হুইল চেয়াৰৰপৰা ৰেম্পৱাক আৰু বিশ্বৰেকৰ্ডলৈ ৰুচিকা শৰ্মাৰ যাত্ৰা

হুইল চেয়াৰৰপৰা ৰেম্পৱাক আৰু বিশ্বৰেকৰ্ডলৈ ৰুচিকা শৰ্মাৰ যাত্ৰা

Monday June 06, 2016,

5 min Read

জীৱন সলনি হয় এক মুহুৰ্ত্তত । অভাৱনীয়ভাৱে ধুমুহাই জোঁকাৰি যায় মানুহক । এনে ধুমুহাৰ পাছত কোনোবাই হতাশাৰ সাগৰত ডুব দিয়ে আৰু কোনোবাই নতুনকৈ নতুন ধৰণে শুন্যৰপৰা আৰম্ভ কৰে জীৱন । এনে এক কাহিনী হ'ল ৰুচিকা শৰ্মাৰ কাহিনী । অতি কম বয়সতে চেফ হিচাপে প্ৰসিদ্ধি লাভ কৰা ৰুচিকা শৰ্মাৰ জনপ্ৰিয়তা ইমানেই আছিল যে ২০০৪ চনত একে সময়তে নটা টিভি চেনেলত ৰন্ধন বিষয়ক অনুষ্ঠানৰ আঁত ধৰিছিল তেওঁ । তেওঁৰ বান্ধৱীসকলে ৰগৰ কৰি কৈছিল - 'প্ৰতিটো চেনেলতেই ৰুচি, চেনেল বদলালেও ৰুচি ।' আনকি এদিন মাকে তেওঁক কৈছিল - 'দুদিনমান শ্ব' বন্ধ কৰা নহলে মূখ লাগিব ।' 

কিন্তু সকোলোবোৰ এদিন মাত্ৰ এটা মুহুৰ্ত্তত সলনি হৈ গ'ল । এটা ভয়ানক পথ দুৰ্ঘটনাত ৰুচিকাৰ মূখমণ্ডল বিকৃত হৈ যোৱাৰ লগতে শৰীৰৰ বিভিন্ন ঠাইত হাড় ভাগি গৈছিল । অন্যান্য বহু ঠাইত গভীৰ আঘাতো পাইছিল তেওঁ । কোনোমতে প্ৰাণ লৈ বাচি আহিছিল ৰুচিকা ।

এই ঘটনা কেনেকৈ ঘটিছিল সেয়া তেওঁৰ মনত নাই কিন্তু কোনোবাই তেওঁক হাস্পাতাললৈ লৈ যোৱা তেওঁৰ মনত আছে । এই দুৰ্ঘটনাৰ পাছত তেওঁৰ জীৱন এক পলকতে যেন সলনি হৈ গ'ল । ঠায়ে ঠায়ে গৈ সুস্বাদু ব্যঞ্জন শিকোৱা ৰুচিকাৰ জীৱন মাত্ৰ এখন হুইল চেয়াৰত সীমাবদ্ধ হৈ ৰ'ল । কেইখোজমান দিবলৈও আনৰ সহায় ল'বলগীয়া হ'ল । এয়া আছিল তেওঁৰ বাবে এক অত্যন্ত হতাশাজনক অৱস্থা । সেইসময়ত ইণ্ডিয়ান স্কুল অৱ বিজনেছৰ গল্ডমেন ছেশ্ব বৃত্তিমূলক পাঠ্যক্ৰমৰ প্ৰথম টাৰ্ম শেষ কৰি বিশ দিনীয়া এক বন্ধ উপভোগ কৰি আছিল তেওঁ । এদিন হায়দৰাবাদ বিমান বন্দৰৰপৰা কিছুসংখ্যক আত্মীয়ক লৈ উভতি আহি থাকোঁতেই এই দুৰ্ঘটনা ঘটে । 

'মই ভবাও নাছিলো যে মই এই সমস্যাৰপৰা ওলাই আহিব পাৰিম । এই দুৰ্ঘটনাই মোক জোঁকাৰি গৈছিল । মোৰ ভাৱ হৈছিল যেন মই ইয়াৰপৰা কেতিয়াও ওলাব নোৱাৰিম ।' এই ঘটনাৰ পিছত তেওঁ হতাশাগ্ৰস্ততাৰ চিকাৰ হৈ হৈছিল । তেওঁৰ মানসিক অৱস্থাক লৈ সকলো চিন্তিত হৈ পৰিছিল ।

