দুৰ্ঘটনাৰ পাছৰ শাৰীৰিক বাধাগ্ৰস্ততাই প্ৰাক্তন খেলুৱৈ প্ৰীতিক দিলে নতুন জীৱন

দুৰ্ঘটনাৰ পাছৰ শাৰীৰিক বাধাগ্ৰস্ততাই প্ৰাক্তন খেলুৱৈ প্ৰীতিক দিলে নতুন জীৱন

Saturday July 08, 2017,

2 min Read

১৮ বছৰ বয়সত তামিল নাডুৰ প্ৰীতি শ্ৰীনিবাসন আছিল এগৰাকী সফল খেলুৱৈ । নিজ ৰাজ্যৰ ১৯ বছৰ অনু্ৰ্দ্ধৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হোৱাৰ লগতে তেওঁ আছিল জুনিয়ৰ ৰাজ্যিক দলত খেলা ভাৰতৰ কনিষ্ঠতম খেলুৱৈ । লগতে তেওঁ ৰাষ্ট্ৰীয় স্তৰৰ এগৰাকী সাতোঁৰবিদো আছিল । 

কিন্তু এটা দুৰ্ঘটনাই তেওঁৰ জীৱন সলনি কৰি পেলালে । মাত্ৰ ১৮ বছৰ বয়সত তেওঁৰ হাত ভৰি বিকল হৈ পৰিল । কিন্তু এই ঘটনাই তেওঁক স্তব্ধ কৰিব নোৱাৰিলে । বৰঞ্চ তেওঁ তেওঁৰ দৰে আন লোকসকলৰ সহায়ৰ বাবে আৰম্ভ কৰিলে এক নতুন অভিযান ।


Image Source: Rediff

Image Source: Rediff


১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহত জন্ম হোৱা প্ৰীতি জন্ম হৈছিল । ১৯৮৩ চনত ভাৰতে প্ৰথমবাৰ বিশ্বকাপ জয় কৰাৰ সময়ত তেওঁ ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈছিল । তেতিয়া তেওঁৰ বয়স আছিল চাৰি বছৰ । সাত বছৰ বয়সত তেওঁ ক্ৰিকেট প্ৰশিক্ষণ শিবিৰত যোগদান কৰে । ৩০০ লৰাৰ মাজত এই শিবিৰৰ একমাত্ৰ ছোৱালী আছিল প্ৰীতি । প্ৰীতিৰ বেটিং আছিল বেছিভাগ বলাৰৰ বাবে আতংকৰ কাৰণ । সকলোৱে ভাবিছিল তেওঁ এদিন ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান পাব ।

কিন্তু ১৯৮৮ চনৰ ১১ জুলাইত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল প্ৰীতি । পণ্ডিচেৰীত শৈক্ষিক ভ্ৰমণৰপৰা চেন্নাইলৈ উভতি অহাৰ পথত সমুদ্ৰতীৰত কিছুসময় কটোৱাৰ সিদ্ধান্ত লৈছিল তেওঁ আৰু তেওঁৰ বান্ধৱীসকলে । এগৰাকী সাতোঁৰ চেম্পিয়ন হোৱা স্বত্বেও তেওঁৰ ভৰি বালিত সোমাই যোৱাৰ ফলত তেওঁ হামখুৰি খাই সাগৰত পৰি গৈছিল । তেওঁ কয়, 

"হঠাতে মোৰ ভৰি অৱশ হৈ আহিছিল । মই বালিত তললৈ মুখ কৰি পৰি আছিলো আৰু মোক ডাঙি নিব লগীয়া হৈছিল ।" 

প্ৰথমতে তেওঁ ভাবিছিল যে তেওঁক পানীত কিহবাই কামুৰিলে াৰু ইয়াৰ প্ৰভাৱ দূৰ হ'লেই তেওঁ ভাল হৈ যাব । কিন্তু চিকিৎসকে আৱিষ্কাৰ কৰিছিল যে তেওঁ স্নায়ু ৰজ্জুত আঘাত পাইছে । 

সেই দিন ধৰি তেওঁ হুইল চেয়াৰত আবদ্ধ হৈ পৰিল আৰু পৰিয়ালৰ অনুপ্ৰৰণাত তেওঁ তেওঁৰ দৰে আন লোকসকলৰ হৈ কাম কৰাৰ সিদ্ধান্ত ল'লে ।

বৰ্তমান প্ৰীতিয়ে তামিল নাডুত চলফ্ৰি নামৰ এটা স্বেচ্ছাসেৱী সংগঠন চলায় । ইয়াৰ জৰিয়তে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে কাম কৰে । সেইসকল লোকৰ আঘাত, তেওঁলোকৰ সমস্যা আৰু তেওঁলোকৰ নিয়োগৰ সা-সুবিধাবোৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে কাম কৰে । এই লোকসকলক ৰেডিঅ' জকী ভইচ অভাৰ শিল্পী হোৱাৰ প্ৰশিক্ষণো দিয়া হয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

প্ৰথমটো ব্যক্তিগত চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় ষ্টাৰ্টআপ 'টীম ইণ্ডাছ' 

মণিপুৰৰ ৬৩ বছৰীয়া পটশ্বাংবাম দেবকান্তই ১৬৫ বিধ ধানৰ খেতিৰে লাভ কৰিছে দেশজোৰা প্ৰসিদ্ধি

এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক