কিতাপ পঢ়ি ভাল পোৱা তিনিজন বন্ধুৰ ষ্টাৰ্ট-আপ—আঞ্চলিক ভাষাৰ গ্ৰন্থাগাৰ

কিতাপ পঢ়ি ভাল পোৱা তিনিজন বন্ধুৰ ষ্টাৰ্ট-আপ—আঞ্চলিক ভাষাৰ গ্ৰন্থাগাৰ

Thursday December 10, 2015,

2 min Read

কিতাপক লৈ বিভিন্ন ব্যৱসায় আছে। বিভিন্নজনে কিতাপৰ লগত সংলগ্ন ব্যৱসায় কৰি স্বৱলম্বী হৈছে। কিন্তু আপুনি বাৰু কেতিয়াবা লাইব্ৰেৰীj যোগেদি লাভ অৰ্জন কৰা লোকৰ কথা শুনিছে। নিশ্চয় নাই শুনা। আমি আপোনালোকক জনাব বিচাৰিছো এনে তিনিজন লোকৰ কথা যিয়ে প্ৰতিমুহুৰ্তত কিতাপ পঢ়াৰ আনন্দত মতলীয়া হৈ থাকে। কিন্দলত নহয় প্ৰকৃত অৰ্থত কিতাপ পঢ়ি ভাল পোৱা লোকৰ বাবে আমি আগবঢ়াইছো এই লেখনিটো।

তিনিজন বন্ধু। তেওঁলোকৰ নাম নিবেতা পদ্মনাভন, ৰাজেশ দেৱদাস আৰু প্ৰসন্ন দেৱদাস। কিতাপ পঢ়ি আনন্দ পোৱা এই তিনিজন বন্ধুৰ প্ৰিয় হল তামিল ভাষাৰ কিতাপ। কৰ্মসূত্ৰে বাংগালুৰুত থকাৰ পৰাই কিতাপ পঢ়ি তথা কিতাপ গোটোৱাৰ কাৰবাৰটো চলি আছিল। বিশেষত তামিল ভাষাৰ কিতাপ পঢ়ি ভালপোৱা এই তিনিগৰাকী বন্ধুৰ এটাই সমস্যা আছিল। সেয়া আছিল তামিল ভাষাৰ কিতাপ বিচাৰিও বিচাৰি নোপোৱা। বিভিন্ন ঠাই চলাথ কৰিও তেওঁলোকো মনপুতঃ তামিল ভাষাৰ কিতাপ বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিল। তেওঁলোকে তেতিয়া তামিল ভাষাৰ এটা উপযুক্ত গ্ৰন্থাগাৰৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল।

image


এই সময়তে তেওঁলোকৰ মনলৈ এক চিন্তা আহিল। এই চিন্তাটো আছিল তেওঁলোকে নিজে সম্মুখীন হোৱা সমস্যাটোৰ এটা সমাধান বিচাৰি উলিওৱা। আৰু ভৱামতেই কাম। তেওঁলোকে তামিল ভাষাৰ এটা উপযুক্ত গ্ৰন্থাগাৰ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিলে। শিশুকালৰ পৰাই তিনিওজন বন্ধুৱে পাৰ্যমা্নে কিতাপ পঢ়িছে। আৰু তেওঁলোকে বুজি পায় তামিল পাঠকৰ ৰুচি। সেয়েহে তিনিও বন্ধু মিলি এখন কিতাপৰ তালিকা প্ৰস্তুত কৰি পেলালে, কৰ্মৰত বন্ধুকেইজনে তাৰ পাছত কিতাপসমূহ কিনিবলৈ আৰম্ভ কৰিলে আৰু অতি শীঘ্ৰেই নিজ গৃহতেই আৰম্ভ হল লাইব্ৰেৰী আৰু ইয়াৰ নাম থোৱা হল পুস্তক।

তিনিওজনে মিলি শুদ্ধ আঞ্চলিক ভাষাৰ এটা গ্ৰন্থাগাৰ প্ৰস্তুত কৰি পেলালে। শীঘ্ৰই সফলতা পোৱা এই লাইব্ৰেৰীৰ আছে শতাধিক সদস্য। ইতিমধ্যেই ডিজিটেল লাইব্ৰৰীৰ কামো পূৰ্ণদ্যমে চলিব ধৰিছে। তামিলৰ উপৰি পুস্তকৰ আছে মালায়লম, কন্নড় তথা তেলেগু ভাষাৰ গ্ৰন্থসম্ভাৰ।

নিবেতা পদ্মনাভনে কব বিচাৰে যে এসময়ত তেওঁলোকৰ লগতে সেই সময়ৰ শিশুসকলে অমৰ চিত্ৰ কথা, চান্দমামা, চম্পক তথা তেনেধৰণৰ কিতাপৰ কিনি পঢ়িছিল, কিন্তু এতিয়া কোৱা হয় যে বৰ্তমান ডিজিটেলৰ যুগত তেনেধৰণৰ অভ্যাস নতুনচামৰ মাজৰ প্ৰায়েই কম দেখিবলৈ পোৱা যায়। কিন্তু পুস্তকৰ জনপ্ৰিয়তাই আকৌ অন্য কথা কয়।

আঞ্চলিক ভাষাৰ কিতাপৰ জনপ্ৰিয়তা বৃদ্ধি কৰাই এওঁলোকৰ মূল লক্ষ্য। ৰাজেশ দেৱদাসে কয় যে বৰ্তমান সময়ত সকলোৱে নিজৰ কৰ্মজীৱনৰ খাতিৰত নিজৰ পৰিয়ালৰ পৰা আঁতৰত থকাৰ বাবেই যিসমূহ অভাৱৰ সম্মখীন হবলগীয়া হয় তাৰ মাজৰেই এটা অভাৱ হৈছে নিজৰ মাতৃভাষাৰ কিতাপৰ অভাৱ।

তিনি বন্ধুৰ এই মহান প্ৰচেষ্টা ইতিমধ্যেই সফল হৈছে কিয়নো দৈনিক ইয়াৰ সদস্য সংখ্য বৃদ্ধি পাই আছে। কিতাপক লৈ কৰা এই ষ্টাৰ্ট-আপ নিশ্চিতভাৱে সফল বুলি পৰিণত হব।

লেখকঃ জুবিন মেহতা

অনুবাদঃ শোণিত কুমাৰ গোস্বামী