তেওঁ হতাশ হৈ পৰিলেও কিন্তু তেওঁৰ মাতৃ হতাশ হোৱা নাছিল । তেওঁ ৰুচিকাক বিভিন্ন অনুপ্ৰেৰণাদায়ক কাহিনী কৈছিল আৰু ধ্যানৰ বিষয়ে বিভিন্ন কিতাপ আনি দিছিল যাতে তেওঁ একমাত্ৰ স্বাস্থ্য উদ্ধাৰতে মনোনিবোশ কৰিব পাৰে । লগতে আধ্যাত্মিকতাৰ সৈতেও পৰিচয় কৰোৱাইছিল মাকে । আঘাত সমূহৰপৰা মুক্তি পাবৰ বাবে বহুকেইটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল । ভৰিত পাঁচ ইঞ্চিৰ স্ক্ৰু এটাও স্থাপন কৰিবলগীয়া হৈছিল । মূখৰ দাগবোৰ গুছাবৰ বাবে ফেচিয়েল যোগাসনৰ সহায় লৈছিল তেওঁ। লাহে লাহে এই সকলোবোৰ চেষ্টাৰ ফল ধৰিবলৈ ধৰিলে আৰু তেওঁ লাহে লাহে নিজৰ আগৰ চেহেৰা ঘুৰাই পাবলৈ সক্ষম হ'ল। হুইল চেয়াৰৰো প্ৰয়োজন নাইকীয়া হ'ল । জীৱনলৈ যেন আকৌ ঘুৰি আহিল আনন্দ আৰু উৎসাহ ।

এইবাৰ ৰুচিকাই দুগুণ উৎসাহেৰে আৰম্ভ কৰিলে নিজৰ সফলতাৰ যাত্ৰা । নিজৰ সপোন পুৰ কৰাৰ দৌৰত নামি পৰিল তেওঁ। সেইবোৰ সপোনো তেওঁ পুৰণ কৰিবলৈ ধৰিলে যিবোৰৰ ক্ষেত্ৰত এসময়ত ঘৰৰপৰা বাধা আছিল । পঢ়ি থকা দিনৰেপৰা মডেল হোৱা আৰু সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লোৱা তেওঁৰ সপোন আছিল । কিন্তু ৰক্ষণশীল পৰিয়ালৰ ছোৱালী হিচাপে এই কামত বাধা আছিল । দুৰ্ঘটনাৰপৰা আৰোগ্য হ'বৰ সময়ত তেওঁ সিদ্ধান্ত লৈ পেলাইছিল যে তেওঁ সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ ল'ব । আৰু সচাকৈয়ে সেই সপোন পুৰ কৰিলে তেওঁ । এদিন ইন্টাৰনেটত হঠাৎ মিচেছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বিষয়ে জানিবলৈ পাই ইয়াৰ বাবে আবেদন কৰিলে আৰু প্ৰতিযোগিতাত অংশ ল'বৰ বাবে নিৰ্বাচিতও হ'ল । এই প্ৰতিযোগিততা তেওঁ মিচেছ ইণ্ডিয়া পপুলাৰ খিতাপ লাভ কৰে । ইয়াৰ পাছত তেওঁ মিচেছ ইণ্ডিয়া হায়দৰাবাদ ইন্টাৰনেছনেল আৰু মিচেছ চাউথ এছিয়াৰ খিতাপো দখল কৰে । 

ৰক্ষণশীল পৰিয়ালৰ হৈও কেনেকৈ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অনুমতি পালে তেওঁ ? ইয়াৰ আঁৰত আছে এক আমোদজনক কাহিনী । ৰুচিকাই কয়, 'দুৰ্ঘটনাৰ পাছত যেতিয়া মই খুব হতাশ হৈ পৰিছিলো তেতিয়া মায়ো মোক উৎসাহ দিবলৈ চেষ্টা কৰিছিল । মই মাৰ কথা নুশুনিছিলো বাবে তেওঁ মোক কৈছিল যে যদি তেওঁৰ কথা শুনি মই সোনকালে ভাল হৈ যাওঁ তেনেহলে মোক যিকোনো কাম কৰাৰ অনুমতি দিব ।' 

এই প্ৰতিশ্ৰুতিৰ ভিত্তিতেই ৰুচিকাই মাতৃৰপৰা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অনুমতি লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু সমস্যা তাতো আছিল । চিকিৎসকে তেওঁক হাই হিল পিন্ধিবলৈ মনা কৰিছিল যদিও যথেষ্ট বিপদক আকোঁৱালি লৈ তেওঁ প্ৰতিযোগিতাত হাই হিল পিন্ধি ৰেম্পত খোজ দিছিল । 

