ভাৰতত সংহত শীতল ভাণ্ডাৰ প্ৰকল্প স্থাপনত গুৰুত্ব

ভাৰতত সংহত শীতল ভাণ্ডাৰ প্ৰকল্প স্থাপনত গুৰুত্ব

Thursday April 13, 2017,

2 min Read

প্ৰাকৃতিক দুৰ্যোগ তথা উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰ অভাৱত দেশত প্ৰচুৰ পৰিমাণে হোৱা কেঁচা সামগ্ৰী তথা প্ৰস্তুত সামগ্ৰীৰ অপচয় ৰোধ কৰাৰ বাবে দেশজুৰি শীতল ভাণ্ডাৰ স্থাপনত গুৰুত্ব আৰোপ কৰিছে খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী হৰছিমৰত কৌৰ বাদলে। নতুন দিল্লীত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে যুদ্ধোত্তৰ প্ৰস্তুতিৰে দেশৰ সৰ্বস্তৰত এই শীতল ভাণ্ডাৰ প্ৰকল্পৰ কামৰ আৰম্ভ কৰাৰ লগতে ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশত গুৰুত্ব দিয়াৰ কথা অৱগত কৰে।

Image Credit

Image Credit


মন্ত্ৰী বাদলে কয় যে দেশত বৰ্তমান শস্য চপোৱাৰ পাছত প্ৰতি বছৰে প্ৰায় ৯২,০০০ কোটি টকাৰ শস্য লোকচান হয়। সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে মন্ত্ৰালয়ৰ অধীনত দেশত ৪২খন মেগা ফুড পাৰ্ক আৰু ২৩৪টা শীতল ভাণ্ডাৰ স্থাপন কৰা হৈছে। ইয়াৰে ১০১টা নতুনকৈ স্থাপন কৰা শীতল ভাণ্ডাৰ। এই ভাণ্ডাৰসমূহত বৰ্তমান ১৩৯ মেট্ৰিকটন কৃষিজাত সামগ্ৰী মজুত কৰিব পাৰিব, যাৰ মুল্য প্ৰায় ৩৫,০০০ কোটি টকা। অৰ্থাৎ ইয়াৰ ফলত বৰ্তমান বহু কোটি টকাৰ সামগ্ৰী নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব। এনে অপচয় ৰোধৰ উপৰি প্ৰকল্পটোৰ ফলত দেশত ৩.৫ লাখ ব্যক্তিক প্ৰত্যক্ষভাৱে সংস্থাপন দিয়াৰ লগতে ১৫ লাখ কৃষকক উপকৃত কৰিব।

ৰাষ্ট্ৰীয় খাদ্য প্ৰস্তুতকৰণ নীতি গঠন আৰু ইয়াৰ কাৰ্যকৰীকৰণো এই মন্ত্ৰালয়ৰ অধীন। এই নীতিৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ শীৰ্ষ খাদ্য প্ৰস্তুতকৰ্তা দেশ হিচাপে প্ৰতিষ্ঠা কৰা। ইয়াৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যত উৎপাদন হোৱা শাক-পাচলি তথা ফল-মূল দেশী-বিদেশী বজাৰত উপলব্ধ কৰোৱাৰো প্ৰচেষ্টা হাতত লোৱা হৈছে।

ৰাষ্ট্ৰীয় খাদ্য প্ৰস্তুতকৰণ নীতিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে অতি সোনকালে ‘সম্পদা’ [SAMPADA (Scheme for Agro-Marine Produce Processing and Development of Agro-Processing Clusters)] শীৰ্ষক খাদ্য প্ৰস্তুতকৰণৰ এটা ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিব। ইয়াৰ জৰিয়তে অসম্পূৰ্ণ হৈ থকা মেগা ফুড পাৰ্ক আৰু অন্যান্য শীতল ভাণ্ডাৰসমূহৰ কাম সম্পূৰ্ণ কৰা হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক

এটিএম বিচাৰি হাবাথুৰি খোৱাৰ ফলত সৃষ্টি হোৱা এটা ব্যৱসায়ৰ লক্ষ্য ২৫০ কোটি টকা

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান