অনলাইন শ্বপিঙক এক নতুন মাত্ৰা দিবলৈ নতুন ফেচন ডিস্কোভাৰী প্লেটফৰ্ম ৰেড প’ল্কা

অনলাইন শ্বপিঙক এক নতুন মাত্ৰা দিবলৈ নতুন ফেচন ডিস্কোভাৰী প্লেটফৰ্ম ৰেড প’ল্কা

Sunday November 08, 2015,

5 min Read

বৰ্তমান অনলাইনযোগে উপলব্ধ বহুতো ই-কমাৰ্চ প্লেটফৰ্ম। এইসকলোবোৰকে একাষৰীয়া কৰি থৈ এতিয়া আৰম্ভ হৈছে এক নতুন যুগ। সেয়া হৈছে ফেচন ডিস্ক’ভাৰী প্লেটফৰ্মৰ যুগ।অনলাইনযোগে বৰ্তমান উপলব্ধ বহুতো ই-কমাৰ্চ প্লেটফৰ্ম আৰু অনলাইন এপচ। এইসমুহৰ ভিতৰত আটাইতকৈ ভালটো নিৰ্বাচন কৰাটো গ্ৰাহকৰ বাবেও কঠিন হৈ পৰে।সেইবাবেই হয়তো ফেচন ডিস্কোভাৰী প্লেটফৰ্ম ৰেড প’ল্কাৰ (Red Polka) প্ৰতিস্থাতা আৰু মুখ্য কাৰ্যবাহী বিষয়া বিশাখা সিঙে গভীৰভাবে বিশ্বাস কৰে - যো দিখতা হেই, ৱহ বিকতা হেই। অৰ্থাৎ যিটো গ্ৰাহকে দেখে সেইটোৱেই বিক্ৰি হয়।ৰেড প’ল্কা(Red Polka) হৈছে এনেকুৱা এক ফেচন প’ৰ্টেল, যিয়ে বিক্ৰেতাসকলক নিজৰ উৎপাদিত সামগ্ৰীসমুহ প্ৰদৰ্শন কৰাৰ এক স্থান দিয়ে আৰু নিজৰ প্ৰয়োজনীয় গ্ৰাহকৰ কাষ চপাৰ এক সুবিধা দিয়ে। সম্পতি ৰেড প’ল্কা(Red Polka)ই মহিলা গ্ৰাহক আৰু তেওঁলোকৰ ৰুচিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে।

image


মাৰ্কেটিঙৰ পৰা ঔদ্যোগিক ক্ষেত্ৰখনলৈ।

১৫বছৰৰ মিডিয়া মাৰ্কেটিঙৰ অভিজ্ঞতাৰে পুষ্ট বিশাখা সিঙে The Times of India Group, CNBC TV 18ৰ সৈতে Times Nowৰ ব্ৰেণ্ডিং আৰু বিপননৰ সৈতে জড়িত হৈ আছিল।সেই সময়খিনিতেই বিশাখা সিঙে ভালদৰে বুজি উঠিছিল গ্ৰাহকৰ ৰুচি আৰু পচণ্ডৰ কথা। বিশাখাই কয় যে তেতিয়া তেওঁ বজাৰ অধ্যয়ন কৰোঁতে বিভিন্ন ব্ৰেণ্ড আৰু সেই অনুসৰি গ্ৰাহকৰ আগ্ৰহ, চাহিদা আৰু পচণ্ড সম্পৰ্কত গভীৰভাবে অনুধাৱন কৰিবলৈ সক্ষম হৈছিল।সেই অভিজ্ঞতাই বিশাখা সিঙক দিলে নতুন চিন্তা। বিভিন্ন ব্ৰেণ্ডৰ উৎপাদন আৰু গ্ৰাহকৰ অভিৰুচিৰ মাজত যদি যোগসূত্ৰ স্থাপনৰ এক সৰলৰৈখিক আৰু উমৈহতীয়া প্লেটফৰ্ম নিৰ্মাণ কৰিব পৰা যায়, তেনেহলে ই এক অভাৱনীয় সফলতাৰ দুৱাৰ মুকলি কৰি দিব। উদাহৰণ হিচাপে বিশাখা সিঙে কয় যে টাইমছ নাওৰ উদ্বোধনৰ সময়ত তেওঁলোকে তেওঁলোকৰ পলিচিতকৈ দৰ্শকৰ সাম্প্ৰতিক ৰুচি আৰু পচণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত আগবাঢ়িছিল। ফলত মাৰ্কেট শ্বেয়াৰ ৫%ৰ পৰা বৃদ্ধি হৈ ৫৫% হৈছিলগৈ। গ্ৰাহকৰ আগ্ৰহ,চাহিদা আৰু পচণ্ডক আৰু অধিক বুজিবলৈ বিশাখা সিঙে ফিউচাৰ গ্ৰুপৰ সৈতে নিজকে নিয়োজিত কৰে। ইয়াৰ পিচতেই বিশাখা সিঙে আৰম্ভ কৰিলে নিজৰ প্ৰথম স্বাধীন সংস্থা অৰোৰা কমছ (Aurora Comms)। ই আছিল এক শ্বপাৰ মাৰ্কেটিং আৰু ৰিটেইল মিডিয়া ফাৰ্ম। সেই সময়ছোৱাত বিশাখা সিঙে বিভিন্ন ব্ৰেণ্ডৰ সৈতে কাম কৰি ভালকৈয়ে বুজি উঠিছিল যে গ্ৰাহকৰ আগ্ৰহ,চাহিদা আৰু পচণ্ডকক প্ৰাধান্য দিলে ব্ৰেণ্ড এটাৰ বজাৰ আৰু অধিক বৃদ্ধি কৰাত ই যঠেষ্ট সহায় কৰে।

