ব্ৰুচ লীক অনুপ্ৰাণিত কৰা এজন ভাৰতীয় - গামা পেহেলৱান

ব্ৰুচ লীক অনুপ্ৰাণিত কৰা এজন ভাৰতীয় - গামা পেহেলৱান

Sunday December 27, 2015,

3 min Read

সমগ্ৰ বিশ্বৰে সমৰ কলা ক্ষেত্ৰখনৰ এটা পৰিচিত নাম ব্ৰুচ লী।হলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা,পৰিচালক, যুৱ প্ৰজন্মৰ বহুতৰে 'Role model' ব্ৰুচ লী। কিন্তু ব্ৰুচ লীৰ 'Role model' কোন আছিল জানেনে? কোনজন ব্যক্তিৰ সমৰ কলাই বাৰু ব্ৰুচ লীক অনুপ্ৰাণিত কৰিছিল? আপুনি হয়তো অনুমান কৰিব যে সেইজন ব্যক্তি নিশ্চয় চীন দেশৰ দৰে সমৰ কলাত আগশাৰীৰ দেশৰে কোনোবা সমৰকলাবিদ । কিন্তু আপোনাক আচৰিত কৰি জনাওঁ যে সেই ব্যক্তিজন আছিল ভাৰতবৰ্ষৰ পাঞ্জাবৰ।আপুনি হয়তো তেওঁৰ নামটো কেতিয়াও শুনা নাই। নুশুনাটোৱেই স্বাভাৱিক কিয়নো এসময়ত 'the Lion of Punjab' হিচাপে খ্যাত সমৰ কলাৰ পিতৃপুৰুষজন এতিয়া পাহৰণিৰ গৰ্ভত।

image


তেওঁৰ নাম গুলাম মহম্মদ।১৮৭৮ চনত পাঞ্জাবৰ অমৃতসৰ চহৰত জন্ম হোৱা এইজন প্ৰবাদ পুৰুষে প্ৰাক স্বাধীনতা কালতেই সমৰ কলাত পাঁচ দশকজোৰা অপ্ৰতিৰোধ্য কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছিল।সমগ্ৰ জীৱন কালত ৰেচলিঙ গ্ৰাউণ্ডৰ বাহিৰে মাটিত কমেই ভৰি দিয়া গুলাম মহম্মদ 'গ্ৰেট গামা' আৰু 'গামা পেহেলৱান' নামেৰে বেছি জনপ্ৰিয় আছিল।১৯১০ চনত Stanislaus Zbyszko, Frank Gotch, Benjamin Roller আদি বিশ্ব চেম্পিয়নক হেৰুৱাই 'ৱৰ্ল্ড হেভিৱেইট' খিতাপ লাভ কৰিছিল।মল্লযুঁজত কোনো দিন পৰাজিত নোহোৱা এইজন অপৰাজেয় যোদ্ধা 'ৰুস্তম এ জমানা' খিতাপেৰেও সন্মানিত হৈছিল।এবাৰ তেওঁ ১২,০০ কিলোগ্ৰামৰ এটা শিল দাঙি উপস্থিত দৰ্শকক আচৰিত কৰিছিল।এই প্ৰকাণ্ড শিলটো এতিয়াও বৰোডাৰ সংগ্ৰহালয়ত সংগ্ৰহ কৰি থোৱা হৈছে।

image


পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এইজন অপৰাজেয় যোদ্ধাৰ জীৱনক কেন্দ্ৰ কৰি বলীউডত এখন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে অভিনেতা-পৰিচালক পৰমিত শেঠীয়ে।চলচ্চিত্ৰ খনত গুলাম মহম্মদৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা জন আব্ৰাহামে।ছবিখনত মল্লযুঁজাৰু জনৰ জীৱন পৰিক্ৰমা, তেওঁৰ সংগ্ৰাম আৰু সামৰিক ক্ৰীড়াৰ ইতিহাসত তেওঁৰ অৱদান চিত্ৰায়ন কৰা হব।

