অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়ে মেঅ' মুছলমান সম্প্ৰদায়ে

অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়ে মেঅ' মুছলমান সম্প্ৰদায়ে

Friday September 16, 2016,

2 min Read

ভাৰতীয় মুছলমানৰ মাজত বহু ধৰণৰ বৈচিত্ৰ দেখা যায় । তেওঁলোকে বিভিন্ন ধৰণৰ ইছলাম অনুসৰণ কৰে । বিশেষকৈ ঠাইভেদে তেওঁলোকৰ মাজত এই ভিন্নতা সমূহ দেখা যায় । ইয়াৰ এক উদাহৰণ হৈছে দিল্লীৰ সমীপৱৰ্তী মিঅ' মুছলমানসকল । তেওঁলোক ইছলাম ধৰ্মাৱলম্বী হ'লেও তেওঁলোকে বহুতো হিন্দু পৰম্পৰা মানি চলে । নিজকে ৰাম, কৃষ্ণ আৰু অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়া এইসকল লোকে দিপাৱলী, দশেৰা ফাকুৱা আদি উৎসৱ হিন্দু ৰীতি-নীতিৰে পালন কৰে ।

Image: ( L ) Scroll ; ( R ) Two Circles

Image: ( L ) Scroll ; ( R ) Two Circles


উত্তপৰ প্ৰদেশ, হাৰিয়াণা আৰু ৰাজস্থানৰ সীমান্তৱৰ্তী মেৱাট অঞ্চলত বলবাস কৰা এই সম্প্ৰদায়ৰ জনসংখ্যা প্ৰায় চাৰি লাখ । উত্তৰ প্ৰদেশৰ ছাটা তহছিল, হাৰিয়াণাৰ নুহ আৰু ফিৰোজপুৰ অঞ্চলত মূলতঃ এই সম্পদায়ে বসবাস কৰে । কিন্তু ৰাজস্থানৰ আলৱাৰ জিলাতেই এই সম্প্ৰদায়ৰ জনসংখ্যা সৰ্বাধিক আৰু তেওঁলোকৰ সংস্কৃতি স্পষ্ট ৰূপত ইয়াতেই বৰ্তি আছে । 

মেঅ' সম্প্ৰদায়ৰ লোকসকল তেওঁলোকৰ লোকগাথাৰ বাবে বিখ্যাত । তেওঁলোকৰ এই লোকগাথা সমূহ হিন্দু কিম্বদন্তিৰ ওপৰত প্ৰতিস্থিত । ইয়াৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় হৈছে মহাভাৰতৰ স্থানীয় সংস্কৰণ পাণ্ডুন কা কড়া । 

মেঅ' সম্প্ৰদায়ৰ ৰীতি নীতি মূলসুঁতিৰ হিন্দু আৰু মুছলমান উভয়ৰেপৰা পৃথক । তেওঁলোকৰ বিবাহ ইছলামীয় নিকাহ প্ৰথাৰে হয় যদিও তেওঁলোকে হিন্দুৰ গোত্ৰ প্ৰথাকে ধৰি বহু প্ৰথা মানি চলে । 

এই লোকসকল দ্বাদশ আৰু ষষ্ঠদশ শতিকাত ইছলাম ধৰ্মলৈ ধৰ্মান্তিৰত হোৱা বুলি বিশ্বাস কৰা হয় । তেওঁলোকৰ নামবোৰে আজিও হিন্দু পৰিচয় কঢ়িয়ায় । যেনে- ৰাম সিং, তিল সিং, ফটেহ সিং । ফটেহ সিঙৰ পৰিয়ালে দৃঢ়ভাৱে বিশ্বাস কৰে যে তেওঁলোক অৰ্জুনৰ বংশধৰ আৰু কোনোবা চুফি পীৰৰ প্ৰভাৱত তেওঁলোক মুছলমান হৈছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে

দুখন হাত প্ৰতিস্থাপন কৰা প্ৰথম শিশু জায়নে এতিয়া লিখিবলৈ আৰম্ভ কৰিছে