চিনেমাৱালাৰ ‘তপোবন’ আৰু গুৱাহাটীৰ নাগৰিকক কম দামত পাছলি যোগানৰ প্ৰয়াস

0

সততে শুনা এটা পুৰণিকলীয়া অভিযোগ এয়ে যে অসমখন এখন কৃষিপ্ৰধান ৰাজ্য হোৱাৰ পিছতো ইয়াৰ খেতিয়কে তেওঁলোকৰ উৎপাদিত কৃষি সামগ্ৰীৰ উচিত বজাৰ মূল্য নাপায়৷ ইয়াৰ বিপৰীতে কিন্তু গ্ৰাহকে বজাৰৰ পৰা জুই-ছাই দামত পাছলি কিনি খাব লগা হয়৷ ইয়াৰ কাৰণ এটাই, সেইটো হ’ল পাছলি বজাৰ খনৰ সিংহভাগ মুনাফাই মধ্যভোগী সকলে হজম কৰে৷ অসমৰ আন অংশৰ তুলনাত গুৱাহাটী মহানগৰীৰ গ্ৰাহকে এই মধ্যভোগীৰ দৌৰাত্ম্য বেছিকৈ ভোগ কৰিব লগাত পৰে৷ এইক্ষেত্ৰত মাজে সময়ে চৰকাৰী তথা বেচৰকাৰী প্ৰচেষ্টাৰে মহানগৰীৰ গ্ৰাহকক কিছু কিছুৱে সকাহ দিয়াৰ চেষ্টা কৰিছিল যদিও সেয়া স্থায়ী নহ’ল৷ এই ব্যৱস্থাটোক এটা স্থায়ী ৰূপ দিয়াৰ লগতে মহানগৰীৰ মধ্যবিত্ত নাগৰিক সকলক শাক-পাছলিৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ পৰা সামান্য হ’লেও সকাহ দিয়াৰ উদ্দেশ্যে এজন যুৱকে প্ৰায় একক প্ৰচেষ্টাত ২০১৫ ৰ শেষভাগৰ পৰা মহানগৰীৰ ঠায়ে ঠায়ে শাক-পাছলিৰ কেইখনমান খুচুৰা বিক্ৰীকেন্দ্ৰ খুলি ৰাইজক বজাৰ মূল্যতকৈ কমদামত শাক-পাছলি বিক্ৰী কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছে৷ নাজিৰা নমাটিৰ এই যুৱক জনৰ নাম অমৰদ্বীপ গগৈ৷ এই প্ৰচেষ্টাৰ আৰম্ভণিৰ পৰা বিগত দুমাহৰ ভিতৰতে অমৰদ্বীপে গুৱাহাটীৰ গীতানগৰ, জুৰোড আৰু গণেশগুৰি অঞ্চলত ‘তপোৱন’ নামেৰে তিনিখন শাক-পাছলিৰ খুুচুৰা বিক্ৰী কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছে৷

আৰম্ভণি – 

আজিৰ শাক পাছলিৰ ব্যতিক্ৰমী ব্যৱসায়ী অমৰদ্বীপ কিন্তু মূলতঃ চিনেমা অনুৰাগী৷ তেওঁ প্ৰায় এযুগ ধৰি চলচ্চিত্ৰ পৰিচালনাৰ দিশটোৰ লগত জড়িত হৈ আছে৷ যোৰহাটৰ চাইঞ্চ কলেজৰ স্নাতক পাঠ্যক্ৰম সামৰি ১৯৯৫ চনতে গুৱাহাটী পাইছিলহি অমৰদ্বীপ গগৈ৷ শৈশৱতে ‘সৌৰভ কুমাৰ চলিহা’ৰ লিখনিৰ প্ৰতি আকৃষ্ট হোৱা অমৰদ্বীপে খলিল জিব্ৰানৰ অশৰীৰী প্ৰেমৰ কবিতাৰ লগতে তেওঁৰ চিত্ৰকলাৰো প্ৰেমত পৰিছিল৷ সাহিত্য আৰু চিত্ৰকলাৰ প্ৰেমে পিছলৈ তেওঁক চিনেমাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে৷ কাহিনী চিত্ৰ আৰু ডকুমেণ্টৰী ছৱিৰ কামত তেওঁ উত্তৰ-পূৱৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হয়৷ বিশেষকৈ ডকুমেণ্টৰী চিনেমাৰ কামত ভ্ৰমি ফুৰোতে বহু কৃষিজীৱি লোকৰ সংস্পর্শলৈ আহিছিল অমৰদ্বীপ৷ এতিয়া অমৰদ্বীপে সেইদৰে পৰিচয় হোৱা ন-পুৰণি খেতিয়ক সকলৰ পৰাই শাক-পাছলি সংগ্ৰহ কৰি গুৱাহাটী মহানগৰীৰ আন ব্যৱসায়ীতকৈ যথেষ্ঠ কম দামত পাছলি বিক্ৰী কৰিব পাৰিছে৷ অমৰদ্বীপৰ এই প্ৰচেষ্টাৰ ফলত খেতিয়ক সকলে নিজৰ উৎপাদিত সামগ্ৰীৰ অধিক মূল্য পোৱাৰ লগতে মহানগৰীৰ কিছু সংখ্যক গ্ৰাহকে শাক-পাছলিৰ অত্যাধিক দামৰ বোজাৰ পৰা মুক্ত হৈছে৷

‘তপোবন’ৰ এক খুছুৰা বিক্ৰীকেন্দ্ৰত অমৰদ্বীপ গগৈ
‘তপোবন’ৰ এক খুছুৰা বিক্ৰীকেন্দ্ৰত অমৰদ্বীপ গগৈ

ভবিষ্যৎ পৰিকল্পনা – 

“তপোবনক মই এটা ব্ৰেণ্ড হিচাপে গঢ় দিব খোজোঁ”, নিজৰ ভবিষ্যৎ পৰিকল্পনাৰ বিষয়ে অমৰদ্বীপ গগৈয়ে আমাক এইদৰে ক’লে৷ ২০১৬ ৰ এপ্ৰিল মানলৈ গুৱাহাটীৰ প্ৰতি অঞ্চললৈ এই ‘তপোবন’ৰ বিস্তাৰ কৰাৰ পৰিকল্পনাৰ কথাও তেখেতে আমাক জনালে৷ বর্তমান ‘তপোবন’ৰ তিনিখন খুচুৰা বিক্ৰী কেন্দ্ৰত দুজনকৈ মুঠ ছজন কর্মচাৰী নিয়োগ কৰি অমৰদ্বীপে তেওঁৰ লক্ষ্য অভিমূখে ক্ৰমাৎ আগুৱাই গৈছে৷

অনুপ্ৰেৰণা – অমৰদ্বীপৰ মতে, “অসমৰ দৰে এখন ৰাজ্যত স্বাধীনচিতীয়াকৈ (Independent Filmmaker) চলচ্চিত্ৰ সাধনাৰ সৈতে তেওঁৰ দৰে প্ৰায় এযুগ জড়িত হৈ থকা লোকৰ গাত ধৈর্য, মনৰ দৃঢ়তা, ফলাফল সম্বন্ধে একো ধাৰণা নথকাৰ পিছতো একেটা কামতে একাণপতীয়াকৈ দীর্ঘদিন লাগি থকাৰ মানসিকতা আদি বহুকেইটা স্বভাৱজাত অভ্যাস গঢ়ি উঠাটো তেনেই স্বাভাবিক কথা৷ সেয়ে এতিয়ালৈকে নিজাববীয়াকৈ চিনেমা কৰিব নোৱাৰিলেও এইকেইটা স্বভাৱজাত অভ্যাসৰ বলতে যিকোনো এটা নতুন আৰু ব্যতিক্ৰমী কাম হাতত লৈ সেই কামত কৃতকার্য হ’বলৈ চেষ্টা কৰাৰ সাহস আৰু মনোৱল তেওঁৰ আছে”৷

কিন্তু অকল মনোৱল, ধৈর্য, বুদ্ধি আৰু অধ্যৱসায়ৰে ব্যৱসায় এটাক আৰম্ভ কৰি তাক আগুৱাই নিব নোৱাৰি৷ ব্যৱসায় এটাক গঢ় দিবলৈ প্ৰথমেই প্ৰয়োজন হয় মূলধনৰ৷ আনহাতে অসমত সৎভাৱে কেৱল চিনেমাৰ চর্চা কৰা এজন যুৱকৰ হাতত কিমান মূলধন থাকিব পাৰে সেয়া ভু-ৰখা সকলে ভালদৰেই জানে৷ সেয়ে ব্যৱসায়টো আৰম্ভ কৰিবলৈ লওতে অমৰদ্বীপেও প্ৰথম অৱস্থাত যথেষ্ট আর্থিক সংকটৰ সন্মূখীন হৈছিল৷

অমৰদ্বীপে ক’লে, “কেইবাদিনো মূলধনৰ বিষয়টো লৈ চিন্তা চর্চা কৰাৰ পিছত এদিন কথাটো মই অসমৰ এজন অগ্ৰজ সাংবাদিক তথা মোৰ অগ্ৰজ ভাতৃসম পঙ্কজ দুৱৰাৰ সৈতে অলোচনা কৰিলোগৈ৷ মোৰ কথা শুনা মাত্ৰকে পঙ্কজ দাই এই ব্যৱসায়টোত মূলধন বিনিয়োগ কৰিবলৈ একে আষাৰে ৰাজী হৈ গ’ল৷”

