২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত নির্বাচন আয়োগৰ বেলট ইউনিট আৰু কণ্ট্ৰ’ল ইউনিট সংগ্রহৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত নির্বাচন আয়োগৰ বেলট ইউনিট আৰু কণ্ট্ৰ’ল ইউনিট সংগ্রহৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

2 min Read

৪,১০,০০০ বেলট ইউনিট আৰু ৩,১৪,০০০০ কন্ট্র’ল ইউনিট ক্ৰয় কৰাৰ বাবে নির্বাচন আয়োগৰ প্রস্তাৱলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অনুমোদন জনোৱা হয়৷ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে এই বেলট আৰু কন্ট্র’ল ইউনিটসমূহ ক্ৰয় কৰাৰ প্রস্তাৱ আগবঢ়োৱা হৈছে৷ আনহাতে, নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ৭১,৭১৬ কন্ট্র’ল ইউনিট আৰু ৪,৩৫,৩০৬ বেলট ইউনিট ক্ৰয় কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱলৈও কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে৷ প্রতিটো বেলট ইউনিট আৰু কন্ট্র’ল ইউনিট ক্ৰয় কৰাৰ বাবে আনুমানিক যথা ক্রমে ৭,৭০০ আৰু ৯,৩০০ টকা ব্যয় হ’ব বুলি প্রস্তাৱত উল্লেখ কৰা হৈছে৷ ইয়াৰ ফলত, এই দুটা বিত্তবৰ্ষৰ বাবে বেলট আৰু কন্ট্র’ল ইউনিট ক্ৰয়ৰ কামত মুঠ ব্যয়ৰ পৰিমাণ হ’ব ১,০০৯ কোটি ৬০ লাখ টকা। বাঙ্গালুৰুস্থিত ভাৰত ইলেক্ট্র’নিক্স লিমিটেড আৰু হায়দৰাবাদৰ ইলেক্ট্র’নিক্স কর্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ জৰিয়তে এই ইউনিটসমূহ ক্ৰয় কৰা হ’ব।

image


এই প্রক্রিয়াৰ ফলত পুৰণি ইলেক্ট্র’নিক ভোটিং মেছিন (ইভিএম)-সমূহ পর্যায়ক্রমে বাতিল কৰি দিয়া হ’ব। এই ইভিএমসমূহ সংগ্রহ কৰা হৈছিল ২০০০-০৫ সময়ছোৱাত৷ প্রয়োজনসাপেক্ষে নতুন ইউনিট সংগ্রহৰ ক্ষেত্রত সংখ্যাৰ তাৰতম্য ঘটোৱাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰো ক্ষমতা দিয়া হৈছে নির্বাচন আয়োগক।

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড