৰচ কৰি পঢ়িবলৈ কোনখন কিতাপ নিৰ্বাচন কৰিব তাক লৈ তেওঁ সদায় অসুবিধাৰ সন্মুখীন হৈছিল। শিশু বা কমবয়সীয়া পাঠকৰ বাবে উপযোগী কোনো গ্ৰন্থ সমীক্ষা তেওঁ বিচাৰি পোৱা নাছিল। সেইবাবে এই দায়িত্ব তেওঁ নিজে গ্ৰহণ কৰে।

image


কিশোৰ উদ্যোগীৰ মন গঢ়ি উঠাৰ সময়ত...

অৰ্থৱ পাটিল হৈছে মুম্বাইৰ ছেইণ্ট গ্ৰেগ’ৰিয়াছ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। “ছয়বছৰ বয়সৰ পৰাই মই কিতাপ পঢ়ি আহিছো।২০১৪ চনৰ গ্ৰীষ্মৰ এটা দিনত খোৱা টেবুলত হোৱা এক সৰু আলোচনাৰ মাজতে মোৰ মনলৈ Ihavereadthebook.comৰ ধাৰণা আহে। মই এখন কিতাপ কিনিব বিচাৰিছিলো আৰু দেউতাক সুধিছিলো যে ইয়াৰ বাবে কিবা সমীক্ষা পোৱা যাব নেকি?তেওঁ মোক ইণ্টাৰনেটত চাবলৈ ক’লে আৰু মই নেটত চাই কেইবাটাও গ্ৰন্থসমীক্ষাৰ চাইট বিচাৰি পালো কিন্তু ইয়াৰে সকলোবোৰ আছিল কেৱল প্ৰাপ্তবয়স্কৰ বাবে। শিশু আৰু কিশোৰৰ বাবে এটাই ৱেবছাইট নাছিল। এই সমীক্ষাৰ ভাষাও কেৱল প্ৰাপ্তবয়স্কই বুজি পোৱা ধৰণৰ আছিল। মই দেউতাক সুধিলো যে শিশুৱে পচন্দ কৰা কিতাপৰ বিষয়ে তেওঁলোকৰ ভাষা আৰু শৈলীত এই দিশৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ মই কিবা কৰিব পাৰো নেকি?” অৰ্থৱে কয়।

সেইসময়ত তেওঁৰ বয়স মাত্ৰ ১৩বছৰ আছিল।কিন্তু পুত্ৰৰ এই হেঁপাহক পিতৃয়ে নিৰুৎসাহ কৰা নাছিল।পঢ়া-শুনা আৰু অন্যান্য ক্ৰীড়াৰ মাজত তেওঁ এই বিষয়ত পুত্ৰক আগবাঢ়ি যাবলৈ সমৰ্থন জনাইছিল। “আমি একেলগে এনে এখন মঞ্চ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছিলো য’ত শিশু-ছাত্ৰ আৰু মোৰ দৰে পঢ়ুৱৈৰ বাবে শিশু আৰু কম বয়সীয়া পাঠকৰ বাবে লিখা কিতাপৰ সমীক্ষাৰ সংগ্ৰহ থাকিব।”অৰ্থৱে বৰ্ণনা কৰে।

সেইমতে এক সু-শৃংখলাৱদ্ধভাৱে এই কাম আগবঢ়াই নিয়া হয়। তেওঁ দেশৰ সকলোবোৰ স্কুলৰ বিষয়ে তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰে আৰু ২০১৪চনৰ জুনৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰায় ১২,০০০খন বিদ্যালয়ৰ সৈতে সম্বনয় স্থাপন কৰে।ইয়াৰ পিছত বৰদিনৰ বন্ধৰ সময়ত তেওঁ পিতৃ-মাতৃৰ সৈতে একেলগে বহি পৰৱৰ্তী পৰিকল্পনা প্ৰস্তুত কৰে। “আমি এজন ৱেবছাইট ডেভেলপাৰৰ সৈতে যোগাযোগ কৰিব বিচাৰিছিলো যাতে তেওঁ আমাৰ ৱেবছাইটতো তিনিমাহৰ ভিতৰত সাজু কৰি দিব পাৰে।”অৰ্থৱে কয়। এনেদৰে Ihavereadthebook.comয়ে ভুমুকি মাৰে। কিন্তু এতিয়া আহি পৰিছিল আচল প্ৰত্যাহ্বান আৰু সেয়া আছিল পঞ্জীয়নৰ কাম।

এজন বছ’ৰ দৰে...

