বাৰাণসীৰ বাসিন্দাৰ বাবে ভগৱানৰ দূত- জেবি মেডিটেক

বাৰাণসীৰ বাসিন্দাৰ বাবে ভগৱানৰ দূত- জেবি মেডিটেক

Saturday December 12, 2015,

4 min Read

সপোন বাস্তৱত পৰিণত হোৱা এক ছৱি

চহৰাঞ্চলৰ বৰ্ধিতকৰণে আজি সমগ্ৰ দেশত এক মৃদু সামাজিক পৰিবৰ্তন অনা দেখা গৈছে। গ্ৰামাঞ্চলৰ পৰা যুৱকসকল চহৰলৈ ধাৱমান হৈছে। কামৰ সন্ধানত এই যুৱকসকল চহৰত থাকিবলগীয়া হোৱাত গ্ৰামাঞ্চলত কেৱলমাত্ৰ প্ৰৌঢ়, মহিলা তথা শিশুসকল বাস কৰি আছে। ইয়াৰ প্ৰভাৱ বাৰাণসীৰ নিকটৱৰ্তী গ্ৰামাঞ্চলসমূহতো দেখা গৈছে। পুৰুষসকলৰ কামৰ সন্ধানত হোৱা চহৰমুখী যাত্ৰাৰ ফলত গাওঁ সমূহত স্বাস্থ্য সম্বন্ধীয় আকস্মিক ঘটনাসমূহত চহৰত চিকিৎসা কৰাবলৈ নিবলৈ লোকৰ অভাৱ দেখিবলৈ পোৱা গৈছে।

image


গাজীপুৰৰ নিকটৱৰ্তী গাঁৱৰ নিবাসী মিনু শৰ্মাৰ গৰ্ভধাৰণৰ অন্তিম স্থিতি প্ৰসৱৰ সময়ত যথেষ্ট কষ্টৰ সম্মুখীন হ’বলগীয়া হৈছিল। উপযুক্ত চিকিৎসাৰ অভাৱত অন্তিম সময়ত জীৱন মৰণৰ সৈতে যুজ দি থকা মিনু শৰ্মাই গাজীপুৰৰ দৰে মফচলীয় ঠাইত টেলিমেডিছিনৰ সুবিধা থকাৰ বাবেই প্ৰসৱৰ সময়ত প্ৰতি মুহুৰ্তত উপযুক্ত পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু মথোঁ দুই ঘন্টাৰ ভিতৰত মিনু শৰ্মাৰ ওচৰত চিকিৎসক উপস্থিত হৈ সময়তকৈ আগতে জন্ম হোৱা শিশু তথা মাতৃ দুয়োগৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

জে বি মেডিটেক

বাৰাণসীৰ নিকটৱৰ্তী গাজীপুৰৰ নিবাসী ডাক্তৰ ইন্দু সিং এগৰাকী সুবিখ্যাত প্ৰসূতি চিকিৎসক। তেওঁ নিজৰ কামৰ সম্বন্ধত বিভিন্ন দেশ ভ্ৰমণ কৰি যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু বিভিন্ন দেশ ভ্ৰমণ কৰি তেওঁ লাভ কৰা এই অভিজ্ঞতাই তেওঁক নিজৰ ঠাইৰ লোকক এক উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ অনুপ্ৰেৰণা যোগাইছিল। ইয়াৰ পৰিণতিত ১৯৯২ চনত ডাক্তৰ ইন্দু সিঙে বাৰাণসীত প্ৰসুতি সেৱা তথা স্বাস্থ্য সম্বন্ধীয় সেৱা আগবঢ়াবলৈ জে বি মেডিটেক নামৰ এক সংস্থাৰ স্থাপনা কৰে। বাৰাণসীত জে বি মেডিটেকৰ স্থাপনা কৰি এই সম্বন্ধত ডাক্তৰ ইন্দু সিঙে কয় , 'মই আৰু মোৰ স্বামী দুয়োজন এই অঞ্চলৰ বাসিন্দা হোৱাৰ সূত্ৰে আমি এই অঞ্চল তথা ইয়াৰ আশে-পাশে থকা লোকসকলক স্বাস্থ্য সম্বন্ধীয় সেৱা আগবঢ়াই এক আনন্দ অনুভৱ কৰোঁ। আমি জে বি মেডিটেকৰ জৰিয়তে বিভিন্ন গাওঁ অঞ্চলত সৰু সৰু স্বাস্থ্য সেৱা সম্বন্ধীয় কেন্দ্ৰৰ স্থাপনা কৰোঁ যাতে বৃদ্ধ, মহিলা তথা শিশু থকা ঠাইসমূহত আপাতকালীন পৰিস্থিতিত যিকোনো ৰোগী অসুবিধাৰ সম্মুখীন হ’বলগীয়া নহয়।'

