২০১৬ চনত ৩৮০ কোটি মাৰ্কিন ডলাৰৰ ঘৰ চুবগৈ ভাৰতৰ ই-কমাৰ্চ উদ্যোগে - ASSOCHAM

২০১৬ চনত ৩৮০ কোটি মাৰ্কিন ডলাৰৰ ঘৰ চুবগৈ ভাৰতৰ ই-কমাৰ্চ উদ্যোগে - ASSOCHAM

Monday January 04, 2016,

3 min Read

২০১৬ চনটো ভাৰতৰ ই-কমাৰ্চ বজাৰ খনৰ বাবে এটা আশাৰ বছৰ। এই বছৰটোত ২০১৫ চনৰ বজাৰখনতকৈ ৬৭ শতাংশ বিক্ৰী বৃদ্ধি হোৱাৰ আশা প্ৰকাশ কৰিছে The Associated Chambers of Commerce and Industry of India চমুকৈ ASSOCHAM এ। ASSOCHAMৰ উদ্যোগ শাখাৰ মতে ভাৰতৰ ই-কমাৰ্চ বজাৰ খনে ২০১৫ চনৰ ২৩০ কোটি মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি হৈ ২০১৬ চনত ৩৮০ কোটি মাৰ্কিন ডলাৰৰ ঘৰ স্পৰ্শ কৰিবগৈ। “ভাৰতৰ ই-কমাৰ্চ বজাৰ খনে ২০০৯ চনত ৩৮ কোটি মাৰ্কিন ডলাৰৰ ব্যৱসায় কৰাৰ পৰিবৰ্তে ২০১৪ চনত এই পৰিমাণ বৃদ্ধি হৈ হৈছিলগৈ ১৭০ কোটি মাৰ্কিন ডলাৰ। ২০১৫ চনত এই পৰিমাণ ২৩০ কোটি মাৰ্কিন ডলাৰ। আৰু ২০১৬ চনত ই-কমাৰ্চৰ ব্যৱসায়ে স্পৰ্শ কৰিবগৈ ৩৮০ কোটি মাৰ্কিন ডলাৰৰ ঘৰ।”- ASSOCHAMএ সদৰি কৰিছে এই তথ্য।

image


ইন্টাৰনেট আৰু মোবাইলৰ ব্যৱহাৰ বৃদ্ধিৰ লগে লগে অনলাইন পেমেন্টৰ গ্ৰহণযোগ্যতাও বৃদ্ধি পাই আহিছে। বয়স নিৰ্বিশেষে বহু লোকে ই-কমাৰ্চৰ সৈতে জড়িত হৈ পৰাত বহু কোম্পানীয়ে নিজৰ গ্ৰাহকৰ সৈতে যোগাযোগ কৰাৰ বিশেষ সুবিধা লাভ কৰিছে। যোৱাতো বছৰৰ তুলনাত ব্ৰেণ্ডেড গহনা, উপহাৰ, জোতা-চেণ্ডেল আদিৰ দৰে সামগ্ৰীবোৰৰ ই কমাৰ্চৰ জড়িয়তে হোৱা উপাৰ্জন পাঁচৰ পৰা সাত গুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ASSOCHAMএ। এই সামগ্ৰী সমুহ ই- কমাৰ্চৰ জৰিয়তে কম দামত উপলব্ধ হোৱাৰ লগতে ঘৰতে দি থৈ যোৱাহিৰ সুবিধাটোও আছে।

অনলাইনত ৰেহাই মুল্য, ইন্ধনৰ মুল্য বৃদ্ধি আৰু পৰ্যাপ্ত পৰিমাণৰ বিকল্পৰ বাবেই ২০১৬ বৰ্ষটো ই-কমাৰ্চৰ জৰিয়তে হোৱা ক্ৰয়ৰ ধাৰাৰ উৰ্ধমুখি গতি বিশেষ ভাবে চিহ্নিত হৈ ৰ’ব। দেখা গৈছে ম'বাইল কমাৰ্চো (m- commerce) তড়িৎ গতিত বৃদ্ধি পাইছে। আৰু এই খণ্ডটোৱেও ই-কমাৰ্চ উদ্যোগটোক বিশেষভাবে আগবঢ়াই নিয়াত সহায় কৰিছে।

