২০১৫ বর্ষৰ ভাৰতৰ শ্ৰেষ্ঠ ষ্টার্টআপৰ কাহিনীৰে…

২০১৫ বর্ষৰ ভাৰতৰ শ্ৰেষ্ঠ ষ্টার্টআপৰ কাহিনীৰে…

Thursday December 31, 2015,

7 min Read

ভাৰতবর্ষৰ ষ্টার্টআপৰ যাত্ৰাত ২০১৫ বছৰটো এটা মাইলৰ খুটি হিচাপে বিবেচিত হ’ব৷ ষ্টার্টআপত বিনিয়োগৰ বাবে “আলিবাবা” আৰু “ইনফ’চিচ”ৰ দৰে বৃহৎ কম্পেনী আগবাঢ়ি অহা খৱৰে আৰু কিছুদিনলৈ ষ্টার্টআপৰ বতাহ নিশ্চয়কৈ গৰম কৰি ৰাখিব৷ ইমানৰ পিছতো কিন্তু ২০১৬ ৰ এই সন্ধিক্ষণত ষ্টার্টআপৰ ভবিষ্যতকলৈ ইয়াৰ লগত জড়িত বহুতেই সন্দিহান হৈ আছে৷ বজাৰ আৰু অর্থনীতিৰ উঠা-নমাৰ লগত সঙ্গতি ৰাখি কিছুমান খণ্ডই উধাই যোৱাৰ বিপৰীতে আন কিছুমান খণ্ড এতিয়াও বহু পিছপৰি ৰৈছে৷

আমি ২০১৫ বছৰটোৰ বিদায় মূহুর্তত য়'ৰ ষ্ট'ৰিৰ জৰিয়তে বিগত বর্ষত ষ্টার্টআপৰ জগতখনত ঘটা কেইটামান বৃহৎ ঘটনাত এভুমূকি মাৰিবলৈ চেষ্টা কৰিছো৷

অর্থই হ’ল সকলোৰে মূল

Sequoia Capital India এ আটাইতকৈ বেছি ৩২ টা ষ্টার্টআপত বিনিয়োগ কৰাৰ বিপৰীতে Tiger Global Investments এ কৰা বিনিয়োগৰ সংখ্যা হ’ল ২৯৷ ইয়াত আচৰিত হ’বলগা বিশেষ একো নাছিল৷ কিন্তু যেতিয়া ইনফ’চিচ, ৰতন টাটা, এন.আৰ.নাৰায়ণমূর্তী আৰু কুনাল ভালৰ দৰে ব্যৱসায়ৰ ক্ষেত্ৰত দেৱদূতৰ দৰে ব্যক্তি আৰু প্ৰতিষ্ঠানে বহুতো ষ্টার্টআপত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিল তেতিয়াহে সকলো আচৰিত হ’ল৷ তাৰ কিছুদিনৰ পিছতে চীনৰ আটাইতকৈ প্ৰসিদ্ধ e-commerce কম্পেনী “আলিবাবা” ই বিনিয়োগৰ উদ্দেশ্যে ভাৰতত প্ৰবেশ কৰি অকল Paytm অতে বিনিয়োগ কৰি ক্ষান্ত নাথাকিল লগতে আন এটা মবাইলৰ সৈতে জড়িত উদ্যোগ আৰু বাঙ্গালুৰুস্থিত এটা বাণিজ্য কেন্দ্ৰিক incubator তো বিনিয়োগ কৰিলেহি৷ চীনৰ ইলেক্ট্ৰনিক ক্ষেত্ৰখনৰ আন এক বৃহৎ শক্তি Xiaomi এ “আলিবাবা”ৰ পদাঙ্ক অনুসৰণ কৰি ভাৰতত e-commerce warehouse নির্মাণ আৰু logistics ক্ষেত্ৰখনত জড়িত হোৱাৰ উপৰিও ভাৰতৰ ষ্টার্টআপ বোৰত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিল৷

image


টেক্সি সেৱা খণ্ডৰ বৈপ্লবিক ঘটনা

চৰকাৰৰ নিষেধাজ্ঞা, মুম্বাই আৰু কেৰেলাত টেক্সি ইউনিয়ন বোৰৰ প্ৰতিবাদ আদিৰ পিছতো বিগত বছৰটোত অ'লা আৰু উবেৰ কে ধৰি আন বহুতো ব্যক্তিগত খণ্ডৰ টেক্সি সেৱাই নিজৰ কাম কৰি যাবলৈ সক্ষম হৈছে৷ ওপৰত উল্লেখিত চহৰকেইখনৰ সাধাৰণ টেক্সি চালকসকলে প্ৰথমাৱস্থাত এনে ধৰণৰ টেক্সি সেৱাই তেওঁলোকৰ উপাৰ্জনত ব্যাঘাত জন্মোৱাৰ আশংকাতে এনে সেৱাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছিল৷ কিন্তু অৱশেষত পৰিস্থিতি অনুকূল হোৱাত অ'লা আৰু উবেৰ(Uber) এ নিজৰ ব্যৱসায়ক অধিক আগবঢ়াই নিবলৈ সক্ষম হোৱাৰ বিপৰীতে মেৰু (Meru) আৰু জুগনু (Jugnoo) নামৰ আন দুটা প্ৰতিস্থানো টেক্সি সেৱাৰ সৈতে জড়িত হ’ল৷ টেক্সি সেৱাৰ সৈতে জড়িত আমেৰিকান সংস্থা “উবেৰ”(Uber) ৰ বিশ্বজুৰি থকা ব্যৱসায়িক ক্ৰমত ভাৰতবর্ষ এবছৰতকৈয়ো কম সময়তে দ্বিতীয় স্থানলৈ উন্নীত হ’বলৈ সক্ষম হৈছে৷ ভাৰতবর্ষৰ ব্যৱসায়িক ক্ষেত্ৰত এই অগ্ৰগতিলৈ লক্ষ্য ৰাখি “উবেৰ”(Uber) এ ভাৰতীয় ষ্টার্টআপ সমূহত এক বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ কথা ঘোষনা কৰিছে৷

আনহাতে দিল্লী প্ৰশানৰ নীতি নির্দেশনালৈ লক্ষ্য ৰাখি চহৰখনত চলা অ'লাৰ সকলোবোৰ বাহনকে ২০১৫ চনৰ চেপ্তেম্বৰ মাহৰ ভিতৰতে চি.এন.জি. লৈ ৰূপান্তৰিত কৰা হৈছে যদিও চহৰখনত ব্যৱসায়িক কার্যকলাপ চলাই থাকিবলৈ প্ৰয়োজন হোৱা লাইচেঞ্চৰ বাবে কম্পেনীটোৱে এতিয়াও আদালতত ন্যায় যুদ্ধ চলাই আছে৷ শেহতীয়াকৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি নির্দেশনাই অ'লাৰ দৰে মানসম্পন্ন সেৱা আগবঢ়োৱা প্ৰতিস্থানলৈ শুভবার্তা কঢ়িয়াই আনিছে৷ স্থল পৰিবহন আৰু ৰাজপথ মন্ত্ৰণালয়ে ২০১৫ ৰ অক্টোৱৰ মাহত প্ৰৱর্তন কৰা এখন আইনে টেক্সি চালক আৰু ইয়াৰ সৈতে জড়িত কম্পেনী সমূহকো সামৰি লৈছে৷

ইয়াৰ উপৰিও প্ৰদূষণ ৰোধৰ বাবে দিল্লী চৰকাৰে যান বাহনৰ যাতায়তৰ ক্ষেত্ৰত গ্ৰণহ কৰা যুগ্ম-অযুগ্ম নীতিক উবেৰ, অ'লা, মেৰু আৰু জিপগ’ৰ দৰে প্ৰতিস্থানে আদৰি লৈছে৷

ৰাজ্য সমূহৰ নীতি নির্দেশনা

ষ্টার্টআপৰ চকুত লগা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিগত বছৰটোত ৰাজ্য চৰকাৰ সমূহেও কিছু সহনশীল মনোভাৱ প্ৰদর্শন কৰা পৰিলক্ষিত হৈছে৷ ২০১৫ চনৰ জুলাই মাহত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে লোৱা এটা সিদ্ধান্তত Alternative Investment Funds (AIFs) ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে অনুমতি প্ৰদান কৰে৷ এই ব্যৱস্থাই ষ্টার্টআপৰ উপৰিও, ন উদ্যোগীৰ লগতে ক্ষুদ্ৰ আৰু মধ্য শ্ৰেণীৰ উদ্যোগলৈ অধিক পুঁজিৰ যোগান ধৰিব পাৰিব৷

ইয়াৰ উপৰিও Securities and Exchange Board of India (SEBI) এ ষ্টার্টআপৰ বাবে পুঁজিৰ যোগানৰ ক্ষেত্ৰত নীতি নিয়মবোৰ প্ৰয়োজন অনুসাৰে পূর্বতকৈ শিথিল কৰাৰ সিদ্ধান্ত লৈছে৷ আনহাতে ষ্টার্টআপৰ বাবে পূঁজিৰ যোগান বিষয়ক নীতি নির্দেশনা প্ৰস্তুতকাৰী এখন সমিতিৰ মূৰব্বী হিচাপে ইনফ’চিচৰ এন.আৰ.নাৰায়ণমূর্তীএ আগৰ তুলনাত ঘৰুৱা বিনিয়োগৰ ক্ষেত্ৰত নীতি নিয়মবোৰ যথেষ্ট শিথিল কৰাৰ পৰামর্শ দিছে৷

দিল্লী চৰকাৰৰ শেহতীয়া এটা নির্দেশনাই ষ্টার্টআপবোৰলৈ আশাৰ বতৰা ক’ঢ়িয়াই আনিছিল৷ এই নির্দেশনাই এন.আৰ.আই. সকলৰ বিনিয়োগক ঘৰুৱা বিনিয়োগ বুলিয়ে ধৰাৰ সিদ্ধান্ত লৈছিল, যাৰ ফলত এনে বিনিয়োগ সমূহ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতি নির্দেশনাৰ অন্তর্ভূক্ত নহ’ব বুলি কোৱা হৈছিল৷ কিন্তু কিছুদিন পিছতে দিল্লী উচ্চ ন্যায়ালয়ৰ এক নির্দেশনাই সেই আশাত চেঁচা পানী ঢালিলে৷ এই নির্দশনাৰ জৰিয়তে দিল্লী উচ্চ ন্যায়ালয়ে চৰকাৰক ২১ টা e-commerce কম্পেনীৰ ৱেবচাইট সমূহে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতিনির্দেশনা উলঙ্ঘা কৰা বুলি কৈ সেই ৱেব চাইট সমূহত অনুসন্ধান কৰাৰ নির্দেশ দিলে৷ কিন্তু আচৰিত কথাটো হ’ল এয়ে যে এই ২১ টা e-commerce কম্পেনীৰ ভিতৰৰ বহু কেইটাত বিদেশী বিনিয়োগৰ নাম গোন্ধেই নাছিল৷ বর্তামানলৈকে e-commerce ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত কোনো স্পষ্ট নীতি নির্দেশনা নথকা বাবে e-commerce ৰ সৈতে জড়িত ষ্টার্টআপ সমূহে বিদেশৰ পৰা বিনিয়োগৰ আশা বাদ দিব লগা হৈছে৷

আন্তঃৰাষ্ট্ৰীয় অভিযান

২০১৫ বর্ষত কেইটামান বচা বচা ষ্টার্টআপে বিদেশৰ ভূমিলৈকো নিজৰ ব্যৱসায়ৰ বিস্তৃতি ঘটাবলৈ সাহস কৰিছিল৷ বেকপেকাৰ হষ্টেল চেইন জষ্টেলে নিজৰ ব্যৱসায় ভিয়েটনামলৈ সম্প্ৰসাৰণ কৰিলে৷ অনহাতে হোটেল বুকিং এপ্ ৰুমচ্ টুনাইটে ১.৫ মিলিয়ন আমেৰিকান ডলাৰ সংগ্ৰহ কৰি ডুবাইলৈ নিজৰ কার্যক্ষেত্ৰ বঢ়োৱাৰ পৰিকল্পনা কৰিছে৷ ৰেড বাচ নামৰ অনলাইন টিকেটৰ সৈতে জড়িত প্ৰতি্তানটোৱে ইতিমধ্য ৮ মিলিয়ন ডলাৰ সংগ্ৰহ কৰি মালয়েচিয়া আৰু চিংগাপুৰত নিজৰ ব্যৱসায় মুকলি কৰিছেগৈ৷ সেইদৰে জুগনুৱে ফিলিপাইনচলৈ নিজৰ কক্ষপথৰ বিস্তৃতি ঘটাবলৈ সক্ষম হৈছে৷

অ'লাই দিদি কুৱাইদি (Didi Kuaidi), গ্ৰেবটেক্সি (GrabTaxi) আৰু লিফ্ট (Lyft) ৰ সৈতে ব্যৱসায়ীক সহযোগিতাৰ চুক্তিত আৱদ্ধ হৈ উৱেৰৰ তুলনাত নিজৰ ব্যৱসায়ৰ লেখত ল’বলগীয়া এক বিস্তৃতি কৰিবলৈ সক্ষম হৈছে৷ অ'লা সৈতে এই চাৰি কম্পেনীয়ে একেলগে ৭ বিলিয়ন মার্কিন ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে দিদি কুৱাইদি (Didi Kuaidi) এ অ'লাকে ধৰি আন দুটা কম্পেনীটো বিনিয়োগ কৰিছে৷ চীনৰ ৩৬০ খন চহৰত দিদি কুৱাইদি এ সেঁৱা আগবঢ়োভাৰ বিপৰীতে ইলফ্টে আমেৰিকাৰ ২০০ খন চহৰত আৰু গ্ৰেবটেক্সিএ মালয়েচিয়া, চিংগাপুৰ, ইণ্ডোনেচিয়া, ফিলিপাইনচ্, ভিয়েটনাম আৰু থাইলেণ্ডত নিজৰ ব্যৱসায়ৰ বিস্তৃতি কৰিব পাৰিছে৷ চাৰি কম্পেনীৰ এই সমন্বয়ৰ ফলত এতিয়া দেশী-বিদেশী পর্যটকে নিজৰ দেশত প্ৰযোজ্য হোৱা এপ আন দেশটো ব্যৱহাৰ কৰিব পাৰিব৷ এই চাৰি কম্পেনীৰ সমন্বয়ৰ ফলত উবেৰ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মূখীন হ’ব লগা হৈছে৷

দিনকদিনে বাঢ়িছে নতুন নতুন প্ৰতিষ্ঠান …

Paytm, Zomato আৰু Quikr এ Ola, Snapdeal, Inmobi আৰু Mu Sigma ৰ সৈতে এই বছৰটোত যথেষ্ট অগ্ৰগতি প্ৰদৰ্শন কৰিছে৷ আনহাতে গোটেই বর্ষজুৰি বিভিন্ন কাৰণত জোমাটো নামৰ কম্পেনীটোৱে সংবাদৰ শিৰোনাম দখল কৰি আছিল৷ প্ৰথমে ই আমেৰিকাৰ বজাৰত প্ৰবেশ কৰিলে, তাৰপিছত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ এটা এপ্ৰ আৰম্ভণি কৰিলে আৰু শেষত ২০১৫ ৰ নবেম্বৰ মাহত প্ৰায় ৩০০ কর্মচাৰীক কামৰ পৰা নিলম্বন কৰি ই সংবাদৰ শীর্ষলৈ আহিছিল৷ আনহাতে জোমাটোৱে TripHobo নামৰ Travel Planner ৰ সৈতে জড়িত এটা কম্পেনীৰ সৈতে ব্যৱসায়ীক বুজা বুজি কৰি জোমাটোৰ অধীনত থকা হোটেল ব্যৱসায়টোক আগবঢ়াই নিবলৈ সক্ষম হৈছে৷

যিসময়ত খাদ্য প্ৰস্তুতকৰণ আৰু বিতৰণৰ সৈতে জড়িত বহু কেইটা কোম্পানী মৃত্যু মূখত পৰিছে সেই সময়তে জোমাটোৱে নিত্য নতুন ব্যৱসায়ীক কৌশল অৱলম্বন কৰি দোপতদোপে উন্নতি কৰি আগুৱাই যাবলৈ সক্ষম হৈছে৷ এফালে Spoonjoy, Eatlo আৰু Dazo নামৰ কম্পেনীকেইটাই বিনিয়োগৰ অভাৱত নিজৰ প্ৰতিষ্ঠান সমূহ বন্ধ কৰিবলগা হৈছে আৰু আনফালে TinyOwl নামৰ কম্পেনীটোৱে ইয়াৰ ২০০ কর্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰি কেইবাখনো চহৰত থকা ইয়াৰ অফিচ সমূহ বন্ধ কৰি দিব লগা হৈছে৷

ফ্লিপকার্টৰ শচীন বানচাল আৰু বিন্নী বানচালে যেতিয়া ফর্বচ আলোচনীৰ বিলিয়নাৰৰ তালিকাত নিজৰ নাম অন্তর্ভূক্ত কৰিবলৈ সক্ষম হ’ল তেতিয়া এনে উদ্যোগৰ জনপ্ৰিয়তা দশোদিশে বিয়পি পৰিল৷ FreeCharge কে ধৰি আন কেইবাটাও ষ্টার্টআপত স্নেপডিলে প্ৰায় ১ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰি ষ্টার্টআপ সমূহক উৎসাহিত কৰি তুলিছিল৷ ইয়াৰ সমান্তৰালকৈ ফ্লিপকার্ট, অ'লা আৰু এমাজনএ Peppertap, Grofers আৰু Jugnoo নামৰ প্ৰতিষ্টানকেইটাৰ সৈতে সহযোগ কৰিছে৷

