শিক্ষাৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী সংযোজন, ‘মাই ক্লাছৰূম’

৩০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰি আছে...৫৬.২ বিলিয়ন ডলাৰৰ ব্যৱসায়...‘মাই ক্লাছৰূম’ লৈ ২০১৪ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষা উৎকৃষ্টতাৰ পুৰষ্কাৰ...

শিক্ষাৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী সংযোজন, ‘মাই ক্লাছৰূম’

Saturday December 05, 2015,

3 min Read

শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বিষয়তো প্ৰায়ে চৰ্চিত হয় যদিও এইক্ষেত্ৰত এক সফল আৰু সমাদৃত কাৰ্যসূচী ৰূপায়িত হোৱা নাই। তীব্ৰ প্ৰতিযোগিতাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীয়ে বহন কৰিবলগীয়া হোৱা তীব্ৰ মানসিক চাপে পাঠগ্ৰহণৰ প্ৰক্ৰিয়াটোক নিৰস কৰি পেলাইছে। এখন বিদ্যালয়ৰ এটা শ্ৰেণীৰ ৩০ জন শিক্ষাৰ্থীয়ে যদি কোনো বিশেষ বিষয় এটা আলোচনা কৰি থাকে তেন্তে আনটো শাখাৰ শিক্ষাৰ্থীয়ে তাত অংশগ্ৰহণ কৰিব নোৱাৰে।শিক্ষকসকলেও নিৰ্ধাৰিত সময়ৰ ভিতৰত এটা বিষয় পঢ়াবলগীয়া হয়।ইয়াৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক ঘৰুৱা কামো দিয়া হয়।গতানুগতিক প্ৰক্ৰিয়াৰ মাজত চলি অহা পাঠগ্ৰহণৰ এই নিৰস ধাৰাৰ বিপৰীতে শিক্ষাগ্ৰহণৰ এক নতুন আৰু আনন্দদায়ক মাধ্যম হৈছে ‘মাই ক্লাছৰূম’ ।

image


চ’ছিয়েল নেটৱ’ৰ্কিং আৰু ই-লাৰ্নিঙৰ শক্তিশালী সংমিশ্ৰন ঘটোৱা হৈছে ‘মাই ক্লাছৰূম’ত। ইয়াত শিক্ষাৰ্থীসকলে পৰম্পৰাগত শ্ৰেণীকোঠাৰ শিক্ষা অনলাইন প্লেটফৰ্মত শিকিবলৈ পোৱাৰ এক অনন্য অভিজ্ঞতা লাভ কৰে ।‘মাই ক্লাছৰূম’ ৰ সহ-প্ৰতিস্হাপক নটৰাজৰ মতে,“এয়া ষ্মাৰ্ট ঠাইত ষ্মাৰ্ট ধৰণেৰে পঢ়া বুলি কব পাৰি”। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে বিভিন্ন জনৰ মাজত মতামত বিনিময়ৰ বাবে এখন বহল প্লেটফৰ্ম গঠন কৰাটোৱেই ‘মাই ক্লাছৰূম’ ৰ প্ৰধান উদ্দেশ্য।য’ত বিভিন্ন ভৌগোলিক ক্ষেত্ৰ আৰু ভিন্ন সংস্কৃতিয়ে সহযোগ কৰিব।নটৰাজে জনায় যে যেতিয়া তেওঁ এম বি এ পঢ়ি আছিল তেতিয়াই ‘মাই ক্লাছৰূম’ ৰ ধাৰণা তেওঁৰ মনলৈ আহিছিল। অনলাইন অ’পেন ক’ৰ্ছৰ ধাৰণাৰে পৰিচালিত সংগঠন মেছিৱৰ জৰিয়তে বিশ্বৰ ভিন্ন ঠাইৰ সম বিচাৰ আৰু সমভাৱাপন্ন লোকক সংযুক্ত কৰাতো মূখ্য উদ্দেশ্য আছিল য’দিও প্ৰকৃততে তেওলোকে পৰস্পৰে পৰস্পৰক সহায়ৰ বাবে কাম কৰি থকাৰ কথা নটৰাজে জানিছিল।তেওলোকৰ মতে আলোচনা আৰু অভিজ্ঞতাহে প্ৰকৃত শিক্ষা।

সৌদৰ্ণ নটৰাজন আৰু নটৰাজে যুটীয়াভাৱে ‘মাই ক্লাছৰূম’ ৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰযুক্তিৰ ক্ষেত্ৰখনত সৌদৰ্ণৰ সুদীৰ্ঘ ২২ বছৰীয়া অভিজ্ঞতা আছে। অৰেকল ক’ৰ্পৰেশ্বনৰ পৰা কেৰিয়াৰৰ আৰম্ভনি কৰি পিছলৈ তেওঁ কুৱেষ্ট আমেৰিকাৰ (Quest America Inc.) বাবে কাম কৰিছিল।ইফালে নটৰাজ হ’ল চফ্টৱেৰ ইঞ্জিনিয়াৰ।তেওঁ ইউ এছ ফেডাৰেল এজেন্সি এফএএ আৰু ইপিএ ৰ উপৰি জৰ্জ ৱাশ্বিংটন বিশ্ববিদালয়ৰ বাবেও কাম কৰিছিল।দুয়োজন বিগত প্ৰায় ১০ বছৰৰ চিনাকি।তেওঁলোকৰ টীমত আঠজন সদস্য আছে। তেওঁলোকে কইম্বটুৰ আৰু বাংগালুৰুত কাম কৰে য’দিও সৰহভাগ কাম কইম্বটুৰৰ পৰাই হয়। ‘মাই ক্লাছৰূম’ ত মূখ্যতঃ তিনিটা বিষয়ত বিশেষ গুৰুত্ব দিয়া হয়-

১. শিক্ষাৰ্থীৰ অন্তৰ্ভূক্তি-একেটা ক্ষেত্ৰত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীক আন্তৰ্জাতিক স্তৰত সংযুক্ত কৰা।

২. উৎকৃষ্ট মানৰ সাহাৰ্য সামগ্ৰী-ছাত্ৰ ছাত্ৰীৰ প্ৰ’ফাইলৰ ভিত্তিত প্ৰয়োজনীয় তথ্য যোগান ধৰা যাতে ছাত্ৰ ছাত্ৰীৰ সময় ৰাহি হোৱাৰ লগতে তেওঁলোকে প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিব পাৰে।

৩.এপ ৰ মাধ্যমৰে শিক্ষাৰ অভিজ্ঞতা-শিক্ষাৰ্থীসকলক নিজৰ বিচাৰ বুদ্ধিৰে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বাবে সক্ষম কৰি তোলা।

image


সম্প্ৰতি ‘মাই ক্লাছৰূমে’ উচ্চ শিক্ষাৰ ক্ষেত্ৰতে মনোনিৱেশ কৰিছে যদিও শেহতীয়াকৈ বিদালয় পৰ্যায়ৰ বাবেও কিছু আচঁনি তৈয়াৰ কৰিছে। বৰ্তমান তেওঁলোকৰ সৈতে কেতবোৰ শৈক্ষিক সংস্হা জৰিত হৈ আছে যাৰ পাঠক্ৰমসমূহ অনলাইনত উপলব্ধ।আন্তৰ্জাতিক স্তৰত ২০১১বৰ্ষত চেল্ফ পেচড ই-লাৰ্ণিঙৰ ব্যৱসায় প্ৰায় ৩৫.৬ বিলিয়ন ডলাৰৰ আছিল।বৰ্তমান সেই ব্যৱসায় বৃদ্ধি হৈ ৫৬.২ বিলিয়ন ডলাৰ হৈছেগৈ আৰু ২০১৫ চনৰ শেষলৈকে ইয়াৰ দুগুন হোৱাৰ সম্ভাৱনা আছে।

‘মাই ক্লাছৰূম’ৰ শুভাৰম্ভ হৈছিল ২০১১ চনৰ জুলাইত। তেতিয়া ৩০হাজাৰ ছাত্ৰই এই প্লেটফৰ্ম বৱহাৰ কৰিছিল।২০১২ চনত তেওঁলোকে ৱিটিয়ুৰ সৈতে ই-লাৰ্নিঙৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। সেই অনুসৰি, ৱিটিয়ুৰ অনুজ্ঞাপ্ৰাপ্ত ১৭৫ সংস্হাক তেওঁলোকে ‘মাই ক্লাছৰূম’ৰ সৈতে ভিডিঅ’ কন্টেন্টো যোগান ধৰি আহিছে।যোৱা বছৰ তেওঁলোকে ফেকাল্টি ভিডিঅ’ লেকচাৰ প্ৰতিযোগিতাও অনুস্হিত কৰিছিল য’ত শ্ৰেষ্ঠ্ ভিডিঅ’ লেকচাৰক পুৰস্কৃত কৰা হৈছিল।ইফালে ‘মাই ক্লাছৰূম’ টীমে এছছেমৰ তৰফৰ পৰা ২০১৪ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষা উৎকৃষ্টতা বঁটাও লাভ কৰিছে।

‘মাই ক্লাছৰূম’ টীমৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰতাহ্বান হৈছে তেওঁলোকৰ আয় বৃদ্ধি কৰা। বিভিন্ন শৈক্ষিক ক্ষেত্ৰৰ বক্তিৰ সৈতে সংয়ুক্ত হোৱাৰ বাবে তেওঁলোকে নিৰলস প্ৰচেষ্টা অবাহত ৰাখে। শিক্ষাৰ এই বজাৰখন বৰ্তমান বিশৃংখল হৈ আছে।বজাৰখন শৃংখলিত কৰি প্ৰভাৱশালী বক্তিৰ সৈতে সংযুক্ত হোৱাতো তেওঁলোকৰ বাবে অন্যতম প্ৰধান প্ৰতাহ্বান। ‘মাই ক্লাছৰূম’ৰ মতে প্ৰতিদিনেই পৃথিৱীখন পৰিৱৰ্তন হৈ আছে।সেয়ে পৰিবৰ্তনৰ সৈতে ফেৰ মাৰি তেওঁলোকেও নিৰন্তৰ নতুনত্বৰ সন্ধান দিব লাগিব।


মূল-হৰিশ বিষ্ট

অনুবাদ-সংগীতা দেৱী দত্ত