ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

Monday July 24, 2017,

2 min Read

ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ জন্ম এটি অতি সাধাৰণ কৃষক পৰিয়ালত । সাধাৰণ জীৱন শৈলীৰ বাবে জনাজাত কোৱিন্দে নিজৰ পৈতৃক ঘৰটো দান কৰি দিছিল । তিনিজন ককাই-ভাইৰ ভিতৰত কনিষ্ঠতম ৰামনাথ কোৱিন্দে ২০০৭ চনত ভোগনীপুৰৰপৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজয় বৰণ কৰে । ২০১৫ চনত বিহাৰৰ ৰাজ্যপালৰূপে কোৱিন্দে দায়িত্ব লয় । 

image


১৯৪৫ চনৰ অক্টোবৰত উত্তৰ প্ৰদেশত জন্ম হোৱা ৰামনাথ কোৱিন্দে পৰোখ নামৰ এখন সৰু গাঁৱত জন্মলাভ কৰিছিল । কানপুৰত স্কুলীয়া আৰু উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰাৰ পাছত কানপুৰতে বি কম আৰু আইনৰ শিক্ষা লাভ কৰে । ইয়াৰ পাছত দিল্লীলৈ আহি তেওঁ আই এ এছৰ বাবে প্ৰস্তুতি চলাইছিল । তিনিবাৰ আই এ এছ পৰীক্ষা দি তৃতীয় বাৰত তেওঁ কৃতকাৰ্য হয় । 

১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পাছত তেওঁ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ ব্যক্তিগত সচিবৰূপে কাৰ্যনিৰ্বাহ কৰে । ইয়াৰ উপৰিও তেওঁ জনতা পাৰ্টীৰ চৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ কনিষ্ঠ পৰামৰ্শদাতাৰূপে কাম কৰে । দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত তেওঁ ১৬ বছৰ কাম কৰে । ১৯৭৭ চনৰপৰা ১৯৭৯ লৈকে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা আছিল । ১৯৮০ চনৰপৰা ১৯৯৩ চনলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰিষদ আৰু সমিতিৰ সদস্য আছিল । ইয়াৰ পাচত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় মূখপাত্ৰও আছিল । বিজেপিত তেওঁ দলিত মৰ্চাৰ অধ্যক্ষও আছিল । 

দুবাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল কোৱিন্দ । সাংসদ হিচাপে নিজৰ ১২ বছৰীয়া কাৰ্যকালত তেওঁ শিক্ষা বিষয়ক বহু বিষয় সংসদত উত্থাপন কৰে । অধিবক্তা হিচাপে কোৱিন্দে বহু দৰিদ্ৰ আৰু দলিত লোকৰ মোকৰ্দমাত বিনামূল্যে ওকালতি কৰিছিল। ১৯৭৪ চনত সৱিতা কোৱিন্দৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । তেওঁৰ পুত্ৰ প্ৰশান্ত কোৱিন্দ আৰু জীয়ৰি স্বাতি কোৱিন্দ । ১৯৯৩ চনৰপৰা ২০০৫ চনলৈ কানপুৰৰ এটা দুটা কোঠালিৰ ভাড়াঘৰত বাস কৰা ৰামনাথ কোৱিন্দে পিছলৈ নিজা ঘৰ নিৰ্মণ কৰে আৰু পৈতৃক ঘৰটো সামজিক অনুষ্ঠানক দান দি দিয়ে । 

কোৱিন্দৰ জীয়ৰি স্বাতি এগৰাকি এয়াৰ হোষ্টেছ আৰু তেওঁৰ পুত্ৰও এটা এয়াৰলাইন্স প্ৰতিষ্ঠানত কৰ্মৰত ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক

প্ৰথমটো ব্যক্তিগত চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় ষ্টাৰ্টআপ 'টীম ইণ্ডাছ'

৫০জন অমৰনাথ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা ছেলিম মিৰ্জা

    Share on
    close