মহিলাৰ window shopping ৰ ক্ষেত্ৰত চাহিদা পুৰণ কৰিছে Red Polkaই

বিশাখা সিঙে অনতিপলমে বুজি উঠিছিল যে গ্ৰাহকৰ আগ্ৰহ,চাহিদা আৰু পচণ্ডকৰ ক্ষেত্ৰত বজাৰৰ ৰূপ সলনি হৈছে। বৰ্তমানৰ অনলাইন বজাৰ আৰু ছ’ছিয়েল মিডিয়াই সকলোকে একো একোজন ব্যৱসায়ীলৈ পৰিবৰ্তিত কৰিছে। বিশাখা সিঙে কয় “মই মহিলা গ্ৰাহকৰ আগ্ৰহ,চাহিদা আৰু পচণ্ডকক গুৰুত্ব দিবলৈ আৰম্ভ কৰিলো। মই যিমানদূৰ বুজিলো যে মহিলা গ্ৰাহকক লাগে বিবিধতা আৰু বাচনিৰ সুবিধা। সেইবাবেই অনলাইন বজাৰখন তেওঁলাকৰ বাবে অতি উত্তম।” মহিলা গ্ৰাহকসকলক তেওঁলাকৰ অনলাইন বজাৰ কৰা কামটোক আৰু অধিক সহজ কৰি দিবলৈকে জন্ম হয় ৰেড প’ল্কাৰ. ।এগৰাকী বিক্ৰেতাৰ দৃষ্টিভংগীৰে বিশাখা সিঙে কয় যে আজিৰ তাৰিখত বিক্ৰেতাসকলৰ বিভিন্ন অনলাইন আৰু অফলাইন বিক্ৰীস্থল আছে। এই বিক্ৰীস্থলসমুহ ইমানেই বিশাল পৰিসৰত বিয়পি আছে যে বিক্ৰেতাসকলৰো নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰিবলৈ সমস্যা হৈ পৰিছে।

image


ক্ৰেতা-বিক্ৰেতালৈ সহায়ৰ হাত

ৰেড প’ল্কাৰ জন্ম হৈছিল গ্ৰাহকক দৈনন্দিন জীৱনযাত্ৰাত প্ৰয়োজনীয় অত্যাধুনিক আৰু প্ৰত্যাশিত বস্ত্ৰ আৰু গৃহসজ্জাৰ ক্ষেত্ৰত নিৰ্বাচনত সহায় কৰিবলৈ। লগতে সমান্তৰালভাবে বিক্ৰেতাসকলক অপ্ৰয়োজনীয় উৎপাদন আৰু যোগানৰ পৰা মুক্তি দি এক পৰিস্কাৰ চাহিদাৰ তথ্য দিবলৈ।বিশাখা সিঙে কয় যে কেৱল ই-কমাৰ্চত ব্যস্ত থকাসকলেই নহয় সকলো বিক্ৰেতাকে সহায় কৰাটোৱেই ৰেড প’ল্কাৰ উদ্দেশ্য। ৰেড প’ল্কাই গ্ৰাহকক অৱগত কৰে “ আমি আপোনাৰ আগ্ৰহ,ৰুচি আৰু পচন্দৰ সামগ্ৰী লৈ আহিছো। সেইদৰেই বিভিন্ন ডিজাইনৰ সামগ্ৰীৰ লগত পচন্দৰ এক সুষম মিশ্ৰন ঘটায় ৰেড প’ল্কাই। ৰেড প’ল্কাত প্ৰতিটো সপ্তাহতেই একোটা থিমৰ ভিত্তিত ডিজাইনসমুহ প্ৰদৰ্শন কৰা হয়। ৰেড প’ল্কাই এইধৰণে গ্ৰাহকৰ চাহিদাৰ ভীৰৰ মাজৰ পৰা বিভিন্ন ব্ৰেন্ডলৈ গ্ৰাহকক তেওঁলোকৰ পচণ্ড অনুসৰি নিৰ্দেশিত কৰি লৈ যায়। ফলত গ্ৰাহকৰ চাহিদা আৰু ব্ৰেণ্ডৰ যোগানৰ মাজত এক সৰলৰৈখিক যোগাযোগ সম্ভৱ হৈ উঠে।বিশাখা সিঙৰ মতে ৰেড প’ল্কাই গ্ৰাহকৰ আগ্ৰহ,চাহিদা আৰু পচণ্ডৰ ওপৰত মূল গুৰুত্ব আৰোপ কৰি প্ৰতি সপ্তাহৰ থিম সলনি কৰে।এটা উদাহৰণেৰে বিশাখা সিঙে কয় যে তেওঁলোকৰ এটা থিম ‘Breathe Easy’এ গ্ৰাহকৰ বাবে লৈ আহিছিল গৰমকালি ব্যৱহৃত সাজপাৰ।গ্ৰাহকৰ আগ্ৰহ,চাহিদাৰ ক্ষেত্ৰত আৰু এখাপ আগুৱাই ৰেড প’ল্কাই জানিবলৈ সক্ষম হয় যে সৰহসংখ্যক মহিলা গ্ৰাহকেই চাকৰিয়াল। তাৰ বাবেই তেওঁলোকে লৈ আনিছিল কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ সুবিধাজনক বিভিন্ন সাজপাৰ। ৰেড প’ল্কাৰ উপাৰ্জনৰ উৎস সম্পৰ্কত সিঙে কয় যে তেওঁলাকে প্ৰতিটো ব্ৰেণ্ডৰ পৰা ৰেড প’ল্কাত ব্যৱহাৰ সামগ্ৰী প্ৰদৰ্শনৰ বাবত এক ন্যুনতম মাচুল গ্ৰহন কৰে আৰু প্ৰতিটো বিক্ৰীৰ ওপৰত এটা কমিচন লয়। এতিয়ালৈ ৩৫টা বিভিন্ন ব্ৰেণ্ডে ৰেড প’ল্কাৰ সৈতে ব্যৱসায় অব্যাহত ৰাখিছে। এইধৰণে ৰেড প’ল্কাই ৩০ শতাংশ পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছে ।বিশাখা সিঙৰ মতে এয়া এটা শুভ লক্ষণ। তেওঁৰ মতে,ইয়ে ইয়াকে প্ৰতিয়মান কৰিছে যে বিক্ৰেতাসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰিছে।সম্প্ৰতি ৰেড প’ল্কাই এটা network marketing পদ্ধতিৰ ওপৰত কাম আৰম্ভ কৰিছে।

বিনিয়োগ

২০১৫চনৰ জানুৱাৰীত জন্ম হৈছিল ৰেড প’ল্কাৰ। শেহতীয়াভাবে ৰেড প’ল্কাই লাভ কৰিছে ১.৬কোটি টকাৰ এক বিনিয়োগ। এই বিনিয়োগকৰ্তাক বিশাখা সিঙে নিৰ্বাচন কৰি উলিওৱা নাছিল। বৰং এজন বন্ধুৱেহে ব্ৰেণ্ডসমুহৰ বিষয়ে জানিব পাৰি ধন বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি আগবাঢ়ি আহিছে। সম্প্ৰতি ৰেড পোল্কাই আৰু কেইবাজনো দক্ষ কৰ্মী নিয়োগ কৰি ৱেব আৰু মোবাইলৰ ক্ষেত্ৰত থকা দক্ষতাৰে তেওঁলোকৰ এটা এপ(app)মুকলি কৰাৰ পৰিকল্পনা কৰিছে।ৰেড প’ল্কাই অলপতে গ্ৰাহকৰ আগ্ৰহ,চাহিদা আৰু পচণ্ড অধ্যয়ন কৰি উন্নত ফলাফল লাভ কৰাৰ সহায় হবৰ বাবে নিযুক্তি দিছে এইধৰণৰ দক্ষতাসম্পন্ন এটা দল।এই দলটোৱে এতিয়া অহৰহ অধ্যয়ন আৰু গৱেষণা আৰম্ভ কৰিছে।

এয়া ফেচন ডিস্কোভাৰী প্লেটফৰ্মৰ উত্থানৰ সময়

বিগত কেইবাটাও মাহৰ ভিতৰত ফেচন ডিস্ক’ভাৰী প্লেটফৰ্মৰ ক্ষেত্ৰত বিনিয়োগ আৰু স্বাধীন পোৰ্টেল মুকলি বৃদ্ধি হোৱা দেখা গৈছে। সেয়া লাগিলে Woolpr লৈ Helion Venturesৰ বিনিয়োগেই হওক অথৱা, Snapdealলৈ Doozton বা Roposoৰ বিনিয়োগেই হওক। এটা কথা স্পষ্ট হৈ পৰিছে যে ই-কমাৰ্চৰ ভীৰৰ মাজত এতিয়া সঠিক দিশত গ্ৰাহকৰ পচণ্ড আৰু বিক্ৰেতাৰ যোগানক লৈ গৈ এক সুসম আৰু সৰলৰৈখিক যোগসূত্ৰ স্থাপন কৰাতো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।