দুৰ্ঘটনাৰ পাছত তেওঁ বহু সামজিক কাম কাজৰ সৈতেও জড়িত হৈ পৰিল । বিইং ৱমেন নামৰ এক বেচৰকাৰী সংস্থা গঠন কৰি তেওঁ দুখীয়া আৰু অসহায় মহিলা সকলৰ বাবে বিভিন্ন কাম কৰা আৰম্ভ কৰে । সামাজিক কাম কৰাৰ অনুপ্ৰৰণা তেওঁ ক'ৰপৰা পালে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰন্ধন প্ৰকৰণ শিকোৱাৰ কাম কৰি থকাৰ সময়তে তেওঁ কেতবোৰ অতি অশান্তিকৰ ঘটনা দেখিছিল । বহু মহিলাক তেওঁলোকৰ স্বামীয়ে ৰন্ধন কলা নজনাৰ বাবেই ত্যাগ কৰিছিল । আন কিছুমানক আকৌ কোনোধৰণৰ উপাৰ্জন নকৰা বাবে তেওঁলোকৰ স্বামীয়ে খেচখেচাই থাকিছিল । ৰুচিকাই বুজিছিল যে অৰ্থনৈতিক স্বাধীনতাৰ অভাৱতে মহিলাসকল এইদৰে পৰমূখাপেক্ষী আৰু অসহায় হ'বলগীয় হয় ।

পৰৱৰ্তী সময়ত সেয়েহে এইসকল মহিলাৰ বাবে তেওঁ কাম কৰাৰ লগতে তেওঁলোকক কুটীৰ উদ্যোগ চলোৱাৰ প্ৰশিক্ষণো দিবলৈ ধৰে । তেওঁ এখন ৰন্ধন প্ৰশিক্ষণ প্ৰতিস্থানো চলায় য'ৰপৰা বহু মহিলাই চেফ হোৱাৰ প্ৰশিক্ষণো লাভ কৰিছে । বৰ্তমান হাইদৰাবাদৰ আগশাৰীৰ উদ্যোগীসকলৰ মাজত ৰুচিকাও অন্যতম । 

দুৰ্ঘটনাৰ পাছত ফেচিয়েল যোগাসনৰ জৰিয়তে নিজৰ চেহেৰা ঘুৰাই পাবলৈ সক্ষম হোৱা ৰুচিকাই ১৯৬১ জন ব্যক্তিৰে ফেচিয়েল যোগাসনৰ বৃহত্তম শিবিৰৰ আয়োজন কৰি গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থানলাভ কৰিবলৈ সক্ষম হয় । 

এই সফলতাৰ বিষয়ে ৰুচিকাই এইদৰে কয়- 

'যেতিয়া মই যোগাসনৰ জৰিয়তে আৰোগ্য লাভৰচেষ্টা চলাই আছিলো তেতিয়া মই এই বিষয়ে বহু পঢ়া-শুনাও কৰিছিলো । মই ফেচিয়েল যোগাসনৰ বিশ্ববিখ্যাত গুৰু ডেনিয়েল কলিন্সৰপৰাও শিক্ষালাভ কৰিছিলো । কিন্তু মই এটা কথা লক্ষ্য কৰিছিলো যে যোগাসনৰ জন্মস্থান ভাৰত যদিও যোগ সম্পৰ্কীয় বিশ্ব ৰেকৰ্ড সমূহ চীন, জাপান, থাইলেণ্ড আদি দেশৰ নামতহে আছে । মই থিৰাং কৰিছিলো যে এই সন্মান ভাৰতলৈ অনাৰ ব্যৱস্থা মই কৰিম ।' 

মহিলাসকললৈ ৰুচিকাৰ উপদেশ, 'মনত কেতিয়াও দুৰ্বলতাক প্ৰশ্ৰয় দিব নালাগে । সকলোৱেই একে আৰু সকলোৱেই একে কাম কৰিব পাৰে । সকলো সময়তে পজিটিভ হৈ থকা টো জৰুৰী । আমাৰ চৌদিশে বহু ঋণাত্মক চিন্তা আছে আৰু আমি সেইবোৰৰপৰা দূৰত থাকিব লাগে । মই ক'ম কেতিয়াও হাৰ নামানিবা ।' 

দুৰ্ঘটনাৰ পাছত আৰোগ্যলাভ সন্দৰ্ভত ৰুচিকাই কয় যে যেতিয়া তেওঁ হাস্পাতালৰপৰা ঘুৰি আহিছিল তেতিয়া তেওঁৰ চেহেৰা দেখি তেওঁৰ লৰা আতংকিত হৈ গৈছিল। যিটো ল'ৰাই সদায় তেওঁ ঘৰলৈ অহাৰ লগে লগে তেওঁক সাৱটি ধৰিছিল সেই লৰাটোৱেই কিন্তু এইবাৰ তেওঁৰপৰা আঁতৰি ফুৰিছিল । এই ঘটনাই তেওঁক ইমানেই দুখ দিছিল যে তেওঁ স্বাস্থ্য ঘুৰাই পাবলৈ সংকল্প লৈছিল আৰু এই সংকল্প আগত ৰাখিয়েই তেওঁ নিজৰ জীৱন আৰু সফলতা ঘুৰাই পাবলৈ সক্ষম হৈছিল । 

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী

উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ

এতিয়া অসমত সহজ হ'ব উদ্যোগ স্থাপন প্ৰক্ৰিয়া