মহাৰাষ্ট্ৰৰ কৃষকসকলৰ মুখত হাঁহি বিৰিঙাইছে নানা পাটেকাৰে

মহাৰাষ্ট্ৰৰ কৃষকসকলৰ মুখত হাঁহি বিৰিঙাইছে নানা পাটেকাৰে

Sunday February 07, 2016,

2 min Read

মহাৰাষ্ট্ৰৰ উপান্ত খেতিয়কসকলৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে সকলোৱে জ্ঞাত।এই খেতিয়কসকলৰ অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ অভিনেতা আৰু সামাজিক কৰ্মী নানা পাটেকাৰে সকলোৰে প্ৰতি আহ্বান জনাই কয় যে, যদি দেশৰ অন্নদাতাসকলক চিন্তামুক্ত কৰি ৰাখিব লাগে,তেনেহ’লে আমি সকলোৱে এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব লাগিব।

ভাৰত ৰংগ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি নানা পাটেকাৰে কয় ,“যোৱা কিছুদিনৰ পৰা দেশখনৰ খেতিয়কসকলৰ অৱস্থা বেয়াৰ দিশে গতি কৰিছে।এই পৰিস্থিতিৰ পৰিৱৰ্তন কৰিবলৈ হ’লে তেওঁলোকৰ বাবে ধাৰাবাহিকভাৱে কাম কৰিব লাগিব আৰু খেতিয়কসকলৰ দুখ পাতলাবলৈ আমি আগুৱাই আহিব লাগিব।”

image


তেওঁ আৰু কয় যে, চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিবাদ কৰিলে চৰকাৰে তেওঁলোকৰ কথা শুনে, কিন্তু কৃষকে প্ৰতিবাদ কৰিলে তেওঁলোকৰ কথা শুনোতা কোনো নাই।বিশিষ্ট অভিনেতাজনে কয় যে, কৃষকে খৰাং,পানীৰ নাটনি আৰু মৃত নদীৰ সমস্যাক লৈ যুঁজি আছে।

পাটেকাৰে স্বভাৱসুলভ ব্যংগৰে কয় যে, খেতিয়ক বা পাচলি বেপাৰীৰ পৰা পাচলি কিনোতে আমি দৰদাম কৰো, কিন্তু কোনো শ্বপিং মল বা ডাঙৰ দোকানৰ পৰা বস্তু কিনোতে,যিটো দাম লিখা থাকে সেইটোকেইটো দিওঁ বা কেতিয়াবা অধিক দামো দিওঁ।

নানা পাটেকাৰে নিজেই ১১ খন গাঁও দত্তক লৈছে।পানীৰ সোঁতক পুনৰ্জীৱিত কৰাৰ প্ৰয়াস কৰিছে।মহাৰাষ্ট্ৰৰ এখন ঠাইৰ জনসাধাৰণে কোনোধৰণৰ চৰকাৰী সাহায্য অবিহনেই ২২ কোটি টকা সংগ্ৰহ কৰিছে।


মূলঃ হিন্দী

অনুবাদঃ লীনা শইকীয়া


এনেধৰণৰ প্ৰেৰণাদায়ক কাহিনী পঢ়িবলৈ আমাৰ ফেচবুক পে’জ লাইক কৰক।


এই সম্পৰ্কীয় আন কাহিনী


পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

মাছ ধৰি খাবলৈ 'মাছ'লৈ যাওক

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

    Share on
    close