বিমান বাতিল অথবা পলম হ'লে মোটা অংকৰ ক্ষতিপূৰণ দিব লাগিব বিমান প্ৰতিষ্ঠানে

বিমান বাতিল অথবা পলম হ'লে মোটা অংকৰ ক্ষতিপূৰণ দিব লাগিব বিমান প্ৰতিষ্ঠানে

Monday July 18, 2016,

2 min Read

বিমানৰ উৰণ বাতিল কৰা বা এজন যাত্ৰীক উৰাজাহাজত উঠিবলৈ নিদিয়াৰ ফলত আন্তৰ্দেশীয় বিমান সেৱা সমূহে গুৰুতৰ পৰিমানৰ ধন ভৰিব লাগিব । ডিজিচিএৰ এক নতুন নিৰ্দেশনাত এনেধৰণৰ পৰিস্থিতিত যাত্ৰীক বিপুল পৰিমানৰ ক্ষতিপুৰণ দিয়াৰ কথা কোৱা হৈছ । ১ আগষ্টৰপৰা বলৱৎ হ'বলগীয়া বিধি অনুসৰি দুঘন্টাতকৈ অধিক পলম হ'লে অথবা বাতিল হলে ১০,০০০ টকা পৰ্যন্ত ক্ষতিপূৰণ ভৰিব লাগিব বিমান পৰিবহন প্ৰতিষ্ঠানে । আনহাতে এজন যাত্ৰীক বিমানত উঠিবলৈ নিদিয়াৰ বাবদ ২০,০০০ টকা পৰ্যন্ত ক্ষতিপূৰণ দিব লাগিব । বৰ্তমানৰ নিয়ম অনুসৰি এই ক্ষতিপূৰণ কেৱল ৪০০০ টকা পৰ্যন্ত হয় ।

Image: The Huffington Post

Image: The Huffington Post


ডেক্কান হেৰল্ডৰ এক বাতৰি অনুসৰি ফ্লায়াৰ বডি, এয়াৰ পেছেঞ্জাৰছ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুধাকৰণ ৰেড্ডিয়ে অৱশ্যে কয় যে এই নতুন নীতিতো কিছু সুৰুঙা থাকি গৈছে । 

কোনো এয়াৰলাইনে যদি এঘন্টাৰ পৰা দুঘন্টা পৰ্যন্ত উৰণ পলম কৰে অথবা বাতিল কৰে তেনেহলে ৭৫০০ টকা ক্ষতিপূৰণ অথবা এটা দিশৰ বিমান ভাড়া আৰু ইন্ধনৰ খৰচৰ ভিতৰত যিটোৱেই কম হয় সেয়া যাত্ৰীক দিব লাগিব । দুঘন্টাতকৈ বেছি হ'লে ক্ষতিপূৰণৰ পৰিমাণ ১০,০০০ টকা পৰ্যন্ত হ'ব পাৰে ।

আনহাতে এজন যাত্ৰীক বিমানত উঠিবলৈ নিদিয়াৰ ফলত এটা দিশৰ ভাড়াৰ ২০০ গুণ আৰু ইন্ধনৰ খৰচ (সৰ্বোচ্চ পৰিমাণ ২০,০০০ টকা যদিহে বিৰল্প বিমানৰ ব্যৱস্থা ২৪ ঘন্টাৰ ভিতৰত কৰা হয় ) ক্ষতিপূৰণ দিচাপে দিব লাগিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আপোনাৰ ষ্টাৰ্ট আপ কাহিনীৰ শিৰোনাম কোনে লেখে?

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে

গাঁৱৰ অশিক্ষিত মহিলাৰেই চেতনা গালাই গঢ়ি তুলিলে এটা বেংক

এজন ডেলিভাৰী বয়ৰ পৰা এজন উদ্যোগীলৈ:কোচিৰ এজন ২৭বছৰীয়া স্বপ্ন বিলাসী যুৱকৰ জীৱন যাত্ৰা