পিতৃ-কন্যা যুটিয়ে ভাৰতবৰ্ষৰ ফুটৱেৰ ক্ষেত্ৰখনত সৃষ্টি কৰিলে আলোড়ন

পিতৃ-কন্যা যুটিয়ে ভাৰতবৰ্ষৰ ফুটৱেৰ ক্ষেত্ৰখনত সৃষ্টি কৰিলে আলোড়ন

Tuesday February 02, 2016,

2 min Read

জীৱনত কিছুমান কাম কেতিয়াবা অকলে কৰিবলৈ অসুবিধা হ'লে বা ইচ্ছা নহ'লে,মনে মিলা একোজনৰ লগতো আৰম্ভ কৰিব পাৰি।তেওঁ ঘনিষ্ঠ বন্ধু হ'ব পাৰে,আত্মীয় হ'ব পাৰে বা নিজ পত্নী বা কন্যা হ'ব পাৰে।তেনে এক পিতৃ-কন্যা যুটি হল ললিত-আয়ুশী কিশোৰ।ইণ্ডিয়ান ফুটৱেৰ ইণ্ডাষ্ট্ৰিত জাকত জিলিকা এই যুটিয়ে ভাৰতৰ ঔদ্যোগিক ক্ষেত্ৰত খলকনি তুলিবলৈ সক্ষম হৈছে।ইণ্ডিয়ান স্পৰ্টছৱেৰ বা ফুটৱেৰৰ ক্ষেত্ৰত গ্লবেলাইট ব্ৰেণ্ডটোৰ কথা নিশ্চয় বহুতে শুনিছে।আমি আপোনালোকক জনাব খুজিছো এই ব্ৰেণ্ডটোৰ জন্মৰ আঁৰৰ কিছু কথা।

আন্ত:ৰাষ্ট্ৰীয় স্পৰ্টছৱেৰ ব্ৰেণ্ড Nike , Lotto আদিয়ে যেতিয়া ভাৰতত ব্যৱসায়ৰ পাতনি মেলিছিল, সেই সময়ৰে পৰা এই দুটা ব্ৰেণ্ডৰ সৈতে জড়িত আছিল ললিত কিশোৰ।২৫ বছৰ ধৰি Nikeৰ চি.এফ.অ আৰু প্ৰধান সঞ্চালকৰ দায়িত্বৰ লগতে Lotto ৰ মুখ্য সহকাৰী স্পৰ্টছ লাইফষ্টাইল প্ৰাইভেট লিমিটেড চমুকৈ (SLPL)ৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত আছিল।

image


ললিত কিশোৰৰ কন্যা আয়ুশী কিশোৰে দিল্লীৰ শ্ৰী ৰাম অৱ কমাৰ্চ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত পিতৃৰ সৈতে নিজাকৈ এটা ব্যৱসায় কৰাৰ কথা চিন্তা কৰিলে।পিতৃৰ বহু বছৰীয়া অভিজ্ঞতাৰে ভাৰতীয় ফুটৱেৰ ক্ষেত্ৰখনত এক নতুন সংযোজনৰ কথা চিন্তা কৰিলে। এই সন্দৰ্ভত আয়ুশী কিশোৰে মন্তব্য কৰে "ভাৰতৰ ফুটৱেৰ ক্ষেত্ৰখনত জাতীয় ব্ৰেণ্ড খুব কম আছে।আনহাতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেণ্ড সমূহ সৰ্বসাধাৰণ মানুহে দাম দি কিনিবলৈ অসুবিধা।সঠিক মূল্যৰ সঠিক প্ৰডাক্ট বজাৰত খুব কম পোৱা যায়।"

এই কথালৈ লক্ষ্য ৰাখি পিতৃ-কন্যা যুটিয়ে ভাৰতবৰ্ষৰ ফুটৱেৰ ক্ষেত্ৰখনত এক আলোড়ন সৃষ্টিকাৰী সকলো শ্ৰেণীৰ মানুহে ঢুকি পাব পৰা 'গ্লবেলাইট' নামেৰে এক ব্ৰেণ্ড সৃষ্টি কৰিলে।এই উদ্যোগ ক্ষেত্ৰখনত 'গ্লবেলাইট' একমাত্ৰ ব্ৰেণ্ড যি মেনুফেকচাৰিঙৰ পৰা ৰিটেইললৈকে প্ৰডাক্ট মূল্যৰ ক্ষেত্ৰত এশ শতাংশ স্বচ্ছতা অৱলম্বন কৰে।আন ব্ৰেণ্ডৰ তুলনাত ইয়াৰ প্ৰডাক্ট সমূহ ৪৯৯ ৰ পৰা ৯৯৯ টকালৈ বজাৰত উপলব্ধ।সম্প্ৰতি গ্লবেলাইটৰ দৈনিক সাত হাজাৰ ফুটৱেৰ পেয়াৰচ অনলাইনযোগে বিক্ৰী হয়।

ঐতিহাসিকতাৰ পৰা আধুনিক প্ৰচাৰ মাধ্যমত গ্লবেলাইট

image


গ্লবেলাইটৰ সত্তৰ শতাংশ বিক্ৰী হয় চাৰিটা মূল মাধ্যমৰ যোগেদি-বেৱছাইট, এপ, টি.ভি. চেনেল আৰু বজাৰ।'আমি চাৰি বছৰৰ আগত যেতিয়া আৰম্ভ কৰিছিলো, তেতিয়া আমাৰ ব্যৱসায়ৰ ষাঠি শতাংশ বিক্ৰী হৈছিল পাৰম্পৰিক অফলাইন চেনেলৰ যোগেদি।বৰ্তমান আমাৰ সত্তৰ শতাংশ বিক্ৰী হয় অনলাইন আৰু বিশ শতাংশ অফলাইন একাউন্ট আৰু চেইনৰ জৰিয়তে।'

যিহেতু টেলিভিছন কমাৰ্চে ভাৰতবৰ্ষত বিস্তাৰ লাভ কৰিছে, সেয়ে গ্লবেলাইটৰ বাবেও ই এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে।আয়ুশী কিশোৰে কয়-'টেলিভিছন ব্যৱসায়ৰ ত্ৰিশ শতাংশ আয় লাইফষ্টাইল আৰু ফুটৱেৰ প্ৰডাক্টৰ পৰা হয়।গতিকে গ্লবেলাইটৰ বাবে ই এখন বৃহৎ বজাৰ দিব পাৰে।'

যোৱা তিনি বছৰত গ্লবেলাইটে ১০০ কোটি আয় কৰিছে।এই বিত্তীয় বৰ্ষৰ শেষভাগত আৰু ৬০ কোটি আয়ৰ টাৰ্গেট ৰাখিছে গ্লবেলাইটে ।


মূল: জয় বৰ্দ্ধন

অনুবাদ: পূবালী ভাগৱতী