উত্তৰ-পূবৰ ষ্টাৰ্টআপৰ বাবে ৰাজহুৱা পুঁজি গঠনৰ লক্ষ্য এন ই এইট এক্সৰ

উত্তৰ-পূবৰ ষ্টাৰ্টআপৰ বাবে ৰাজহুৱা পুঁজি গঠনৰ লক্ষ্য এন ই এইট এক্সৰ

Tuesday January 10, 2017,

2 min Read

ষ্টাৰ্টআপ কৰাৰ ইচ্ছা আছে কিন্তু পুঁজি নাই । উত্তৰ পূবৰ বেছিভাগ উদ্যমীয়ে এই সমস্যাৰ সন্মূখিন হয় । এই সমস্যাৰ সমাধানৰ বাবে এক পদক্ষেপ লৈছে উত্তৰ পূব ভিত্তিক ষ্টাৰ্টআপ এক্সিলেৰেটৰ এন ই এইট এক্সে । উত্তৰ পূবৰ আঠখন ৰাজ্যজুৰি ৰাজহুৱা পুঁজি গঠনৰ পদক্ষেপ লৈছে সংস্থাটোৱে । 

এন ই এইট এক্সৰ প্ৰতিষ্ঠাপক ঋদ্ধিনীল ৰয়ে কয়, "আমাৰ শেহতীয়া পদক্ষেপ আছিল NEXT BIG 500 NE STARTUPS আৰু প্ৰতি মাহে আমি গড় হিচাপত ৩০ টাতকৈও অধিক । ষ্টাৰ্টআপৰ পঞ্জীয়ন পাই আছো । কিন্তু আমি লক্ষ্য কৰিছো যে তেওঁলোকৰ বেছিভাগৰ বাবে পুঁজিৰ অভাৱেই হৈছে আটাইটকৈ ডাঙৰ সমস্যা । সেইবাবে আমি ৰাজহুৱা বিনিয়োগৰ জৰিয়তে ( Crowdfunding) এই সমস্যাৰ সমাধান কৰিব খুজিছো ।" 

এই পুঁজিলৈ বৰঙণি আগবঢ়োৱা প্ৰতিজনলৈ এন ই এইট এক্সে আগবঢ়াব উচ্চ পৰ্যায়ৰ ই-প্ৰশিক্ষণ, এন ই এইটৰ সদস্যপদ, ব্যাৱসায়িক আঁচনি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সহযোগ আৰু প্ৰশিক্ষণ, প্ৰমাণপত্ৰ, ষ্টাৰ্টআপ ইভেন্ট সমূহত উপস্থিতি আদি বিভিন্ন সুবিধা আগবঢ়াব । 

image


ৰয়ে কয় যে যোৱা তিনি মাহত তেওঁলোকে ৬ টাতকৈও অধিক ষ্টাৰ্টআপ বাচি উলিয়াইছে যাক তেওঁলোকে প্ৰয়োজনীয় দিকনিৰ্দেশনা দিব । ৫২ জনতকৈও অধিক মেন্টৰ, ৩৭ টাতকৈও অধিক কৰ্পৰেট টাই আপেৰে ইতিমধ্যে তেওঁলোক এক সবল স্থিতিত আছে বুলি দাবী কৰে ৰয়ে । "আমি ৰাজহুৱা দন বৰঙণিৰে আমাৰ অৱস্থা আৰু টনকীয়াল কৰিব খুজিছো যাতে আমি উত্তৰ পূবৰ ষ্টাৰ্টআপৰ পৰিবেশ উন্নত কৰিব পাৰোঁ ।" ৰয়ে কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি

আইনী বিষয়লৈ ভয় কিহৰ? সহায়ৰ বাবে আছে assamlawyers.com  

পদপথত ডাঙৰ হোৱা বিকাশ চৌধুৰী কৰ্পৰেট জগতৰ শীৰ্ষ পদবীত

২০১৭ চনত অসমৰ ঔদ্যোগিক জগতত ব্যাপক উত্থানৰ অশা উদ্যোগ মন্ত্ৰীৰ