ক্ৰমে E-commerce আগবাঢ়িছে

বিভিন্ন এপ্, উৎসৱ পার্বনৰ সময়ত দিয়া বিভিন্ন অফাৰৰ লগতে এই ব্যৱসায়ত কোটি কোটি টকা বিনিয়োগৰ খৱৰে ২০১৫ ৰ গোটেই বছৰ জুৰি E-commerce ৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক সংবাদৰ শীর্ষত আৰোহণ কৰি ৰাখিছিল৷ Paytm এ অনলাইন শ্বপিংৰ সৈতে জড়িত হৈ পৰা, আনহাতে Flipkart আৰু Snapdeal এ “lite” মবাইল চাইট মুকলি কৰা আদি সৰু বৰ ঘটনাই E-commerce ৰ ক্ষেত্ৰখনক আকর্ষণৰ কেন্দ্ৰবিন্দু কৰি ৰাখিছিল৷ কিন্তু এইবোৰৰ মাজতে ২০১৫ ৰ দেৱালীৰ সময়ত এই E-commerce কম্পেনী সমূহৰ তৰফৰ পৰা আগৰ কেইবছৰৰ নিচিনাকৈ বৰ বেছি এটা অফাৰ আগবঢ়োৱা দেখা নগ’ল৷

ভাৰতত Tier II আৰু Tier III ৰ অন্তর্ভূক্ত চহৰ সমূহৰ গ্ৰাহক সকলৰ বর্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এইবোৰ চহৰলৈ এই E-commerce কম্পেনী সমূহে নিজৰ কার্যক্ষেত্ৰ দৈনিক বঢ়াই যাব ধৰিছে আৰু এনে চহৰসমূহত বিক্ৰীৰ হাৰ আগৰ কেইবছৰৰ তুলনাত দূগুণ কি তিনিগুণলৈ বঢ়া দেখা গৈছে৷

ইয়াতে থমকি ৰ’ব লগা হোৱা নাই …

২০১৬ চনৰ জানুৱাৰী মাহত ষ্টার্টআপ ইণ্ডিয়া ষ্টেণ্ডআপ ইণ্ডিয়া অভিযান আৰম্ভ হোৱাৰ কথাটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ কিন্তু তৎসত্বেও এতিয়াও ষ্টার্টআপৰ প্ৰসঙ্গত বহুবোৰ প্ৰশ্নৰ সদুত্তৰ পাবলৈ বাকী আছে৷

এতিয়া Snapdeal আৰু Quikr ইংৰাজীৰ বাহিৰেও আন ভাষাতো উপলব্ধ হোৱাৰ সময়ত প্ৰশ্ন হয় যে এইবোৰ চাইট স্থানীয় ভাষাটো উপলব্ধ হ’ব নহয়? আনহাতে ইনফ’চিচে বিনিয়োগ কৰা ৬ টা ষ্টার্টআপৰ ভিতৰৰ ১ টাহে ভাৰতীয় কম্পেনী … ভবিষ্যতে এই প্ৰৱণতাটোৰ সলনি হ’বনে? দেশীয় ষ্টার্টঅপ সমূহে প্ৰয়োজনীয় বিনিয়োগ লাভ কৰিবনে? সেইদৰে উৱেৰে ৫০ মিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰি হাইদৰাবাদত তেওঁলোকৰ কম্পেনীৰ বিশ্বৰ ভিতৰতে বৃহত্তম অফিচটো প্ৰতিষ্ঠা কৰিবলৈ ওলোৱা সময়ত প্ৰশ্ন হয় যে এইটো ব্যৱসায়ৰ ক্ষেত্ৰত ক্ৰমান্বয়ে বাঢ়ি অহা প্ৰতিযোগিতাৰ পিছত উপভোক্তাই আগতকৈ উন্নত সেৱা লাভ কৰিবনে? সেয়া সময়েহে ক’ব৷ আগন্তুক ২০১৬ বছৰটোত এইসমূহ অগ্ৰগতিৰ বিষয়ে সকলোৱে দৃষ্টি ৰাখিব৷


মূল ৰচনা - অথিৰা এ নায়াৰ

অসমীয়া অনুবাদ – মণি ভট্টাচার্য্য

গ্ৰাফিক্স – গকুল কে.