সংসদত গৃহীত দিব্যাংগৰ অধিকাৰ (আৰপিডব্লিউডি)বিধেয়ক, ২০১৬

সংসদত গৃহীত দিব্যাংগৰ অধিকাৰ (আৰপিডব্লিউডি)বিধেয়ক, ২০১৬

Monday December 26, 2016,

1 min Read

২০১৬ৰ ১৬ ডিচেম্বৰত সংসদত দিব্যাংগৰ অধিকাৰ (আৰপিডব্লিউডি)বিধেয়ক, ২০১৬ গৃহীত হয়। এই বিধেয়কখনিত দিব্যাংগ ব্যক্তিসকলক এক গতিশীল ধাৰণাৰ ভিত্তিত সংজ্ঞা দিয়া হৈছে আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ ৭ দিব্যাংগ পৰা ২১ ধৰণৰ দিব্যাংগক স্থান দিছে। বিধেয়কখনিত কথা কোৱা আৰু ভাষাগত বিসংগতি আৰু বিশেষভাৱে শিকনৰ বিসংগতিক দিব্যাংগৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। এচিড আক্ৰমণত আহতকো এই তালিকাত সন্নিৱিষ্ট কৰা হৈছে।

image


এই নতুন আইনৰ অধীনত দিব্যাংগ ব্যক্তিৰ বিৰুদ্ধে কোনো অপৰাধ সংঘটিত কৰিলে তেওঁক শাস্তি প্ৰদান কৰা হ’ব। দিব্যাংগসকলৰ অধিকাৰ খৰ্বজনিত কোনো গোচৰ চোৱা-চিতা কৰাৰ বাবে প্ৰতি জিলাতে বিশেষ আদালত স্থাপন কৰা হ’ব। ইয়াৰ অধীনত দিব্যাংগৰ বাবে কোনো পদৰ বিপৰীতে আসন সংৰক্ষণৰ হাৰ ৩ৰ পৰা ৪ শতাংশলৈ বৃদ্ধি কৰা হয়। দিব্যাংগ ব্যক্তিৰ কাৰ্যালয়ৰ মুখ্য আয়ুক্তৰ উপৰি দুগৰাকী আয়ুক্তৰ লগতে সৰ্বমুঠ ১১জনীয়া সদস্যৰে গঠিত এখন উপদেষ্টা কমিটী গঠন কৰা হ’ব। ৬-১৮ বছৰ বয়সৰ প্ৰতিগৰাকী দিব্যাংগ সন্তানৰ বাবে বিনামুলীয়া শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ থাকিব।

(উৎস - পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

মাহে চাৰি টকা দৰমহা পোৱা সুৰেশ পুজাৰীয়ে দেশে-বিদেশে ২২ খন ৰেষ্টোৰাঁ খোলাৰ কাহিনী

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

তামিল নাডুত ৰন্ধন গেছৰ এজেন্টে লৈ ফুৰিব স্বাইপ মেচিন