পৰ্যটনৰ বিকাশৰ পথদ্ৰষ্টা নামথাং

পৰ্যটনৰ বিকাশৰ পথদ্ৰষ্টা নামথাং

Saturday January 09, 2016,

3 min Read

নগৰৰ নিগনিদৌৰত আপুনি ভাগৰুৱা। গাড়ী-মটৰৰ কোলাহল, কাৰ্যালয়ৰ সীমাহীন ব্যস্ততা। প্ৰতিদিনে নতুনত্বহীন কাম। এনেধৰণৰ মাত্ৰাধিক ব্যস্ততাই ভাগৰুৱা কৰে সকলোকে। আৰু ভাগৰে আনিব পাৰে হতাশা।


image


এনে সময়ত যদি হিমালয়ৰ জনহীন কোনো সেউজ প্ৰান্তত কেইদিনমান উপভোগ কৰি আহিব পাৰি তেতিয়াতো কথাই নাই। ব্যস্ততাৰপৰা কিছুদিন আঁতৰি সেউজ পৰিৱেশত নিজকে সতেজ কৰাও হ’ল, আনহাতে পৰৱৰ্তী সময়ছোৱাত নতুন উদ্যমেৰে কাম কৰিবলৈ দেহ-মনলৈ শক্তিও আহিল। কিন্তু যাব ক’লৈ?


image


পৰ্যটনৰ বাবেই বিখ্যাত উত্তৰ-পূবৰ ৰাজ্য ছিকিমৰ নতুন টুৰিষ্ট ডেষ্টিনেচন নাগীপুখুৰীয়ে দিব পাৰে সেই সুযোগ। হিমালয়ৰ সেউজীয়াৰ মাজত নিজকে বিলীন কৰি দিব পাৰিব আপুনি। সুউচ্চ পৰ্বতৰ শিখৰৰ পৰা আপুনি দেখিব কাঞ্চনজংঘাৰ বৰফাবৃত্ত শৃংগ।

ছিকিমৰ এই নতুন পৰ্যটনক্ষেত্ৰ উদ্ধাৰৰ আঁৰত আছে এনটিডিচি নামৰ এটা সংস্থা। নাম্থাং টুৰিজম ডেভেলপমেণ্ট কমিটী। দক্ষিণ ছিকিমৰ এই প্ৰত্যন্ত প্ৰান্তত পৰ্যটনৰ সম্ভাৱনীয়তা আৱিষ্কাৰ কৰিছিল নামথাং ৰাটেপানী সমষ্টিৰ কেইজনমান দূৰদৰ্শী ব্যক্তিয়ে। কিয়নো পৰ্বতৰ শিখৰত অৱস্থিত নাগীৰ সেই সৰু পুখুৰীটো গছৰ আঁৰেৰে ভুমূকি মৰা সূৰুযৰ কিৰণেৰে মায়াময় হৈ পৰে। সৰল গছৰ মাজে মাজে ট্ৰেকিং কৰি পুখুৰীটোৰ পাৰত ক্ষণিক জিৰণি লৈ পৰ্যটকে উপভোগ কৰিব পাৰে চৌপাশৰ সৌন্দৰ্য। এই নান্দনিক পৰিৱেশক অধিক উপভোগ্য কৰি তোলে দূৰণিত জিলিকি থকা বৰফাবৃত্ত কাঞ্চনজংঘাই।


image


নাগীপুখুৰীৰ পৰা কেইকিলোমিটাৰমান দূৰৈত অৱস্থিত এটা পুৰণি বৌদ্ধ মঠ। শতবৰ্ষ পাৰ কৰা শান্ত সমাহিত ন’ৰবু ছ’-লিং নামৰ এই বৌদ্ধ মঠটোত উপস্থিত হৈ যিকোনো পৰ্যটকে পাৰ কৰিব পাৰে কিছু সুন্দৰ মুহূৰ্ত। মঠটোৰ দাঁতিতে আছে এটা শুকান পুখুৰী। শিলেৰে পাৰ বন্ধা পুখুৰীটো এতিয়া পৰিৱৰ্তিত হৈছে লেপছাসকলৰ পৰম্পৰাগত ধনুৰ্বিদ্যাৰ অনুশীলনস্থলীলৈ। এই ধনুচালনাও পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে।


image


কিছু দূৰৈত বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰা গাঁও। এই গাঁওসমূহত পৰম্পৰাগত সংস্কৃতিৰ লগতে খাদ্যও উপভোগ কৰাৰ সুবিধা আছে।

নামথাং ৰাটেপানীৰ সম্ভাৱনীয় পৰ্যটন ক্ষেত্ৰবোৰ দেশ-বিদেশৰ পৰ্যটকৰ আগত উন্মোচিত কৰিবলৈ অহৰহ চেষ্টা কৰা সংস্থাটোৱে ২০১৪-১৫ বৰ্ষৰপৰা আৰম্ভ কৰিছে নাগী পৰ্যটন আৰু জৈৱিক উৎসৱ। ৩০ ডিচেম্বৰৰ পৰা নাগী পুখুৰী আৰু ন’ৰবু ছ’-লিঙৰ নিকটৱৰ্তী স্থানত দ্বিতীয় নাগী পৰ্যটন আৰু জৈৱিক উৎসৱ ২০১৫-১৬ৰ আয়োজন কৰা হয় আড়ম্বৰপূৰ্ণভাৱে। এই অনুষ্ঠানত ছিকিম চৰকাৰৰ সহযোগো আছিল নিতান্তই প্ৰশংসনীয়।


image


চৰকাৰৰ সহযোগিতাত নাগী পৰ্যটন উৎসৱে অন্য মাত্ৰা লাভ কৰিছে। দক্ষিণ ছিকিম জিলাৰ নাগীৰ প্ৰত্যন্ত অঞ্চলতো দেখা গৈছে পৰ্যটনক ভিৰ। এই উৎসৱ নিশ্চিতভাৱে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে সুন্দৰ দৃষ্টান্ত।

পৰ্যটন বিকাশৰ বাবে কেৱল চৰকাৰলৈ বাট চাই থকাতকৈ অঞ্চলে অঞ্চলে গঠন হোৱা সৰু সৰু সংস্থাই বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। নামথাঙে সেই কথাই প্ৰতিপন্ন কৰিছে। অঞ্চলটোক পৰ্যটনৰ ক্ষেত্ৰত নতুন দিগন্তলৈ লৈ যোৱাৰ আন্তৰিক চেষ্টা কৰিছে সংস্থাটোৱে। চৰকাৰেও আগবঢ়াইছে সহযোগিতা। অসম আৰু উত্তৰ-পূব ভাৰতৰ আনবোৰ সম্ভাৱনীয় পৰ্যটন ক্ষেত্ৰৰ আৱিষ্কাৰৰ দায়িত্ব ল’বলৈ এনটিডিচিৰ আৰ্হিত কোনো সংস্থা আগুৱাই আহিলে সমগ্ৰ উত্তৰ-পূবৰেই আৰ্থ-সামাজিক স্থিতি সলনি হৈ পৰিৰ বুলি আশা কৰিব পাৰি।


image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা