চিৰ যুগমীয়া পুৰণি গীতবোৰৰ আঁৰৰ কথাৰে The SongPedia

চিৰ যুগমীয়া পুৰণি গীতবোৰৰ আঁৰৰ কথাৰে The SongPedia

Monday February 29, 2016,

4 min Read

অতীতৰ সেই ৰাতিপুৱাবোৰলৈ মনত পৰেনে ? ৰাতিপুৱাৰ ব্যৱস্ততা আৰু দৌৰা দৌৰিৰ মাজতে টেপ ৰেকৰ্ডাৰটোত বাজি আছে পুৰণি হিন্দী গীত সমুহ আৰু আপোনাৰ ককা-আইতা ডুবি গৈছে অতীত সোঁৱৰণীৰ মাজত । বছৰ বাগৰি গল। সেই টেপ ৰেকৰ্ডাৰটোৰ ঠাইত এতিয়া আপোনাৰ হাতত মোবাইল ফোন। আৰু সেই গানবোৰ? প্ৰতিটো দিনেই আপোনাৰ নতুন প্ৰিয় গীতটো সলনি হৈছে। পুৰণি গীতবোৰ হেৰাই যোৱা যেন ভাব হৈছে নেকি কেতিয়াবা? তেনেহলে আপোৰ বাবেই আহিছে The SongPedia !

“ আমি হৈছো সংগীত প্ৰেমী আৰু প্ৰতিটো দিনতেই একোটা গীতে আমাৰ জীৱনত কি প্ৰভাৱ পেলাই তাৰেই বিশ্লেষণ কৰো আমি। আমি প্ৰায়েই সংগীত কিংবদন্তি বা তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সৈতে কথা বতৰা পাতোঁ আৰু আজি সকলোৱে জনা বহু কথা কাহিনীয়েই শুনোঁ। আমি অনুভৱ কৰিলো যে এই কথাবোৰ সংগীতৰ সমান্তৰালভাবে মানুহে জনা উচিত ” The SongPediaৰ সহ প্ৰতিস্থাপত দীপা বুটীয়ে কয়। এই ৱেবচাইটটোত সংগীতৰ সৈতে জড়িত প্ৰতিটো কথায়েই উপলব্ধ। পুৰণি দিনৰ পৰা নৱাগত শিল্পীগৰাকীলৈ তদুপৰি সংগীতৰ সৈতে জৰিত ষ্টাৰ্টআপৰ খবৰো ইয়াত উপলব্ধ।


image


আচলতে এই চিন্তাটোনো আহিল কেনেকৈ ?

৪০ বছৰীয়া দীপাই যেতিয়া তেওঁৰ সহ প্ৰতিস্থাপক এজন ধাৰাবাহিক উদ্যোগী তথা কাৰিকৰী ব্যক্তি ৪২বছৰীয়া বালকৃষ্ণ বিৰলাক তেওঁৰ গৃহ চহৰ নাগপুৰত এখন সংগীতৰ অনুস্থানত লগ পাইছিল, তেতিয়াই আচলতে এই কামৰ আৰম্ভণী। সংগীত সম্পৰ্কত কিছুমান কথা পাতি থাকোতে তেওঁলোকে অনুধাৱন কৰিছিলে যে বিভিন্ন তথ্য বিশ্বৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰিলে বেয়া নহ'ব।

দীপা হৈছে এগৰাকী সংগীতপ্ৰেমী যিয়ে সংগীতৰ গভীৰতাক উপলব্ধি কৰিব পাৰে। তাৰ লগে লগে বিৰলাই তেওঁৰ কাৰিকৰী জ্ঞানখিনি দীপাৰ সংগীত প্ৰেমৰ সৈতে সংযোগ কৰিলে। প্ৰতিভাৰ সঠিক ব্যৱহাৰেৰে দুয়োৱে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগীত আৰু গীত সম্পৰ্কত বিভিন্ন কথা ৱেবচাইটটোত লিখিব পৰা লোকক নিযুক্তি প্ৰদান কৰিলে। দলটোত দুগৰাকী পূৰ্ণকালিন লেখক থকাৰ লগতে পঢ়ুৱৈয়েও অংশকালিন লেখক হিচাপে অৱদান আগবঢ়ায়।

ৱেবচাইটটোত বিভিন্ন শীতান আছে। গীতৰ কাহিনী,সংগীত শিল্পীৰ কথা,তথ্য ভাণ্ডাৰ ,ষ্টাৰ্ট আপ আৰু ইভেন্ট আদি। বিজ্ঞাপনেই হৈছে ৱেবচাইটটোৰ মূল উপাৰ্জনৰ পথ। বৰ্তমান প্ৰতিমাহত ৱেবচাইটটোত এক মিলিয়নৰ চাৰিভাগৰ এভাগ ভিউ হৈ আছে। এই বছৰৰ এপ্ৰিললৈকে অতি কমেও ৫০০০ প্ৰৱন্ধ প্ৰকাশ কৰি প্ৰায় এক মিলিয়ন লোকৰ ভিউ প্ৰতিমাহতে লাভ কৰাৰ লক্ষ্য আগত লৈছে ৱেবচাইটটোৱে। এই কথা প্ৰতিস্থাপক সকলে সদৰি কৰে।


image


পিছে প্ৰতিযোগিতা ? যদিও অফলাইন কিছুমান আলোচনী আছে কিন্তু অনলাইন ক্ষেত্ৰখনত বৰ্তমান তেনেকুৱা কোনো প্ৰতিযোগিতাৰ সমুখিন হোৱা নাই বুলি প্ৰতিস্থাপকসকলে প্ৰকাশ কৰিছে। The SongPedia ই ইতিমধ্য ইন্টাৰনেটত সৰ্ববৃহৎ সংগীত সম্পৰ্কীয় আলোচনীৰ মৰ্যদা লাভ কৰিছে। ইয়াৰ কৃতিত্ব প্ৰতিস্থাপক সকলে তেওঁলোকে গঢ়ি তোলা লিখকৰ নেটৱৰ্কটোকে দিয়ে। এই নেটৱৰ্কে সংগীত বুজি পায় আৰু ৱেবচাইটটোলৈ বৰঙণী আগবঢ়ায়। এটা সঠিক নেটৱৰ্ক আৰু প্ৰযুক্তিৰে প্ৰতিস্থাপকসকলে এতিয়া এটা বৃহত মিডিয়া সংস্থালৈ ৰূপান্তৰিত হোৱাৰ সপোন দেখিছে।

The SongPediaৰ মূল গুৰুত্ব হল সংগীতৰ বিষয়বস্তু আৰু তথ্য ভাণ্ডাৰ। তদুপৰি নৱাগত গায়ক আৰু সংগীত শিল্পীৰ সন্ধানতো গুৰুত্ব দিয়ে। ৰিয়েলিটি শ্ব'ৰ জাকজমক সময়ত বিখ্যাত হোৱাটো অতি সহজ হৈ পৰিছে যদিও আটাইতকৈ কঠিন কামটোৱেই হৈছে স্থায়িত্ব। এই ৱেবচাইটটোৱে শিল্পীসকলৰ বিষয়ে বিভিন্ন লেখা প্ৰকাশ কৰি আৰু তেওঁলোকক বিভিন্ন ষ্টাৰ্ট আপ আৰু ইভেন্ট কোম্পানীৰ সৈতে যোগাযোগ কৰাই দি নৱাগত শিল্পীসকলৰ এই স্থায়ীত্বৰ সমস্যটো বহুখিনি সমাধান কৰাত সহায় কৰিছে।

“আমাৰ সংগীত জগতখনত সাধাৰণতে সৰহসংখ্যক বলিউড আৰু ভক্তিমূলক গীত বিক্ৰী হয়। আমি সেই পৰিবেশটো সলনি কৰিব বিচাৰো। আমি বহুতো নতুন শিল্পীক উৎসাহ প্ৰদান কৰিব বিচাৰোঁ যিয়ে মৌলিক সংগীত সৃষ্টি কৰি আছে। বহুতো শিল্পীয়ে ওৰেতো জীৱন সংগীত শিল্প সাধনাত ব্ৰতী হৈ থাকে কিন্তু ভাল কৰ্প'ৰেট কনট্ৰেক্ট লাভ নকৰে। আমাৰ দেশত ভাল পেছাদাৰী শিল্পী-প্ৰতিনিধি নথকাটোও সমগ্ৰ বিষয়টো জটিল হৈ থকাৰ কাৰণ। ”

The SongPediaই শিল্পীসকলে নিজৰ মূল সৃষ্টিৰাজি কোনো ইভেন্ট কোম্পানী বা কোনো গ্ৰুপক বিক্ৰী কৰাটো নিবিচাৰে। সংগীত আৰু ষ্টাৰ্ট আপৰ সম্পৰ্কত লিখা মেলা কৰাৰ সমান্তৰালকৈ The SongPediaৰ দলটোৱে এটা এনেকুৱা ষ্টুডিঅ' সাজি উলিয়াব বিচাৰিছে যত শিল্পীসকলে নিজৰ মৌলিক গীতসমুহ ৰেকৰ্ড কৰিব পাৰিব আৰু এক বৃহৎ সংখ্যক সংগীত প্ৰেমীৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হব।


image


আগলৈ আৰু কিমান বাট

এই ৱেবচাইটটোৰ বিভিন্ন স্তৰৰ দৰ্শক শ্ৰোতা পাঠক থকাৰ লগতে প্ৰতিজন সংগীত প্ৰেমীৰ বাবে বিশেষ কিবা এটা আছে। কিন্তু প্ৰকৃততে প্ৰতিস্থাপকে কিহত অধিক গুৰুত্ব প্ৰদান কৰিছে?

“আমি সংগীত ক্ষেত্ৰত অনলাইন মিডিয়া হ'ব বিচাৰোঁ। সহজ ভাষাত কবলৈ গলে আমি সংগীত জগতৰ YourStory হব বিচাৰোঁ ,” দীপাই কয়।

যি সময়ত আজিৰ হিট গীতটো কাইলৈ হিট হৈ নাথাকে আৰু আপুনি ভোট দি জয়যুক্ত কৰা কালিৰ ৰিয়েলিটি শ্বৰ তাৰকাজন আজি কৰবাত হেৰাই গৈছে, The SongPediaই স্থায়িত্বৰ সুবাস লৈ এচাটি মলয়া বতাহ হৈ আহিছে আৰু আমাৰ ককা আইতাই আজিও গুণগুনাই নষ্টালজিক হৈ পৰা তাহানিৰ সেই পুৰণি চিৰযুগমীয়া গীতসমুহৰ দৰে সদায় বুকুত বাজি থকাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। 

মূলঃপ্ৰতীক্ষা নায়ক

অনুবাদঃপ্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ধনৰ নাম জয়ৰাম, ধনে সাধে সর্বনাম: এজন ধাৰাবাহিক উদ্যমীৰ কথা

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক