মহিলাৰ বাবে “অচ্ছে দিন” কেতিয়া আহিব? মোডী ডাঙৰীয়া অনুগ্ৰহ কৰি শুনক

( মূখ্য সম্পাদক শ্ৰদ্ধা শৰ্মাৰ লেখাৰ পৰা অনূদিত )

0

খবৰ বৰ দ্ৰুতভাবে বিয়পি যায় আৰু বেয়া খবৰ তাতোকৈও খৰকৈ বিয়পে । আজি মোক এজন Uber Cab ড্ৰাইভাৰে সুধিছিল (এইটোকে ধৰি তৃতীয়বাৰৰ বাবে এই প্ৰশ্নৰ সমুখীন হৈছোঁ)- “ভাৰতত এগৰাকী মহিলাই অকলে ভ্ৰমণ কৰাটো বৰ বিপদজনক নেকি?” সঁচা কথা ক’বলৈ গ’লে সেই প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাছিল । মই কি ক’লোঁহেতেন? “নহয়, গোটেই বিশ্বতে এনেধৰণৰ ঘটনা ঘটিয়েই থাকে- কেৱল ভাৰতকে দোষ কিয় দিয়ে?” নে এনেদৰে কোৱা ভাল আছিল- “হয়, মহিলাৰ বাবে ভাৰত এখন বিপজ্জনক ঠাই| ইয়াত অকলে ভ্ৰমণ কৰিবলৈ মোৰ কোনো দিগদাৰি নহয়, কিন্তু মোৰ দেশত তেনে নহয় ।”

মোডী ডাঙৰীয়া, দিল্লীত ঘটি যোৱা Uber Cab ৰ ঘটনাটোৰ সুদূৰ-প্ৰসাৰী প্ৰভাৱ পৰিছে ।

এই দেশৰ কোটি কোটি জনতাৰ দৰে মইও খুব সুখী হৈছিলোঁ যেতিয়া আপুনি শাসনভাৰ চম্ভালি লৈছিল । আপুনি পৰিবৰ্তন-ৰ প্ৰতিনিধি আছিল । আন কথাবিলাকৰ লগতে আমাৰ দেশৰ মহিলাৰ স্থিতি অধিক বেয়ালৈ ঢাল খোৱাৰ পৰা ৰক্ষা কৰাটোও এক প্ৰতিশ্ৰুতি আছিল । মই বিশ্বাস কৰিছিলোঁ যে “ভাল দিন আহিব” আৰু এগৰাকী মহিলা হিচাপে আনন্দিত হৈছিলোঁ যে আপুনি “মহিলা, যুৱক আৰু খেতিয়ক” সকলক অধিক অগ্ৰাধিকাৰ দিব ।

মহিলাসকলে অনেক দিনৰ পৰাই “ভাল দিন”ৰ বাবে অপেক্ষা কৰি আছে । আমাক বহু আগতেই শিকোৱা হৈছিল যে यत्र नार्यस्तु पूज्यन्ते, रमन्ते तत्र देवा (য’ত মহিলাক সন্মান কৰা হয়, সেই ঠাইত স্বৰ্গীয়্তা প্ৰস্ফুটিত হয়)। পিছে আমি খুব সোনকালেই বুজি উঠিছিলো যে আমাৰ দেশত আমাৰ ক্ষেত্ৰত তেনে নঘটে ।

অলপ স্পষ্টকৈ কওঁ । মই আপোনাৰ বিপক্ষৰ দলৰ নিচিনাকৈ দেশত হোৱা ধৰ্ষণৰ ঘটনাবোৰৰ বাবে আপোনাক দায়ী সজাই কথা শুনাই থাকিব নিবিচাৰো । এইটোতো কোনো নতুন কথা নহয়- এইয়া আমাৰ জীৱনৰ অংগ হৈ পৰিছে ।

