হেপীনেছ বক্সড : এগৰাকী যুৱ উদ্যোগীৰ উদ্যম আৰু লাভৰ এক সৃষ্টিশীল উদ্যোগ

হেপীনেছ বক্সড : এগৰাকী যুৱ উদ্যোগীৰ উদ্যম আৰু লাভৰ এক সৃষ্টিশীল উদ্যোগ

Thursday November 05, 2015,

4 min Read

২১ বছৰ বয়সতে ৱিধি পানচাৰীয়ে পাৰ্টীবাজ যুৱতী হোৱাৰ বিপৰীতে বাছি ল’লে এগৰাকী উদ্যোগী হোৱাৰ আনে বাছি নোলোৱা পথটো । চাৰিমাহ পূৰ্বে তেওঁ জন্ম দিলে ‘হেপীনেছ বক্সড’ৰ, ফৰমাইচী উপহাৰ আৰু সুস্বাদু ডেজাৰ্ট (মিষ্টান্ন)ৰ এক অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠান ।

ৱিধিৰ মতে সেই সিদ্ধান্ত লওতে তেওঁৰ অসুবিধা হোৱা নাছিল, কিয়নো তেওঁৰ উদ্যোগী হোৱাৰ মনটো আছিলেই । MSc পাঠ্যক্ৰমত নামভৰ্তি কৰি তাৰ পিছত এটা পূৰ্ণকালীন চাকৰি প্ৰাপ্তি - ৱিধিৰ কথাটো - লগৰ বান্ধৱীবোৰৰ সৈতে একে নাছিল । ‘মই কঠিন পৰিশ্ৰম আৰু জীৱনৰ প্ৰাৰম্ভিক স্তৰতে প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ সিদ্ধান্ত লৈছিলো’ - ক’লে ৱিধিয়ে । আৰু তাৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই ।

image


মুম্বাইতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা ৱিধি এনে এক পৰিৱেশত ডাঙৰ-দীঘল হ’ল, য’ত তেওঁক নিৰ্দিষ্ট গণ্ডীৰ বাহিৰত থাকি চিন্তা কৰাৰ বাবে পৰিৱেশ প্ৰদান কৰা হৈছিল । অৰ্থনীতি আৰু ব্যৱস্থাপনা বিষয়ত ৰাছেল ইণ্টাৰনেশ্যনেল কলেজৰ পৰা লণ্ডন বিশ্ববিদ্যালয়ৰ চৌ

লন্ডন বিশ্ববিদ্যালয়ৰ চৌহদ বহিৰ্ভূত শিক্ষাৰ্থী হিচাপে বি এছ চি ডিগ্ৰী লাভৰ পিছত সেই শিক্ষাৰে বহুকেইটা শিক্ষানবিছী কামো কৰিছিল - এক ষ্টাৰ্ট আপ প্ৰতিষ্ঠানত, এটা ব্যক্তিগত খণ্ডৰ বেংকত, এখন অনলাইন আলোচনীত আৰু তেওঁলোকৰ নিজৰ পাৰিবাৰিক ব্যৱসায়ত ।

‘মোৰ বাবে এই সিদ্ধান্ত বৰ জটিল নাছিল, কিয়নো মই মোৰ দেউতাক তেওঁৰ ব্যৱসায় চলোৱাটো দেখিছিলোৱেই । মই নিজাকৈ কিবা এক ব্যৱসায় আৰম্ভ কৰাৰ কথাটোৱে সদায় মোৰ মনত ক্ৰিয়া কৰি আছিলেই । কিন্তু ইমান কম বয়সতে বা ইমান সোনকালে যে হ’ব সেইটো ভবা নাছিলো’ - ৱিধিয়ে ক’লে ।

উদ্যোগীগৰাকী নিজেই চকলেট আসক্ত

উপহাৰ আৰু সুস্বাদু মিঠাইৰ এক অনলাইন পৰ্টেলৰ ধাৰণাটোৰ জন্ম হ’ল নিজৰ মহানগৰখনতে বহু খুচুৰা বিক্ৰেতা আৰু হ’ম বেকাৰসকলৰ ব্যৱসায় দেখি । তাৰ পৰা সৃষ্ট উৎসাহেৰে লাগি গ’ল খাদ্য আৰু উপহাৰ সম্পৰ্কীয় গৱেষণাত । আৰু অৱশেষত কিবা উপলব্ধি কৰাৰ পূৰ্বেই এই বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁ ‘হেপীনেছ বক্সড’ জন্মই দি পেলালে ।

চকলেটৰ গুণগ্ৰাহী হোৱা কথাটোৱে তেওঁ উদ্যোগী হোৱাৰ প্ৰক্ৰিয়াটোকো সহজসাধ্য কৰি পেলালে । ৱিধিৰ খোলাখুলি স্বীকাৰোক্তি - তাই যিমান পায় সিমান মিঠাই খাই দিব পাৰে, সেয়া পশ্চিমীয়া ডেজাৰ্টেই হওক বা ভাৰতীয় মিঠাই । ‘মোৰ মূল খাদ্যই হ’ল মিঠাই । চমুকৈ ক’লে মই চকলেট খায়েই জীয়াই থাকো ।’

