চাইকেল আৰোহীৰ বাবে এয়াৰবেগ: ঘূৰি আহিব নেকি পৰিবেশ অনুকূল যাতায়ত মাধ্যমৰ সুদিন

0

চাইকেল আৰোহীৰ সুৰক্ষাৰ বিষয়টোক লৈ প্ৰায়ে প্ৰশ্ন উত্থাপন হয় । চাইকোল আৰোহীৰ বাবে আন্তঃগাঁঠনিৰ অভাৱ আৰু নগৰৰ যান জঁটৰ বাবে বহুতে ইচ্ছা থাকিলেও সেয়েহে চাইকেলৰ দৰে পৰিবেশ অনুকূল যাতায়ত মাধ্যম এটা এৰাই চলে । কিন্তু ছুইডেনৰ এটা ষ্টাৰ্টআপৰ আৱিষ্কাৰৰ ফলত হয়তো অচিৰেই এই পৰিবেশ অনুকূল যাতায়ত ব্যৱস্থাটো পুনৰ জনপ্ৰিয় হৈ উঠিব । 

ছুইডেনৰ মালম'স্থিত Hovding নামৰ ষ্টাৰ্টআপটোৱে চাইকেল আৰোহীৰ বাবে বিশ্বৰ প্ৰথমটো এয়াৰবেগ আৱিষ্কাৰ কৰিছে । এই এয়াৰবেগটো এটা হুডৰ দৰে নিৰ্মাণ কৰা হৈছে । যিকোনো দুৰ্ঘটনাৰ সময়ত এই হুডটো খোল খাই শ্বক এবজৰ্বাৰৰ কাম কৰে আৰু আৰোহীজনৰ মূৰটোক সুৰক্ষা দিয়ে । 

এই এয়াৰবেগত আশে-পাশে হোৱা সকলো গতি বিধি ধৰা পেলাব পৰাকৈ চেন্সৰ লগোৱা আছে । "ইয়াত এক চেকেণ্ডৰ ২০০ ভাগৰ এভাগ সময়ত হোৱা গতি বিধিও ধৰা পোলাব পৰা ব্যৱস্থা আছে । আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ই সিদ্ধান্ত লয় যে এই এয়াৰবেগটো ফুলি উঠিব লাগিব নে নেলাগে ।" Hovdingৰ মূখ্য কাৰ্যবাহী বিষয়া ফ্ৰেডৰিক কাৰলিঙে কয় । তেওঁ লগতে কয় যে এই এয়াৰবেগ বিনা কাৰণত ফুলি উঠাৰ কোনো ভয় নাই । 

Image : Hovding
Image : Hovding

এই এয়াৰবেগত দুটা অংশ আছে । এটা কলাৰ আৰু এখন ঢাকনি । এই কলাৰে এয়াৰবেগ প্ৰণালীটোক আৱৰি ৰাখে । ধূলি আৰু পানী প্ৰতিৰোধী এই কলাৰটোৰ ঢাকনিখন আঁতৰাব পাৰি আৰু ধুব পাৰি । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী   

প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি

ধুমুহাৰ ধ্বংসাত্মক শক্তিক সৃষ্টিৰ কামত লগোৱা হৈছে জাপানত