কিন্তু মই আপোনাক অন্ত:কৰণেৰে অনুৰোধ কৰিব বিচাৰো অনুগ্ৰহ কৰি বাস্তৱত কিবা এটা কৰক আৰু Uber কেববোৰ বন্ধ কৰাৰ দৰে প্ৰতীকী পদক্ষেপ লৈ ঘটনাটো গাপ দি থোৱাতকৈ কিবা দৃঢ় পদক্ষেপ হাতত লওক । আমি ভালদৰেই জানো যে (অলপ হৈ হাল্লাৰ পিছত) এই ঘটনাটোও আমাৰ সমাজ, দেশ আৰু ব্যক্তিসকলৰ স্মৃতিৰ পৰা বিলোপ পাব ।

মহিলা সবলীকৰণৰ কথা কওঁতে অনুগ্ৰহ কৰি নিম্নোক্ত ঢাপকেইটাৰ কথা মনত ৰাখিব:

  1. অনুগ্ৰহ কৰি বুজি পাওক যে মহিলা সবলীকৰণ মানে নাৰী কেইগৰাকীমানক পুৰস্কাৰ নাইবা সন্মান প্ৰদৰ্শন অথবা কিছু মহিলাক চাকৰি-বাকৰি দিওৱাই নহয় । মহিলা সবলীকৰণ তেতিয়াহে সম্ভৱপৰ হৈ উঠিব যেতিয়া আপুনি এই দেশৰ পুৰুষসকলে বুজি পাবপৰাকৈ কিবা স্থায়ী পদক্ষেপ ল’ব । এইয়া জৰুৰী আৰু ইয়াক অনতিপলমে কৰা উচিত । আগৰ চৰকাৰখনেও বন্ধ, শাস্তি আদিৰ কথা কৈছিল- আমি বিচাৰোঁ যে আপুনি অধিক গভীৰলৈ যাওক আৰু কাৰণবোৰক শিপাতে মষিমূৰ কৰি তোলক|
  2. আপোনাৰ স্বচ্ছ ভাৰত অভিযানৰ দৰে এক “জাগৃত সমাজ” বা “জাগৃত যুৱক” জাতীয় অভিযান কিয় আৰম্ভ নকৰে? এনে অভিযান গোটেই দেশতে চলিবলৈ দিয়ক আৰু ইয়াৰ প্ৰসাৰ মীডিয়া চেনেলৰ যোগেদি কৰক । আপোনাক মীডিয়াই ভাল পায় (আপোনাৰ প্ৰতিখোজৰ খবৰ প্ৰদান কৰে), অনুগ্ৰহ কৰি তাৰ সদব্যৱহাৰ কৰক ।
  3. কেইগৰাকীমান নাৰীক বঁটা প্ৰদান কৰাৰ পৰিবৰ্তে দেশৰ পুৰুষসকলৰ বাবে বঁটাপ্ৰদান অনুষ্ঠানৰ প্ৰবৰ্তন কৰক- আৰু আপোনাক অনুসৰণ কৰি আমি তাক “পুৰুষোত্তম” (The Best Man) আখ্যা দিব পাৰোঁ । এই বঁটাৰ বাবে যিমান পাৰি সিমান স্থানীয় স্তৰলৈকে যাওক । এইবিলাক হৈছে মোৰ কিছুমান প্ৰাৰম্ভিক চিন্তাধাৰা । আপুনি নিশ্চয় উত্তম ব্ৰেন্ড এক্সপাৰ্টক কৈ যি পুৰুষসকলে নাৰীক সন্মান আৰু সহায় কৰিবলৈ আগবাঢ়ি আহে, তেওঁলোকৰ বাবে আটাইতকৈ অনুপ্ৰেৰণাদায়ক বঁটাৰ আয়োজন কৰিব পাৰে ।

এটি BAN বা বন্ধইৰ ভয়ৰহে সৃষ্টি কৰে, সন্মান নহয় । আৰু আপুনি বুজিব পাৰে যে আমাৰ দেশত সেইটোৰেই বৰ্তমান খুব অভাৱ হৈছে ।