আচৰিত হ’ব লগীয়া নাই যে হেপীনেছ বক্সড হ’ল আপোনাৰ প্ৰিয়জনলৈ উপহাৰ আৰু সুস্বাদু মিঠাই বা ডেজাৰ্ট প্ৰেৰণৰ এক অতি সৰল আৰু সহজ উপায় । যাৰ টেগলাইনেই হ’ল - ‘জন্মদিন, বিবাহ বাৰ্ষিকী বা আন কোনো উপলক্ষৰ পূৰ্বে মহানগৰীত ঘূৰি ফুৰাৰ আৰু প্ৰয়োজন নাই, কাৰণ আমি সুখ বক্সত ভৰাই দি আহো - আক্ষৰিক অৰ্থতে ।’

বৰ্তমানে সমগ্ৰ মুম্বাইত হেপীনেছ বক্সডৰ সেৱা উপলব্ধ আৰু শীঘ্ৰেই তেওঁলোকে কেছ অন ডেলিভাৰী সেৱাও আৰম্ভ কৰিব পাৰিব বুলিও আশাবাদী ।

নাৰীশক্তিত বিশ্বাসী তেওঁ

সম্পূৰ্ণ ৱেবছাইটটো তেওঁ নিজাকৈ প্ৰস্তুত কৰাৰ উপৰি ৱিধিয়ে নিজেই বিপণন কৰে আৰু ছ’চিয়েল মিডিয়াত উদ্যোগটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিজ্ঞাপনো নিজেই যুগুত কৰে । তেওঁ নাৰী শক্তিত বিশ্বাসী আৰু সেয়ে ডিজিটেল বিপণনৰ জগতখনত প্ৰত্যক্ষ অভিজ্ঞতা লাভৰ সুবিধা প্ৰদানৰ বাবে যুৱতী ইনটাৰ্নক (শিক্ষানবীছ) মকৰল কৰাৰ পৰিকল্পনা কৰিছে । বিভিন্ন বেকাৰ্ছ আৰু উপহাৰ সামগ্ৰী যিবোৰ ব্ৰেণ্ডৰ সৈতে তেওঁ জড়িত, সকলো নাৰীৰ দ্বাৰাই চালিত ।

ৱিধি হ’ল এগৰাকী উচ্ছাভিলাসী উদ্যোগী যি সকলো সময়তে সুশৃংখলিত । তেওঁৰ আদৰ্শ হ’ল তেওঁৰ পিতৃ যাক তেওঁ কাহিলী পুৱাতে শুই উঠি পুৱা ৬ বজাত নিজৰ কৰ্মক্ষেত্ৰলৈ ওলাই যোৱাটো দেখি আহিছে । তেওঁ কয়, ‘‘২০ বছৰৰ পিছত আজি এজন সফল ব্যৱসায়ী হৈওঁ তেওঁ একে ধৰণেই চলি আছে । মই তেওঁৰ পৰা জীৱনত কাহানিও স্থবিৰ হৈ নপৰাৰ গুণটো শিকিছো ।’’

তেওঁ কয় যে তেওঁ এনে বহু লোকৰ সংস্পৰ্শলৈ আহিছে যিসকলে ভাৱে যে মহিলা এগৰাকীয়ে বিবাহোত্তৰভাৱেহে কিবা এক স্থায়িত্ব লাভ কৰে কিন্তু সেয়া এক ভুল ধাৰণা । ‘‘এচামে তেনেকুৱা কিবা এক কৰিলে বুলিয়েই তাৰ পৰাই আপুনি এক সাধাৰণ ধাৰণা লৈ ল’ব নোৱাৰে । সবাৰে শেষত এয়া হ’ল কেৱল মোৰ জীৱন আৰু মই স্বাধীনচিতীয়াভাৱে জীয়াই থকাৰ পোষকতা কৰিব পাৰো ।’’

image


বিভিন্ন আগ্ৰহ-চখ

ৱিধিয়ে নাচি ভাল পায় আৰু শ্যামক ডাবৰ ইন্সটিটিউট অৱ পাৰ্ফৰ্মিং আৰ্টছৰ পৰা এডভান্সড ইণ্টাৰমিডিয়েট লেভেল পাঠ্যক্ৰম শেষ কৰিছে । তেওঁ সাঁতুৰিও ভাল পায়। ভ্ৰমণ আৰু নানাবিধ খাদ্যৰ জুতি লোৱাটো তেওঁৰ আন দুই চখ । যিসকলে ৱিধিক কেৱল এগৰাকী গহীন-গম্ভীৰ উদ্যোগী যুৱতী বুলিহে ভাৱে যাৰ সামাজিক কোনো জীৱনেই নাই - তেওঁলোকে ভুলকৈ ভাবিছে। এটা দেওবাৰ ভালকৈ পাৰ হোৱা বুলি তেওঁ ভাবে যেতিয়া পৰিয়াল বা বন্ধু-বান্ধৱী লগত থাকে । তেতিয়াহে ৱিধিয়ে সন্মুখৰ সপ্তাহটোৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে আৰু সোমবাৰবোৰৰ মুখামুখি হ’ব পৰাকৈ সতেজ অনুভৱ কৰে ।

অৱশ্যে পাৰ্টীত মচগুল হৈ থাকোতেওঁ ৱিধিয়ে নিজৰ লক্ষ্যৰ পৰা বিচলিত হৈ নাযায় । ৱিধিৰ মতে - ‘‘বহু সময়ত পাৰ্টীৰ মিলা-মিছাৰ মাজতে মই এনে কিছু বেছ আকৰ্ষণীয় ব্যক্তিকো লগ পাইছো যিসকল এতিয়া মোৰ হেপীনেছ বক্সডৰ ব্যৱসায়িক সংগী ।’’

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

    Share on
    close