“বচ – সেয়াই আৰম্ভণি৷ তেতিয়ালৈকে ব্যৱসায়টোৰ পুংখানুপঙ্খ সকলোবোৰ দিশ মই ঠিক কৰিয়েই থৈছিলো৷ এবাৰ মূলধনৰ বিষয়টোৰ এটা স্থায়ী সমাধান হোৱাৰ লগে লগেই আৰু মই ৰৈ নাথাকিলো৷ প্ৰায় তিনিদিনৰ পিছতে গণেশগুৰিত ‘তপোবন’ৰ বেনাৰত প্ৰথমখন শাক-পাছলিৰ খুচুৰা বিক্ৰী কেন্দ্ৰ স্থাপন কৰি পেলালো” আৰম্ভনিৰ সময়খিনিৰ কথা স্মৰণ কৰি অমৰদ্বীপে আমাক এইদৰে জনালে৷

তাৰপিছত অমৰদ্বীপে অনর্গল কৈ গ’ল কেনেকৈ প্ৰথম কেইদিনৰ বিক্ৰীত উৎসাহিত হৈ এসপ্তাহমানৰ ভিতৰতে তেওঁ ছজনকৈ কর্মচাৰীক নিয়োগ কৰি মাহানগৰীৰ জু ৰোড আৰু গীতানগৰ অঞ্চলৰ আন দুঠাইত দুখন নতুন বিক্ৰী কেন্দ্ৰ স্থাপন কৰিবলৈ সমর্থ হৈছিল৷

অমৰদ্বীপ গগৈয়ে আমাক কোৱামতে এতিয়া তেওঁৰ ব্যৱসায় যথেষ্ট ভাল চলিছে আৰু তাতেই উৎসাহিত হৈ তেওঁ ‘তপোবন’ নামেৰে এই সপোনটোক আৰু আগবঢ়াই নিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছে৷

ব্যৱসায় বনাম চলচ্চিত্ৰ নির্মাণ –

এই নতুন শতিকাটোৰ আৰম্ভনিৰ সময়চোৱাৰ কথা৷ তেতিয়া অসমত চিনেমা শিল্পৰ সৈতে জড়িত অমৰদ্বীপহঁতৰ সমবয়সীয়া আন বহুতৰে নতুন কিবা এটা কৰাৰ দূর্বাৰ হাবিয়াস জন্মিছিল৷ সেই তাড়নাতে ২০০০, ২০০১, ২০০২ – ক্ৰমাগত সেইকেইবছৰ তেওঁলোকে কলিকতা চলচ্চিত্ৰ মহোৎসৱকে ধৰি ভাৰতৰ আন কেইবাখনো আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱৰ নিয়মীয়া দর্শক হৈছিলগৈ৷ চলচ্চিত্ৰ মহোৎসৱ চোৱাৰ সেই বিৰল অভিজ্ঞতাই আনকেইজনৰ দৰে অমৰদ্বীপৰ মনতো বহু নতুন চিন্তাৰ জন্ম দিছিল৷ সেই চিন্তাৰ ফলস্বৰুপেই জন্ম হৈছিল ‘আড্ডা’, গুৱাহাটীৰ৷ এই ‘আড্ডা’, গুৱাহাটীৰ উদ্যোগতে ২০০৪ চনৰ ৩১ অক্টোৱৰৰ সন্ধিয়া গুৱাহাটীৰ ৰাজগড় সংযোগী পথৰ ৰেল ক্ৰচিঙৰ সমীপত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন ছুটি চলচ্চিত্ৰ মহোৎসৱৰ প্ৰদর্শন হৈছিল৷ উত্তৰ পূৱ ভাৰতৰ ছুটি ছৱিৰ বাটকটীয়া এই মহোৎসৱখনিয়ে আজি বাৰ বছৰত ভৰি দিছে৷ অমৰদ্বীপৰ বন্ধুবর্গই আমাক জনোৱামতে এইজন অমৰদ্বীপ গগৈয়েই আছিল ‘আড্ডা’, গুৱাহাটীৰ নিউক্লিয়াছ৷

অমৰদ্বীপ গগৈয়ে আমাক জনালে যে এই ‘তপোবন’ক গুৱাহাটীৰ আটাইকেইটা মূখ্য অঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ পিছতেই তেওঁ এই পাছলি ব্যৱসায়ৰ পৰা হোৱা উপার্জনেৰে নিজাববীয়াকৈ এখন চিনেমা নির্মাণ কৰাৰ পৰিকল্পনা কৰিছে৷ বর্তমানে ব্যৱসায়ৰ মাজে মাজে তেওঁ চিত্ৰনাট্য ৰচনাৰ কামো আগবঢ়াই গৈছে৷

য়ৰ ষ্ট'ৰীৰ তৰফৰ পৰা ‘তপোবন’ আৰু অমৰদ্বীপ গগৈলৈ অমি অশেষ শুভকামনা জনালো লগতে আশাকৰিলো যে ‘তপোবন’ৰ সৈতে এই সপোনটো আগবঢ়াই নিয়াৰ লগতে ভবিষ্যতত তেওঁ একানপতীয়াকৈ চিনেমা নির্মাণতো ব্ৰতী হ’ব৷


A student of Cinema...

Related Stories