এবছৰৰ ভিতৰতে মুকলি স্থানত মলত্যাগমুক্ত ৰাজ্যত পৰিণত হোৱাৰ লক্ষ্য অসমৰ

এবছৰৰ ভিতৰতে মুকলি স্থানত মলত্যাগমুক্ত ৰাজ্যত পৰিণত হোৱাৰ লক্ষ্য অসমৰ

Tuesday December 06, 2016,

1 min Read

খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ সচিব পৰমেশ্বৰ আয়াৰে স্বচ্চ ভাৰত(গ্ৰামীণ)ৰ অগ্ৰগতিৰ সমীক্ষা কৰাৰ বাবে অলপতে অসম ভ্ৰমণ কৰে। তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বৈঠকত মিলিত হয় আৰু সমগ্ৰ অসমত স্বচ্চতাৰ কাৰ্যসূচীক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্চ ভাৰতৰ সপোন বাস্তৱ কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে বহনক্ষম স্বচ্ছতা সুনিশ্চিত কৰাৰ বাবে ব্যক্তিসকলৰ লগতে ল’ৰা-ছোৱালীসকলক জড়িত কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে।

image


সচিবগৰাকীয়ে অসমৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও এক আলোচনাত মিলিত হয়। তেওঁ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যখনে এবছৰৰ ভিতৰতে মুকলি স্থানত মলত্যাগ মুক্ত(ODF) কৰাৰ বাবে আচৰণৰ পৰিৱৰ্তন, প্ৰযুক্তিসম্পন্ন শৌচালয় আৰু বাগিচাৰ শ্ৰমিকসকলৰ বাবে অনাময় ব্যৱস্থা কৰিছে। এই আলোচনাত বিদ্যালয়সমূহৰ অনাময় ব্যৱস্থাৰ দিশটোৱেও গুৰুত্ব লাভ কৰে। আবেলিলৈ সচিবগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হৈ স্বচ্চ অভিযানৰ প্ৰতি প্ৰণোদিত কৰে। 


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পৈতৃক সম্পত্তি ৰূপে লাভ কৰা সোণৰ বিপৰীতে কৰ আৰোপৰ আশংকা সম্পূৰ্ণ ভিত্তিহীন: চৰকাৰ

ব্ৰহ্মপুত্ৰ বৰাক উত্তৰ-পূব নদী উন্নয়ন নিগম গঠনৰ প্ৰস্তুতি

এখন নদী পৰিষ্কাৰ কৰা "ইক' বাবা" সন্ত বলবীৰ সিং

গুগল এলাৰ্টছৰ আঁৰৰ ব্যক্তি নাগা কাটাৰুৰ নতুন পেছা খেতি