২০১৫ চনৰ মে’ মাহত তেওঁ তালিকা প্ৰস্তুত কৰা ১২,০০০ বিদ্যালয়লৈ চিঠি লিখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।“চুবুৰীয়া শিশুবোৰে মোক এই কামত সহায় কৰিছিল। খামত চিঠি ভৰাই আঠা লগাই বন্ধ কৰা আদি কাম তেওঁলোকে কৰিছিল। আমাৰ ঘৰখন কাগজৰ সাগৰহেন হৈছিল। কিন্তু এই সকলো প্ৰচেষ্টাৰ সুন্দৰ ফল আমি পালো। বিদ্যালয়মূহৰ প্ৰতিক্ৰিয়া আছিল অভূতপূৰ্ব।প্ৰায় সকলোবোৰ বিদ্যালয়ে আমাৰ সৈতে পঞ্জীয়ন কৰে আৰু নিজৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ বিষয়ে জনায়। এনেদৰে মই মোৰ প্ৰথম লিখকৰ দলটো লাভ কৰোঁ,” অৰ্থৱে কয়।

অৰ্থৱে এনেদৰে প্লেটফৰ্ম গঠন কৰিছিল যাতে লিখকসকলে নিজে চাইন আপ কৰি নিজৰ নিজৰ সমীক্ষা আপলড কৰিব পাৰে। সমীক্ষাবোৰ পোৱাৰ পিছত প্ৰতিষ্ঠাপক আৰু সম্পাদকসকলে ভালদৰে এইসমূহ নিৰীক্ষণ কৰে। “মই তেওঁলোকৰ লিখাবোৰ কৰবাৰ পৰা সংগ্ৰহ কৰা হৈছে নেকি সেয়া পৰীক্ষা কৰিবলৈ এক বিনামূলীয়া ছফটৱেৰৰ সহায় লওঁ। লিখনিত লিখকৰ অৱদান ৬০শতাংশতকৈ কম হ’লে মই তেওঁলোকক সমীক্ষাটো পুনৰ লিখিবলৈ ই-মেইল প্ৰেৰণ কৰোঁ। যদি ১৫দিনৰ ভিতৰত উত্তৰ নাহে তেনেহ’লে চিষ্টেমৰ পৰা সেই সমীক্ষা আতৰাই পেলোৱা হয়। আমি যিহেতু ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভাষাত সমীক্ষা লিখিবলৈ উৎসাহ দিও সেইবাবে মূল লেখাৰ পৰা আমি এটাও শব্দ কাটি নেপেলাও,” অৰ্থৱে কয়।

এইপৰ্যন্ত তেওঁ বিভিন্ন ঠাইৰ শিক্ষাৰ্থীয়ে লিখা ৪৬৩টা সমীক্ষা প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত তেওঁ প্ৰতিদিনে প্ৰায় ১০-১২ঘণ্টা কাম কৰি শিক্ষাৰ্থীসকলৰ পঞ্জীয়নৰ কাম চাইছিল, কোনো কামত তেওঁলোকৰ খোকোজা লাগিলে সেয়া দূৰ কৰিবলৈ ই-মেইল প্ৰেৰণ কৰিছিল। এতিয়া সমগ্ৰ ব্যৱস্থা সুন্দৰকৈ চলি থকাৰ বাবে তেওঁ প্ৰতিদিনে দুঘণ্টাৰ পৰা তিনিঘণ্টা কাম কৰে আৰু সপ্তাহৰ অন্তত চাৰিঘণ্টা সময় ৱেবছাইট আপডেটৰ বাবে ব্যয় কৰে।

image


কৰ্মজীৱনৰ ভাৰসাম্য ৰক্ষা কৰা ইমান সহজ নহয়

এই সকলোবোৰ ব্যস্ততাৰ মাজতো অৰ্থৱে নিজৰ প্ৰথম প্ৰেমক পাহৰি যোৱা নাই। সুযোগ-সুবিধা পালেই অৰ্থৱে কাগজ-কলম লৈ বহি লয় আৰু সমীক্ষা লিখে।

