দেশৰ ৪০৪১খন নগৰ/চহৰত নগদবিহীন লেনদেনৰ আহ্বান

দেশৰ ৪০৪১খন নগৰ/চহৰত নগদবিহীন লেনদেনৰ আহ্বান

Tuesday November 29, 2016,

2 min Read

নগদবিহীন লেনদেনৰ প্ৰতি দেশজুৰি প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে নগৰ উন্নয়ন মন্ত্ৰালয়ে দেশৰ বিধিগত ৪০৪১খন নগৰ/চহৰৰ স্থানীয় নিকায়ত অতি সোনকালে অনলাইনৰ মাধ্যমত লেনদেন কৰিবলৈ আহ্বান জনাইছে। 

দেওবাৰে নগদবিহীন লেনদেন নিশ্চিতকৰণ শীৰ্ষক এক দীঘলীয়া ভিডিঅ’ কনফাৰেন্সিঙৰ মত-বিনিময় অনুষ্ঠানত নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব ৰাজিৱ গৌবাই কেন্দ্ৰীয় চৰকাৰৰ হৈ এই বাৰ্তা দেশৰ ৪০৪১খন নগৰাঞ্চলৰ স্থানীয় নিকায়ৰ সকলো বিষয়াৰ প্ৰতি প্ৰেৰণ কৰে।

নগৰ আৰু চহৰসমূহত ধন হস্তান্তৰৰ বেলিকা বিত্ত মন্ত্ৰালয়ে বিকাশ ঘটোৱা ৰাজহুৱা বিত্ত ব্যৱস্থাপনা পদ্ধতি ব্যৱহাৰৰ উপৰি নগদবিহীন লেনদেন কৰাৰ বাবে ৰাজ্যিক আৰু চহৰাঞ্চল পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীসকলক ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ জৰিয়তে ইণ্টাৰনেট বেংকিং, অনলাইন বেংকিং প্ৰচাৰ কৰিবলৈ কোৱা হৈছে।

image


তেওঁ নগৰাঞ্চলৰ স্থানীয় নিকায়সমূহৰ আয় আৰু ব্যয় দুয়োটাই অনলাইন কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। এইবোৰৰ ভিতৰত সম্পত্তি কৰ, বৃত্তিমুলক কৰ, পানী, বিদ্যুৎ বিলকে ধৰি সকলো ব্যৱহাৰ্য মাছুল, অন্যান্য মাছুল, অনুজ্ঞাপত্ৰৰ মাছুল, কমিউনিটী হলৰ অনলাইন বুকিং, জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদান আৰু নৱীকৰণ, বিপনীৰ আৰু অন্যান্য প্ৰতিষ্ঠানৰ পঞ্জীয়ন, গ্ৰন্থাগাৰৰ সদস্য ভৰ্তি ইত্যাদি উল্লেখযোগ্য। সকলো নিয়মীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰীক তেওঁলোকৰ দৰমহাৰ লগতে অন্যান্য বানচ-ভাট্টাকে ধৰি যাৱতীয় সকলো দেনা নগদ ধনৰ পৰিৱৰ্তে অনলাইন প্ৰদান কৰিব লাগিব। 

সংশ্লিষ্ট চৰকাৰসমূহক সকলো প্ৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক একাউণ্ট খোলাৰ সহায় হোৱাকৈ সজাগতা অনাৰ বাবে আন্তঃগাঁথনি আৰু সক্ষমতা সৃষ্টি কৰিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হৈছে। চৰকাৰৰ বিভিন্ন আঁচনিৰ পুঁজি হস্তান্তৰ, হিচাপ, সমাযোজন আৰু হস্তান্তৰ প্ৰক্ৰিয়াৰ নিৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে নগৰ পৰ্যায়লৈকে ৰাজহুৱা বিত্ত ব্যৱস্থাপনা পদ্ধতি গ্ৰহণ কৰিব পাৰে।

উল্লেখ্য যে দেশৰ ৫৯খন নগৰত নৱেম্বৰ মাহত সংগৃহীত কৰ ৰাজহ পৰিমাণ ১,৭২২ কোটি। ইয়াৰে ভিতৰত আহমেদাবাদত ১৮৭ কোটি, ভূপালত ২৭ কোটি, চেন্নাইত ৮০ কোটি, ফৰিদাবাদত ১৭ কোটি, গুৱাহাটীত ১৪ কোটি, হায়দৰাবাদত ২০৮ কোটি, ইন্দোৰত ৩২ কোটি, কাকিনাড়াত (অঃপ্ৰঃ) ২০ কোটি, কল্যান(মহাৰাষ্ট্ৰ)ত ১৭০ কোটি, লক্ষ্ণৌত ২৩ কোটি, ৰায়পুৰত ১৭ কোটি, বিশাখাপট্টনমত ১৬ কোটি, অমৃতচৰত ১২ কোটি, কানপুৰত ৩০ কোটি, মুম্বাইত ১৬৭ কোটি আৰু নতুন দিল্লী পৌৰ পৰিষদত ৮৪ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

মধ্যপ্ৰদেশ চৰকাৰৰ এক সূত্ৰই সদৰি কৰা মতে ৰাজ্যখনৰ ৭খন নগৰত ইতিমধ্যে নগদবিহীন লেনদেন আৰম্ভ হৈছে আৰু অহা মাৰ্চ মাহৰ ভিতৰত ৩৭৮খন চহৰৰ সকলোতে এই ব্যৱস্থা আৰম্ভ হ’ব। উত্তৰপ্ৰদেশ আৰু গোৱাই ৰাজহুৱা বিত্ত ব্যৱস্থাপনা পদ্ধতিৰ ব্যৱহাৰ কৰি সুফল লাভ কৰা বুলিও জনাইছে।

কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী এম. ভেংকায়া নাইডুৱে বিশাখাপট্টনম পৌৰ নিগমে আৰম্ভ কৰা এনে এক পৰীক্ষণমুলক শিবিৰ মুকলি কৰে আৰু ইয়াত নাগৰিকসকলক অনলাইন লেনদেন সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয়।

( সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আমাজন কতৃপক্ষই কৰ্মচাৰীৰ বাবে পাতিছে এখন অৰণ্য

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি

ধুমুহাৰ ধ্বংসাত্মক শক্তিক সৃষ্টিৰ কামত লগোৱা হৈছে জাপানত