image


তেওঁৰ পিতৃ মহম্মদ আজিজো আছিল এজন খ্যাতিসম্পন্ন মল্লযুঁজাৰু।মহম্মদ আজিজে তেওঁৰ সন্তানক মল্লযুঁজৰ প্ৰশিক্ষণ দিয়াৰ কথা ভাবিছিল যদিও গুলাম মহম্মদৰ পাঁচ বছৰ বয়সতে তেওঁৰ বিয়োগ ঘটিছিল।পৰৱৰ্তী সময়ত গুলাম মহম্মদক সমৰ কলাৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্ব লৈছিল তেওঁৰ খুৰাকে।আৰু অতি কম সময়তে গুলাম মহম্মদ সমৰ কলাত পাৰদৰ্শী হৈ পৰিছিল।

image


দৈনিক পাঁচহাজাৰ বাৰকৈ উঠা-বহা আৰু পুছ-আপ কৰা গুলাম মহম্মদৰ দৈনিক খাদ্য তালিকাত আছিল দহ লিটাৰ গাখীৰ, ছটা দেশী কুকুৰা আৰু টনিক হিচাপে এক পাউণ্ড বাদামৰ পেষ্ট।

image


দহ বছৰ বয়সৰ পৰা তেওঁ মল্লযুঁজত পাৰদৰ্শী হৈ পৰিছিল।তেওঁৰ প্ৰতিদ্বন্দী প্ৰতিজন যোদ্ধাকে তেওঁ হৰুৱাইছিল।পাঁচ ফুট সাত ইঞ্চি উচ্চতাৰ গুলাম মহম্মদক ঠাট্টা মস্কৰা কৰিছিল আন মল্লযুঁজৰু সকলে।কিন্তু তেওঁ সেইবোৰ গুৰুত্ব নিদিছিল। সমৰথলীত জয়ী হোৱাটোৱে আছিল তেওঁৰ একমাত্ৰ লক্ষ্য।

image


১৯৪৭ চনত স্বাধীনতাৰ পিছত ভাৰত পাকিস্তান বিভাজনৰ সময়ত গুলাম মহম্মদ পাকিস্তানলৈ গৈছিল।১৯৬০ চনত এজমা আৰু হৃদৰোগত আক্ৰান্ত হৈ এই অপৰাজেয় যোদ্ধা জনে পৃথিৱীৰ পৰা বিদায় লৈছিল।কিন্তু তাৰ আগলৈকে ১৯৫২ চনলৈকে তেওঁ সমৰ কলাৰ ক্ষেত্ৰখনৰ লগত জড়িত আছিল।

image


গামাৰ সমৰ শৈলীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল সমৰ কলাৰ আন এজন প্ৰবাদ পুৰুষ ব্ৰুচ লী। ব্ৰুচ লীয়ে গামাৰ পৰা ‘The Cat Stretch’ শীৰ্ষক এক শৈলী শিকি লোৱাৰ উপৰি তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ আঁঠু ভাঁজৰ শৈলীও আয়ত্ব কৰিছিল।এনে এজন অপৰাজেয় যোদ্ধাৰ জীৱনক লৈ চলচ্চিত্ৰ নিৰ্মাণে নিশ্চিতভাৱে তেওঁক বিস্মৃতিৰ গৰ্ভৰ পৰা বিশ্ববাসীক নতুনকৈ পৰিচিত কৰাব।

image



মূল: থিংক চেঞ্জ ইণ্ডিয়া

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অনলাইন টিভিৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া এজন ভাৰতীয় : উদয় ৰেড্ডি

নন্দিনী ফুকনে কলকাতাত আগবঢ়াইছে ডক্টৰ অন কল সেৱা

ডমিন’জৰ পদ্ধতিৰে ভাৰতীয় খাদ্য গ্ৰাহকলৈ লৈ যোৱাৰ প্ৰচেষ্টা চাৰক'ল বিৰিয়ানীৰ

ব্যক্তিগত জীৱনত হেৰুওৱাৰ অভিজ্ঞতা সুনীল ছুৰীৰ বাবে হৈ পৰিল আনক সহায় কৰাৰ প্ৰেৰণা

    Share on
    close