অৰ্থৱে আনৰ বাবে ভাল কিবা কৰিব বিচাৰিছিল আৰু বিনিময়ত তেওঁ নিজৰো জীৱনৰ সুন্দৰ গতি লাভ কৰে। এইপৰ্যন্ত অৰ্থৱৰ যাত্ৰাপথৰ আটাইতকৈ ভাল লগা মুহুৰ্ত কি? অৰ্থৱে জনোৱা মতে এদিন শুই উঠিয়ে বাংগালুৰুৰ এজন ভদ্ৰলোকৰ পৰা তেওঁ এখন ই-মেইল লাভ কৰিছিল।“ তেওঁ মোক শুভেচ্ছা জনাবলৈ মোলৈ লিখিছিল। ইমান কম বয়সতে কিবা কৰাৰ সাহস দেখুৱাৰ বাবে তেওঁ মোক অভিনন্দন জনায়। তেওঁ লগতে উল্লেখ কৰিছিল যে কিদৰে আজিকালি শিশুসকলৰ পঢ়াৰ অভ্যাস নোহোৱাৰ দৰে হৈছে আৰু কেনেকৈ মোৰ ৱেবছাইটে তেওঁলোকক কিতাপ হাতত তুলি ল’বলৈ অনুপ্ৰেৰণা যোগাব। মোৰ জীৱনটো মই এতিয়া আগতকৈও বহুত বেছি ভালপাওঁ। এই অভিজ্ঞতা সচাকৈয়ে ভাললগা। ইতিমধ্যে মই স্কলাষ্টিক, ক্ৰছৱৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে সাক্ষাৎ কৰিছো।” মুখত এটা হাঁহি লৈ তেওঁ কৈ যায়। যোৱা মাহত তেওঁ আই আই টি-বাংগালুৰুৰ ই-চামিটত টিন টাইকুন খিতাপ অৰ্জন কৰিছে। ইয়াত বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ কমেও ২৫০জন প্ৰতিযোগীয়ে অংশ লৈছিল।বৰ্তমান তেওঁ এই প্ৰকল্পৰ পৰা ভাল উপাৰ্জন কৰি আছে। আমাজন আৰু ফ্লিপকাৰ্টৰ সৈতে এই ৱেবছাইট সংলগ্ন। গতিকে যদি কোনোবাই Ihavereadthebook.com ৱেবছাইটত আমাজন আৰু ফ্লিপকাৰ্টৰ পৰা কিবা ক্ৰয় কৰে তেতিয়া ৱেবছাইটটোৱে ইয়াৰ পৰা ১০শতাংশ লাভ পায়।

“ৱেবছাইটটেক স্বয়ং নিৰ্ভৰশীল কৰি তোলাটো মোৰ লক্ষ্য। ইয়াৰ বাবে উপাৰ্জনৰ বাট উলিয়াবলৈ আমি নতুন বাটৰ সন্ধানত আছো,” অৰ্থৱে কয়। লগতে তেওঁ উল্লেখ কৰে, “ৱেবছাইট চলাই থকাৰ লগতে এদিন মই লিখক বা বিজ্ঞানী হ’ব বিচাৰোঁ!”

পাৰ্গত উদ্যোগীৰ দৰেই কাম কৰি যোৱা এইজন কিশোৰ উদ্যোগীয়ে আহৰণ কৰা সকলো অভিজ্ঞতাই প্ৰতিবাৰে তেওঁৰ চকু মুকলি কৰিছে। কেনেকৈ কোনো দিশত জটিলতা আঁতৰাব লাগে, কেতিয়া পিছুৱাই যাব লাগে আৰু কেনেকৈ পুনৰ নতুনকৈ সকলো আৰম্ভ কৰিব লাগে আদিৰ বিষয়ে তেওঁ শিকি গৈ আছে। “যোৱা দেৰবছৰত মোৰ প্ৰকল্পৰ পৰা মই বহুতো কথা শিকিব পাৰিছো। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে সময়ৰ সঠিক ব্যৱহাৰ। মোৰ অধ্যয়ন আৰু ৱেবছাইটৰ মাজত সময় মই মিলাব লাগে। মোৰ অগ্ৰাধিকাৰসমূহক মই একাদিক্ৰমে সজাই লৈছো। ইয়াৰ লগতে মই টকাৰ মূল্য বুজিব পাৰিছো আৰু টকা ঘটা কিমান টান সেয়াও ধৰিব পৰা হৈছো। সিদ্ধান্ত ল’বলৈ সক্ষম হোৱাৰ লগতে নিজৰ অন্তৰৰ আহ্বানমতে আগুৱাই যোৱাটো ডাঙৰ কথা।” বুদ্ধিদীপ্ত কিশোৰজনে এনেদৰে সামৰণী মাৰে।

মূল-বিঞ্জাল শ্বাহ

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মানসিক শক্তিয়েই মূলধন ৱাচিমৰ

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী