ভাৰতত বৰ্তমানলৈকে ১১,৪২৯ খন গাঁৱলৈ বিদ্যুৎ যোগান

ভাৰতত বৰ্তমানলৈকে ১১,৪২৯ খন গাঁৱলৈ বিদ্যুৎ যোগান

Monday December 26, 2016,

2 min Read

দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা (ডিডিইউজিজেৱাই)ৰ অধীনত বিগত সপ্তাহত (১৯ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ, ২০১৬লৈ) দেশৰ ১০২ খন গাঁৱলৈ বিদ্যুৎ যোগান ধৰা হৈছে৷ এই বিদ্যুৎ যোগান ধৰা গাঁওসমূহৰ ভিতৰত অসমৰ ১৭খন, বিহাৰৰ ০৯খন, চত্তীশগড়ৰ ১০খন, ঝাৰখণ্ডৰ ২৯খন, মণিপুৰৰ ৫খন, ওড়িশাৰ ৩০খন আৰু মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ এখনকৈ গাঁও অন্তৰ্ভূক্ত আছে৷ বিদ্যুতীকৰণৰ চলিত কাম-কাজৰ সবিশেষ তথ্য জানিবলৈ http://garv.gov.in/dashboard ত লগ অন কৰিব পাৰে৷

Image: Huffington Post

Image: Huffington Post


থোৰতে বৈদ্যুতিকৰণ প্ৰক্ৰিয়াৰ আপডেট

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে কৰা ঘোষণা অনুসৰি ২০১৮ চনৰ ১ মে’ পৰ্যন্ত এই সূদীৰ্ঘ ১,০০০ দিনত ভাৰত চৰকাৰে দেশৰ ১৮,৪৫২ খন গাঁৱলৈ বিদ্যুৎ যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই প্ৰকল্পৰ অধীনত প্ৰতি ১২ মাহত ১২টা পৰ্যায়ত নিৰ্দিষ্ট সময়ত ভাগ ভাগ কৰি বৈদ্যুতিকৰণ কৰা হৈছে৷

image


ইয়াৰ উদ্যোগত বৰ্তমানলৈকে দেশৰ ১১,৪২৯খন গাঁৱত বিদ্যুৎ যোগান ধৰা হৈছে৷ বাকী ৭,০২৩খন গাঁৱৰ ৬৯৮খনত মানুহৰ বসতি নাই৷ ৩,৭৭৫খন গাঁৱত গ্ৰীড সংযোগী বিদ্যুৎ ২,৫০২ খন গাঁৱত ভৌগোলিক বাধাৰ বাবে গ্ৰীডবিহীন বিদ্যুৎ আৰু ৩১৬খন গাঁৱত ৰাজ্য চৰকাৰসমূহে নিজাকৈ বিজুলীৰ যোগান ধৰিব৷

ভাৰত চৰকাৰে এই মিচন আৰম্ভ কৰাৰ পাছতে ২০১৫ৰ এপ্ৰিলৰ পৰা ২০১৫ৰ ১৪ আগষ্টলৈ দেশৰ সৰ্বমুঠ ১,৬৫৪ খন গাঁৱত বিজুলী যোগান ধৰা হয় আৰু ২০১৫ৰ ১৫ আগষ্টৰ পৰা চলিত বৰ্ষৰ ২৫ ডিচেম্বৰলৈ অতিৰিক্ত ৯,৭৭৫খন গাঁৱৰ বিদ্যুতীকৰণ কৰা হয়৷ এই মিচনৰ কাম দ্ৰুতহাৰত হোৱাৰ বাবে গ্ৰাম বিদ্যুৎ অভিযানৰ জৰিয়তে প্ৰতি মাহে পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত কৰি বিদ্যুতীকৰণ হোৱা গাওঁসমূহৰ তথ্য বিনিময় কৰা হয়৷ ইয়াতে যিবোৰ গাঁৱত লেহেমীয়া বিদ্যুতীকৰণৰ হৈছে সেইবোৰ চিনাক্ত কৰি তাৰ কাৰণ তথা সমস্যাসমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰি সমাধানৰ উপায় চিনাক্ত কৰা হৈছে৷

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আঙুলিৰ চাপেৰেই বিমান বন্দৰত প্ৰবেশ কৰিব পৰা যাব

২০১৭ চনৰ পৰা সৌৰ আৰু বায়ু শক্তিৰে চলিব গুগল

সাত শতাধিক বাটৰ কুকুৰক আশ্ৰয় দিয়া মানুহজন

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো