উত্তৰ-পূবৰ উদ্যমিতা বিকাশৰ বাবে আই আই টি গুৱাহাটীত ২৭ জানুৱৰীৰপৰা উদ্গম- ২০১৭

1

আই আই টি গুৱাহাটীত অহা ২৭ জানুৱাৰীৰপৰা ২৯ জানুৱাৰীলৈ অনুস্থিত হব বাৰ্ষিক উদ্যোগশীলতা সমাৰোহ উদ্গম ২০১৭ । একেৰাহে নৱম বৰ্ষৰ বাবে আয়োজিত এই অনুস্থানলৈ এইবাৰ সহযোগ আগবঢ়াইছে য়'ৰ ষ্ট'ৰী অসমীয়াই ।

ভাৰতৰ, বিশেষকৈ উত্তৰ পূবৰ যুৱ সমাজৰ মাজত উদ্যমিতাৰ স্পৃহা বৃদ্ধি কৰাৰ লক্ষৰে আকম্ভ কৰা হৈছিল এই সমাৰোহ ।Conceive. Believe. Achieve- এই আপ্তবাক্যৰে পৰিচালিত এই সমাৰোহ উত্তৰ পূবৰ এক অন্যতম শ্ৰেষ্ঠ উদ্যোগশীলতা সমাৰোহ । বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, কৰ্মশালা, আলোচনা চক্ৰকে ধৰি বহুতো কাৰ্যক্ৰমৰ মাজেদি উত্তৰ পূবৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ মাজত উদ্যমিতাৰ জগোৱাৰ এক বিশাল মঞ্চ ।

এই সমাৰোহৰ এক অন্যতম আকৰ্ষণ হৈছে ইয়াৰ বক্তৃতামালা । দেশ বিদেশৰ আগশাৰীৰ বহু বক্তাৰ সমাবেশ ঘটে এই অনুস্থানত । এইবাৰৰ বক্তাসকলৰ অন্যতম হৈছে - ইন্ভেন্ট'ৰ ভি পি বালাজী বিশ্বনাথন, ফৰ্বছ ৩০, এছীয়াৰ ৩০ অনুদ্ধৰ্ৰ প্ৰভাৱশালী ব্যক্তিৰ ফৰ্বছৰ তালিকাত স্থান পোৱা আৰু Inniv8ৰ প্ৰতিষ্ঠাতা ড° ৰীতেশ মালিক, ফ্লিপকাৰ্টৰ প্ৰাক্তন চি বি অ' অংকিত নাগোৰী, এম আই টিৰ গৱেষক ৰিচ ফ্লেচাৰ, আৱিৰ টেকনলজীজৰ হনী বজাজ, Globizsৰ চি ই অ' ৰোশনী কুমাৰ য়েমবেম আদি ।

উত্তৰ পূবৰ সকলো উদ্যমী আৰু যুৱক-যুৱতী এই সমাৰোহৰ দ্বাৰা উপকৃত হ'ব বুলি আয়োজক সকলে আশা প্ৰকাশ কৰিছে । 

পঞ্জীয়নৰ বাবে ইচ্ছুকসকলে to www.udgam.org.inত পঞ্জীয়ন কৰিব পাৰে । আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেম্পাছ এম্বেছেডৰ কাৰ্যসুচীৰ আয়োজন কৰা হৈছে । সেইদৰে পিটচ ইট নামৰ বি-প্লেন প্ৰতিযোগিতাৰো  আৰু ষ্টাৰ্টআপ শ্বকেছৰো আয়োজন কৰা হৈছে ।

আন যিকোনো ধৰণৰ প্ৰশ্নৰ বাবে জনসম্পৰ্ক বিভাগৰ মূৰব্বী প্ৰবীণ কুমাৰক ( ৯০৮৫৯৬৯৭৯৫) নম্বৰত যোগাযোগ কৰিব পৰা যাব ।

 এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

১৯ জানুৱাৰীত দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকা বি-প্লেন প্ৰতিযোগিতা

উত্তৰ-পূবৰ ষ্টাৰ্টআপৰ বাবে ৰাজহুৱা পুঁজি গঠনৰ লক্ষ্য এন ই এইট এক্সৰ

আইনী বিষয়লৈ ভয় কিহৰ? সহায়ৰ বাবে আছে assamlawyers.com