“স্মাৰ্টফোনৰ জড়িয়তে কৰা অনলাইন শ্বপিং এতিয়া বৃহৎ পৰ্যায় পাইছেগৈ। উদ্যোগটোৰ আগৰণুৱা সকলৰ বিশ্বাস - তেওঁলোকৰ উপাৰ্জনৰ ৭০ শতাংশই আহিব এম-কমাৰ্চৰ জৰিয়তে।”- ASSOCHAM ৰ তথ্যতে প্ৰকাশ পাইছে এই কথা। ভাৰতৰ মুঠ ই-কমাৰ্চৰ উপাৰ্জনৰ প্ৰায় ৬০-৬৫ শতাংশই মোবাইল বা টেবলেটছৰ জৰিয়তে হোৱা। আৰু এই পৰিমাণ যোৱাটো বছৰতকৈ প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। আশা কৰা হৈছে পৰবৰ্তী বছৰ সমূহত এই পৰিমাণ আৰু বৃদ্ধি পাব।

লক্ষ্য কৰা হৈছে ভাৰতত ব্ৰাউজিং ট্ৰেণ্ডছ বৃহৎ পৰিমাণে ডেক্সটপৰ পৰা মোবাইল ডিভাইছলৈ সলনি হৈছে। এই ধাৰা অনলাইন শ্বপিঙৰ ক্ষেত্ৰতো হ’ব বুলি আশা কৰা হৈছে। Tier-1 আৰু Tier-2 মহানগৰ সমূহত বৰ্তমান প্ৰতি তিনিজনৰ ভিতৰত এজন লোকেই মোবাইলৰ জৰিয়তে টকা পইছাৰ আদান প্ৰদান কৰে। ২০১৫চনত শ্বপিং সম্বন্ধীয় প্ৰশ্নৰ ৭৮ শতাংশই কৰা হৈছিল মোবাইলৰ জৰিয়তে। ২০১৩ চনত এই পৰিমাণ আছিল ৪৬ শতাংশ।

২০১৫ বৰ্ষত ই-কমাৰ্চৰ জৰিয়তে আটাইতকৈ বিক্ৰী বৃদ্ধি হোৱা পণ্যবিধ হ’ল সাজপাৰ। এই শাখাত বৃদ্ধিৰ হাৰ ৬৯.৫ শতাংশ। এই ক্ষেত্ৰত ৬২ শতাংশৰে ইলেক্ট্ৰনিক সামগ্ৰী দ্বিতীয়, ৫৩ শতাংশ বৃদ্ধিৰে বেবী কেয়াৰ প্ৰডাক্টছ তৃতীয়, ৫২ শতাংশৰে সৌন্দৰ্য আৰু পাৰ্ছনেল কেয়াৰ সামগ্ৰী চতুৰ্থ আৰু গৃহসজ্জাৰ সামগ্ৰীৰ বিক্ৰী ৪৯ শতাংশ বৃদ্ধিৰে আছে পঞ্চম স্থানত। অনলাইন শ্বপিঙৰ ক্ষেত্ৰত মুম্বাই শীৰ্ষত থকাৰ বিপৰীতে পৰবৰ্তী স্থান কেইটাত আছে ক্ৰমে দিল্লী, আহমেদাবাদ, বাংগালুৰু আৰু কলকাতা।

অনলাইন শ্বপিঙৰ ‘ম’ড্ অৱ পেমেন্ট’ৰ ক্ষেত্ৰত দেখা যায় ৪৫ শতাংশ লোকে ডেলিভাৰী দিয়াৰ সময়ত মুল্য পৰিশোধ (কেশ্ব্ অন ডেলিভাৰী)কৰাৰ বিকল্প বাছি লয়। ১৬ শতাংশই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে, ২১ শতাংশই ডেবিট কাৰ্ডৰ জৰিয়তে মুল্য পৰিশোধ কৰে। ১০ শতাংশই ইন্টাৰনেট বেংকিং বিকল্প বাছি লয় আৰু ৭ শতাংশই মোবাইল ৱালেট, কেশ্ব্ কাৰ্ড বা অন্যান্য বিকল্প সমূহ বাছি লয়। বয়সৰ ফালৰ পৰা অনলাইন ব্যৱহাৰকাৰীৰ ধাৰা চাবলৈ গ’লে পুৰুষ মহিলা নিৰ্বিশেষে ১৮-২৫ বছৰৰ এ’জ গ্ৰুপটো আছে সবাটোকৈ আগত।

এই সমীক্ষাটোৰ মতে নিয়মিত ক্ৰেতা সকলৰ মাজত ৩৮ শতাংশ ১৮-২৫ বছৰ বয়সৰ, ৫২ শতাংশ ২৬-৩৫ বয়সৰ, ৮ শতাংশ ৩৬-৪৫ বছৰ বয়সৰ আৰু ২ শতাংশ ৪৫-৬০ বছৰ বয়সৰ। অনলাইন শ্বপিঙৰ ৬৫ শতাংশ ক্ৰেতা পুৰুষ আৰু ৩৫ শতাংশ মহিলা।

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া