বাবা ৰামদেৱৰ পতঞ্জলি এতিয়া এপৰ মাধ্যমেৰেও উপলব্ধ

বাবা ৰামদেৱৰ পতঞ্জলি এতিয়া এপৰ মাধ্যমেৰেও উপলব্ধ

Saturday January 30, 2016,

2 min Read

অতি শীঘ্ৰে বাবা ৰামদেৱৰ পতঞ্জলিৰ সামগ্ৰীসমুহ এক এপযোগে মানুহৰ ঘৰে ঘৰে উপলব্ধ হ'ব। এই ব্যৱস্থা গ্ৰহণ কৰিছে পতঞ্জলীয়ে। গুৰগাৱঁৰ পৰা আৰম্ভ হোৱা 'প্লাছ' নামৰ ষ্টাৰ্ট আপটোৱে হাতত লৈছে এই কামটো। পতঞ্জলিৰ ঔষধ আৰু স্বাস্থ্যসম্পৰ্কীয় সামগ্ৰীসমুহ অনলাইনযোগে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান ২৫০০কোটি আয়েৰে দেশৰ এটা অন্যতম FMCG কোম্পানী হৈছে পতঞ্জলি। ইয়াৰ উৎপাদিত পুষ্টিজনিত সামগ্ৰী, চুলি-চালৰ যতন লোৱা সামগ্ৰী,দাঁতৰ যতন লোৱা সামগ্ৰী বা খাদ্য সমগ্ৰীসমুহো 'প্লাছ' এপটোৰ সহায়েৰে দেশৰ ৰাজধানী চহৰখনত বিক্ৰী কৰা হ'ব। এই FMCG কোম্পানীটোৱে ইতিমধ্যেই এক ৱেব পৰ্টেলৰ জৰিয়তে বিভিন্ন সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিছেই।


image


এই ব্যৱসায়িক সম্পৰ্কটো সন্দৰ্ভত প্লাছৰ সহ প্ৰতিস্থাপক মধুলিকা পাণ্ডেই কয়,

পতঞ্জলিয়ে ইতিমধ্যে নিজৰ উৎপাদিত সামগ্ৰীৰে দেশৰ অসংখ্য গ্ৰাহকক আকৃষ্ট কৰি সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম পাঁচটা FMCG কোম্পানীৰ ভিতৰত এটা হিচাপে বিবেচিত হৈ পৰিছে। সেইবাবেই গ্ৰহকৰ বিপুল দাবীত জৰুৰী স্বাস্থ্য সামগ্ৰী বিক্ৰীৰ এক প্লেটফৰ্ম হিচাপে পতঞ্জলীৰ এই স্বাস্থ্য সামগ্ৰীসমুহ বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

২০১৫চনত অজিত জৈন,মধুলিকা পাণ্ডে আৰু তৰুণ লাৱাদিয়াই আৰম্ভ কৰিছিল প্লাছ নামৰ এই ষ্টাৰ্ট আপটো। দেশত বৰ্তমান দেখা দিয়া ঔষধৰ তাৎক্ষণিক প্ৰয়োজন আৰু অসংগঠিত ৰূপত থকা স্বাস্থ্যসেৱা খণ্ডটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই ষ্টাৰ্ট আপটো আৰম্ভ কৰিছিল। যিখন দেশত গেলামালৰ পৰা খাদ্য,বস্ত্ৰলৈকে সকলো সামগ্ৰী পদুলিমুখতেই উপলব্ধ,সেইখন দেশতেই কিন্তু ঔষধ এটা পোৱাৰ ক্ষেত্ৰত থকা অসুবিধাৰ অন্ত নাই। নিজৰেই ডেলিভাৰী দিয়া লোক নিযুক্তি দি,যাক প্লাছমেন বুলি অভিহিত কৰা হৈছে, প্লাছে দুৱাৰদলিতে সঠিক সময়ত ঔষধ পোৱাৰ ব্যৱস্থা হাতত লৈছে।

কোম্পানীটোৱে ইতিমধ্যেই IDG Ventures India, m & s partners (Singapore) আৰু Powerhouse Ventures (USA)ৰ পৰা ১ মিলিয়ন ডলাৰ আগতীয়া বিনিয়োগ লাভ কৰিছে। প্লাছ বৰ্তমান দিল্লী আৰু গুৰগাৱঁত উপলব্ধ। তেওঁলোকৰ দাবী যে ২০১৫চনৰ নবেম্বৰলৈকে তেওঁলোকে মাহিলী হিচাপত ১৫,০০০লৈ অৰ্ডাৰ লাভ কৰিছে।

স্বাস্থ্য সামগ্ৰীৰ বজাৰখনে ২০১৭ চনলৈ ১৫শতাংশ CAGR উন্নয়ন আৰু ১৫৮.২ বিলিয়ন আয়ৰ আশা কৰিছে। বিশেষজ্ঞসকলৰ মতে ঔষধৰ অসুবিধা সমাধানৰ দ্বাৰা বজাৰ দখল কৰাটো এক সুবিধাজনৰ ব্যৱসায়। প্লাছে মূলতঃ চাৰিটা শিতানক ঔষধসমুহ যোগান ধৰিছে। সেয়া হৈছে- বেবি কেয়াৰ, পেট কেয়াৰ, পাৰ্চনেল ৱেলনেছ আৰু দেইলি এছেনছিয়েলছ। কেইবাটাও উপ-শিতানত শতাধিক সামগ্ৰী উপলব্ধ হৈছে। এই এপটোৱে গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো স্থানতেই সেৱা উপলব্ধ কৰাৰ লগতে নিৰ্দিষ্ট ষ্ট'ৰৰো ব্যৱস্থা কৰিছে। এই এপটো এণ্ড্ৰইড আৰু আইঅ'এছ দুয়োটা ব্যৱস্থাতেই উপলব্ধ হৈছে।