image


আইচিটী আৰু টেলিমেডিচিন সেৱা

সমূহ তথ্য সংগ্ৰহ কৰি ডিজিটেল কৰা আইচিটি ফাৰ্ম জেবি মেডিটেকৰ দ্বাৰা প্ৰয়োগ কৰা টেলিমেডিচিন পদ্ধতি হল এই স্বাস্থ্য কেন্দ্ৰৰ মুখ্য কাৰ্যপ্ৰণালী। লাইভ টেলিমেডিচিন পদ্ধতি প্ৰয়োগ কৰি উন্নত প্ৰযুক্তিৰে বাৰাণসীত বহিয়েই এজন চিকিৎসকে গাজীপুৰৰ যিকোনো প্ৰান্তৰ ৰোগীৰ উচ্চ-ৰক্তচাপ, ইচিজি ইত্যাদিৰ পৰামৰ্শ তথা চিকিৎসা আগবঢ়াবলৈ সক্ষম হৈছে। আপাতকালীন পৰিস্থিতিতো এগৰাকী ৰোগীয়ে উন্নত টেলিমেডিচিন প্ৰক্ৰিয়াৰে চিকিৎসকৰ পৰা উপযুক্ত পৰামৰ্শ লবলৈ সক্ষম হয়।

এই ধৰণৰ টেলিমেডিচিন কেন্দ্ৰ উপৰি জে বি মেডিটেকে যোৱা ১০ টা বৰ্ষত ১৫০ ৰো অধিক সফল স্বাস্থ্য সেৱা শিৱিৰৰ আয়োজন কৰিছে। ডাক্তৰ ইন্দুৱে কয়, 'এই ধৰণৰ স্বাস্থ্য সম্বন্ধীয় সেৱা শিৱিৰৰ জৰিয়তে আমি ৰোগীৰ কাষ চাপিবলৈ সক্ষম হৈছো। কিয়নো এনে স্বাস্থ্য সেৱা শিৱিৰলৈ অহা ৰোগীসকলে আপাতকালীন পৰিস্থিতিত জে বি মেডিটেকৰ সহায় লয়।' গাওঁ পঞ্চায়তৰ নিমন্ত্ৰণত স্বাস্থ্য শিৱিৰ অনুস্থিত কৰা জে বি মেডিটেকৰ এনে শিৱিৰ সমূহত গাওঁবাসীৰ প্ৰত্যক্ষ সহয়োগ থাকে তথা এনে স্বাস্থ্য সেৱা শিৱিৰৰ জড়িয়তে জে বি মেডিটেকে তিনিৰ পৰা চাৰি হাজাৰ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰু বিনামূলীয়াকৈ দৰৱৰ যোগান ধৰে।

ইয়াৰ উপৰি জেবি মেডিটেকে জীৱন ৰেখা এক্সপ্ৰেছ নামেৰে ৰেল সেৱাৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়াই আহিছে। এই স্বাস্থ্য সেৱা ৰেল সপ্তাহৰ তিনি দিন বাৰাণসী আৰু তিনি দিনৰ বাবে গাজীপুৰলৈ আহে। ইয়াৰ জৰিয়তে ২৮ হাজাৰ ৰোগীৰ চিকিৎসা কৰোৱা হৈছে আৰু লগতে ৪৫০ গৰাকী ৰোগীৰ চকুৰ অস্ত্ৰোপচাৰ আৰু ৫০ গৰাকীৰ ফটা ওঁঠৰ অস্ত্ৰোপচাৰো কৰোৱা হৈছে। এয়া সঁচাকৈ এক সফলতা।

প্ৰত্যাহ্বানৰৰ মাজত ভৱিষ্যতৰ সপোন

ইমানৰ পাছতো এটা কথা যে আজিৰ ধনৰ অভাৱত বহু ৰোগীয়ে উপযুক্ত চিকিৎসাৰ অভাৱত আছে। ডাক্তৰ ইন্দুৱে কয় যে আজিৰ বহু বিত্তবান লোকে সৰু বিত্তীয় প্ৰতিষ্ঠানক সহায় কৰাৰ কাৰণে ইচ্ছুক কিন্তু চিকিৎসা সম্বন্ধীয় সংস্থাসমূহক সহায় কৰাৰ পৰা আঁতৰত থাকে। আৰু এই কৰ্মৰ বাবে বহু ধৈৰ্যবান বিনিয়োগকাৰীৰ প্ৰয়োজন আৰু উন্নত সফলতাৰ বাবেই অতি কমেও তিনি বছৰৰ সময়ৰ প্ৰয়োজন।

এই সমূহ প্ৰত্যাহ্বানৰ পাছতো জে বি মেডিটেকে বিগত ২০ টা বছৰত বাৰাণসীৰ লগতে ইয়াৰ নিকটৱৰ্তী ১৫খন জিলাৰ উপৰি উত্তৰ প্ৰদেশৰ পূৱ অঞ্চল, পশ্চিম বিহাৰ আৰু ঝাৰখণ্ডত ৬৫ গৰাকী চিকিৎসকৰ জৰিয়তে ৭ দশমিক ১ মিলিয়ন ৰোগীৰ চিকিৎসা কৰাইছে। প্ৰতি বছৰে এই সংস্থাই ১ মিলিয়ন ৰোগীৰ চিকিৎসা কৰোৱায়, ২৫,৫৫২ শিশুৰ প্ৰসৱ, ৩২,৪৫২ অস্ত্ৰোপ্ৰচাৰ আৰু প্ৰায় ৬৪,০০০ লোকক আনুসাংগিক চিকিৎসা প্ৰদান কৰিছে।

ডাক্তৰ ইন্দুৱে কয় যে, মই গাজীপুৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত বৃদ্ধি পোৱা জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৪টা নতুন কেন্দ্ৰ স্থাপনাৰ পৰিকল্পনা কৰিছো। আমাৰ লক্ষ্য হ’ল এই কেন্দ্ৰসমূহৰ জৰিয়তে চিকিৎসা সম্বন্ধীয় সজাগতা তথা তেজ পৰীক্ষাৰ কাম হ’ব পাৰে। আমাৰ একমাত্ৰ লক্ষ্য হ’ল এয়ে যে কোনো ৰোগীৰ যাতে কেতিয়াও চিকিৎসা সম্বন্ধীয় সুবিধাৰ অভাৱৰ বাবে মৃত্যু নহয়। ইয়াৰ উপৰি স্থানীয় যুৱকসকলক এই চিকিৎসা কেন্দ্ৰ সমূহত কাম কৰাৰ বাবে প্ৰশিক্ষিত কৰাৰো দায়িত্বত নিয়োজিত জেবি মেডিটেক।


লেখকঃ নিশান্ত গোয়েল

অনুবাদঃ শোণিত কুমাৰ গোস্বামী